অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ষ্টীভ জব্‌ছ

ষ্টিভেন পল জব্‌চ (Steven Paul Jobs, জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৫৫ - মৃত্যু ৫ অক্টোবৰ, ২০১১) এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক। তেখেত এপল ইন্‌ক. (Apple Inc.)-ৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদতো অধিষ্ঠিত আছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১,১৫৪ শব্দ · ৬ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ষ্টিভেন পল জব্‌চ (Steven Paul Jobs, জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৫৫ - মৃত্যু ৫ অক্টোবৰ, ২০১১)১২৩ এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক। তেখেত এপল ইন্‌ক. (Apple Inc.)-ৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদতো অধিষ্ঠিত আছিল।৪৫৬ পিক্সাৰ এনিমেছন ষ্টুডিঅ'ৰ (Pixar Animation Studio) মুখ্য-কাৰ্য্যবাহী বিষয়াৰ পদো এখেতে অলংকৃত কৰিছিল। ২০০৬ চনত এখেত ৱাল্ট ডিজনী কোম্পানীৰ পৰিচালক মণ্ডলীৰ সভ্য হৈছিল। তেখেত 'টয় ষ্ট'ৰী' (Toy Story, ১৯৯৫) নামৰ এনিমেছন ছবি খনৰ কাৰ্য্যকৰী প্ৰযোজক আছিল। ৭

সত্তৰৰ দশকৰ শেষৰ ফালে ষ্টিভ জব্‌চে এপল কোম্পানীৰ সহ-প্ৰতিষ্ঠাতা ষ্টিভ ৱজনিয়াক (Steve Wozniak) আৰু মাইক মেৰকুলা (Mike Markkula)-ৰ৪ সতে লগ-লাগি প্ৰথমটো ব্যৱসায়িক ভাৱে সফল ব্যক্তিগত কম্পিউটাৰ 'এপল ২ ছিৰিজ'ৰ নিৰ্মাণ কৰে। ১৯৮০-ৰ দশকৰ প্ৰথম ভাগত জব্‌ছেই প্ৰথমে মাউছেৰে চলোৱা GUI সম্বলিত কম্পিউটাৰ চালনা ব্যৱস্থাৰ ব্যৱসায়িক সফলতাৰ সম্ভাৱনা অনুমান কৰে, আৰু সেই সম্ভাৱনাৰেই বজাৰলৈ উলিয়ায় মেকিণ্টোছ নামৰ কম্পিউটাৰ।৮৯

পৰিচালন মণ্ডলীৰে হোৱা মতান্তৰৰ ফলস্বৰূপে জব্‌চে ১৯৮৫ চনত 'এপল' কোম্পানীৰ পৰা অব্যাহতি লয়১০১১ আৰু NeXT নামে আন এটা কোম্পানীৰ পট্টন কৰে। এই কোম্পানীয়েও কম্পিউটাৰৰ পৰিচালন প্ৰণালী (computer platform) বিকাশৰ কাম কৰিছিল আৰু ঘাইকৈ ব্যৱসায়িক আৰু উচ্চ-শিক্ষাৰ কেন্দ্ৰৰ বাবে কাম কৰিছিল। ১৯৯৬ চনত 'এপল কোম্পানী'য়ে NeXT-ক কিনি লোৱাৰ পাছত জব্‌চ আকৌ 'এপল'-ৰ মাজলৈ আহে, আৰু ১৯৯৭ চনত তাৰে মুখ্য কাৰ্য্যবাহী বিষয়া (CEO) ৰ পদত অধিষ্ঠিত হয়। ২০১১ চনলৈ তেখেতে এই পদত কাম কৰি যায়। ১৯৮৬ চনত তেখেতে 'লুকাছ ফিল্ম লিমিটেডৰ কম্পিউটাৰ গ্ৰাফিক্স অংশ কিনি লয় আৰু তাকেই 'পিক্সাৰ এনিমেছন ষ্টুডিঅ' হিচাপে গঢ় দিয়ে।১২ তেখেতে এই কোম্পানীৰ ৫০.১% ছেয়াৰৰ অংশ লৈ ইয়াৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদত থাকে। ২০০৬ চনত পিক্সাৰ ৱাল্ট ডিজনী কোম্পানীয়ে কিনি লয়।১৩ কোম্পানিৰ এটা ডাঙৰ অংশ (৭%) হাতত থকা হেতুকে জব্‌চ ডিজনী-ৰ পৰিচালন মণ্ডলীৰ সদস্য হয়।১৪১৫১৬

২০১১ চনৰ ২৪ আগষ্ট তাৰিকে ষ্টিভ জব্‌চে 'এপল'-ৰ CEO পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে। জব্‌চে 'টিম কুক' (Tim Cook)-ক তেখেতৰ উত্তৰসূৰী হিচাপে মনোনীত কৰে। ইয়াৰ পাছত জব্‌চক এপল-ৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ নিযুক্ত কৰা হয়।১৭১৮১৯২০

৫ অক্টোবৰ ২০১১ তাৰিখে 'এপল'-ৰ ফালৰপৰা ষ্টিভ জব্‌চৰ মৃত্যুৰ খবৰ দিয়া হয়।৩২১ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৬ বছৰ।২২ ষ্টিভ জব্‌চে কাৰ্য্যক্ষম আৰু একেসময়তে দৃষ্টি-নন্দন আহিলা তৈয়াৰ কৰাত গুৰুত্ব দিছিল। সেইবাবেই তেখেতে বহুতো অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।২৩

জীৱনৰ আগছোৱা

World Wide Developers Conference 07 (WWDC)-ত ষ্টিভ জব্‌ছ
World Wide Developers Conference 07 (WWDC)-ত ষ্টিভ জব্‌ছছবি: Acaben, cropped by Kyro · CC BY-SA 2.0

ষ্টিভ জব্‌চৰ জন্ম হৈছিল ছান ফ্ৰান্সিছ্‌কো নগৰত তেখেতক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল কেলিফৰ্নিয়াৰ পল আৰু ক্লাৰা জব্‌চে।২৪ তেওঁলোকে তেখেতৰ নামকৰণ কৰিছিল ষ্টিভেন পল। ক্লাৰা দম্পতীয়ে পাছলৈ পেটী নামে এগৰাকী ছোৱালীও তুলি লৈছিল।

ষ্টিভ জব্‌চৰ প্ৰকৃত পিতৃৰ নাম আছিল আব্দুলফতেহ জন জন্দালি (Abdulfattah John Jandali),২৫ এগৰাকী ছিৰিয়াদেশীয় ইছলামধৰ্মী নাগৰিক আছিল।২৬ তেখেতে পাছলৈ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক হৈছিল।২৭ জব্‌চৰ প্ৰকৃত মাতৃ আছিল 'জোৱান ছিম্পছন', এগৰাকী আমেৰিকান স্নাতক ছাত্ৰী২৬। এখেত পাছলৈ এগৰাকী 'কথা আৰু ভাষা বিষয়ক ৰোগৰ বিশেষজ্ঞা' (Speech Language Pathologist) হৈছিল২৮। জব্‌চৰ প্ৰকৃত পিতৃ-মাতৃ পাছলৈ বিবাহ-পাশত আবদ্ধ হয়, আৰু তেওঁলোকৰ ফালৰপৰা জব্‌চৰ নিজা ভনীয়েক 'ম'না ছিম্পছন' (Mona Simpson)ৰ জন্ম হয়। এখেত এগৰাকী উপন্যাস লেখিকা।২৯৩০৩১৩২৩৩৩৪

জব্‌চে কেলিফৰ্নিয়াৰ কাপাৰটিনো জুনিয়ৰ হাইস্কুল (Cupertino Junior High School) আৰু হোমষ্টীড হাই স্কুল (Homestead High School)-ত শিক্ষাগ্ৰহণ কৰিছিল।২৩ তেখেতে প্ৰায়েই স্কুলৰ পাছত হিউলেট-পেকাৰ্ড কোম্পানী (Hewlett-Packard Company)-য়ে প্ৰদান কৰা আলোচনা শুনিবলৈ গৈছিল। তাতেই তেখেতে প্ৰথম গৰম বন্ধৰ চাকৰিত সোমাইছিল। তাতেই লগ পাইছিল ষ্টিভ ৱজনিয়াক-ক। ৩৫

১৯৭২ চনত হাইস্কুলৰ শিক্ষা সাং কৰি জব্‌চে পোৰ্টলেণ্ড, অ'ৰিগন'-ৰ ৰীড কলেজ (Reed College)-ত ভৰ্তি হয়। কিন্তু এটা ছেমিষ্টাৰৰ পাছতেই তেওঁ কলেজীয়া শিক্ষা বাদ দিয়ে।৩৬

অৱশ্যে তেখেতে 'বিদ্যায়তনিক হিচাপৰক্ষা' (Academic Auditing)-ৰ শ্ৰেণীত উপস্থিত থাকিছিল। ৰাতি প্ৰায়েই বন্ধু-বান্ধৱৰ কোঠাৰ মজিয়াত শুইছিল। খালী "ক'ক" (Coke)-ৰ বটল ওভতাই দি টকা অৰ্জন কৰিছিল আৰু স্থানীয় হৰে কৃষ্ণ মন্দিৰত সপ্তাহত শেষত বিনামূলীয়া ভোজন কৰিছিল।১১

১৯৭৪ চনত জব্‌চে কেলিফৰ্নিয়ালৈ উভতি আহে আৰু Homebrew Computer Club-ৰ বৈঠকত ষ্টিভ ৱজনিয়াকৰ সৈতে নিয়মীয়াকৈ যোগ দিবলৈ ধৰে। তেওঁ Atari নামৰ এটা জনপ্ৰিয় ভিডিঅ' গেম নিৰ্মাণ কৰা কোম্পানীৰ চাকৰি লয়। অৱশ্যে তেখেতৰ মূল উদ্দেশ্য আছিল আধ্যাত্মিক উন্নয়নৰ বাবে ভাৰতলৈ যাত্ৰা কৰাৰ বাবে ধন সঞ্চয় কৰা।

জব্‌চে সেই বছৰেই ভাৰতলৈ আহে 'নীম কৰোলী বাবা'-ক লগ ধৰিবলৈ।৩৭ ৰীড কলেজৰ এগৰাকী সহপাঠী, ডেনিয়েল কোট্‌কে-ৰ (ডেনিয়েল কোট্‌কে 'এপল' কোম্পানীৰ প্ৰথম গৰাকী কৰ্মচাৰী আছিল) সৈতে জব্‌চ আহি 'নীম কৰোলী বাবা'ৰ কাইঞ্ছি আশ্ৰমত উপস্থিত হয়। ভাৰতৰপৰা উভতি যোৱাৰ সময়ত তেখেতে পাৰম্পৰিক ভাৰতীয় পোছাক পৰিধান কৰিছিল আৰু বৌদ্ধ ধৰ্মত দীক্ষিত হৈছিল।৩৮৩৯

এই সময়তে জব্‌চে ইন্দ্ৰিয় উত্তেজক মাদক দ্ৰব্য (psychedelic drug) ব্যৱহাৰ কৰিছিল। LSD ব্যৱহাৰ কৰি হোৱা আভিজ্ঞতাক তেখেতে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিজ্ঞতা বুলি উল্লেখ কৰি গৈছে।৪০

তেখেতে উল্লেখ কৰি গৈছে যি সকলে তেখেতৰ দৰে বিপৰীতমুখী বিভিন্ন সংস্কৃতিৰ আওভাও পোৱা নাই তেওঁলোকে তেখেতৰ চিন্তাৰ আঁত ৰাখিব নোৱাৰিব।৪০

উভতি আহি জব্‌চে আকৌ Atari কোম্পানীত যোগ দিয়ে আৰু তেখেতক Breakout নামৰ গেম বিধৰ circuit board-খন নকৈ সজাৰ দায়িত্ব দিয়ে। Atari-ৰ প্ৰতিষ্ঠাতাৰ মতে সেই বোৰ্ডৰপৰা প্ৰতিটো চিপ কমোৱাৰ বাবে জব্‌চক এশ ডলাৰকৈ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। জব্‌ছৰ এই বিষয়ত সিমান আগ্ৰহ নাছিল, সেয়ে ষ্টিভ ৱজনিয়াকৰ লগত চুক্তি কৰিছিল যে ৱজনিয়াকে মূল কামখিনি কৰিব, আৰু মাননিখিনি দুয়োজনে সমানে ভগাই লব। ৱজনিয়াকে মূল বোৰ্ডখনৰপৰা ৫০-টা চিপ কমাবলৈ সক্ষম হৈছিল। কিন্তু সেইখন ইমানেই সংকীৰ্ণ আছিল যে তাক নিৰ্মাণ কৰা সম্ভৱ নাছিল। জব্‌চে ৱজনিয়াকক কয় যে Atari-য়ে মাত্ৰ ৭০০ ডলাৰহে দিলে (আচলতে পাবলগীয়া আছিল ৫০০০ ডলাৰ), গতিকে ৱজনিয়াকে ৩৫০ ডলাৰহে পাব।৪১৪২৪৩৪৪৪৫৪৬

কৰ্মজীৱন

এপল কম্পিউটাৰ (Apple Computer)

২০০৭ চনত]]

১৯৭৬ চনত ষ্টীভ জব্‌চ, ষ্টীভ ৱজনিয়াক আৰু ৰ'নাল্ড ৱেইন-এ এপল কম্পিউটাৰ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। এই প্ৰতিষ্ঠানত কম্পিউটাৰ নিৰ্মাণ কৰি বিক্ৰী কৰা হৈছিল। ৱজনিয়াক আৰু জব্‌চ-ৰ বন্ধুত্ব হৈছিল ১৯৭১ চনত, উমৈহতীয়া বন্ধু বিল ফাৰ্নান্দেজৰ জৰিয়তে। জব্‌চে ৱজনিয়াকক ব্যৱসায়ত যোগ দিবলৈ উদ্বুদ্ধ কৰে।

১৯৮০ চনৰ প্ৰথম বছৰকেইটাত জেৰক্স কোম্পানীৰ মাউছ-ৰে চলোৱা GUI-ৰপৰা প্ৰেৰণা লৈ জব্‌চে 'এপল লিছা' (Apple Lisa) নাম দি প্ৰথম কম্পিউটাৰ বজাৰলৈ উলিয়ায়। তাৰ এবছৰ পাছত বজাৰলৈ অনা হয় মেকিণ্টোছ। GUI সম্বলিত প্ৰথমটো ব্যৱসায়িক ভাৱে সফল কম্পিউটাৰ আছিল 'মেকিণ্টোছ'।

১৯৮৫ চনত 'এপল কোম্পানী'ৰ মুখ্য কাৰ্যবাহী বিষয়া জন স্কালি-ৰ লগত হোৱা মতবিৰোধৰ পৰিণতি স্বৰূপে, জব্‌চক প্ৰশাসনীয় দায়িত্বৰপৰা অব্যাহতি দিয়া হয়। ইয়াৰ পাঁচমাহ পাছত ষ্টীভে এপল কোম্পানীৰপৰা অব্যাহতি লয় আৰু 'নেক্ট' (NeXT) নামৰ আন এটা কোম্পানী খোলে।

পাছত জব্‌চে মন্তব্য কৰিছিল যে এপল কম্পিউটাৰৰপৰা বহিস্কৃত হোৱাটো তেখেতৰ জীৱনত ঘটা আটাইতকৈ ভাল ঘটনা। সফলতাৰ বোজাৰ সলনি ন-শিকাৰুৰ উদ্যমেৰে আকৌ এবাৰ আৰম্ভ কৰিবলৈ তেখেতে নতুন সাহস পাইছিল। সেই সময়ছোৱাতেই তেখেত হেনো আটাইতকৈ বেছি সৃজনীশীল হৈ আছিল।১১

তথ্য সমল

বহিঃসংযোগ

প্ৰবন্ধসমূহ

সাক্ষাৎকাৰ

তথ্যসূত্ৰ

  1. ↑ (October 5, 2011). Steve Jobs, Apple founder, dies. CNN
  2. ↑ (October 5, 2011). Statement by Apple's Board of Directors. Apple Inc
  3. ↑ (October 5, 2011). Remembering Steve Jobs. Apple Inc
  4. ↑ Markoff, John. (September 1, 1997). An 'Unknown' Co-Founder Leaves After 20 Years of Glory and Turmoil. The New York Times
  5. ↑ (August 24, 2011). Steve Jobs Resigns as CEO of Apple. Apple Inc
  6. ↑ Ovide, Shira. (August 24, 2011). Steve Jobs Resigns as Apple CEO. The Wall Street Journal
  7. ↑ IMDB, "Toy Story" Credits
  8. ↑ Kahney, Leander. (January 6, 2004). Wired News: We're All Mac Users Now. Wired News
  9. ↑ America's Most Admired Companies: Jobs' journey timeline. CNNMoney.com Jobs and a team of engineers visit Xerox PARC, where they see a demo of mouse and graphical user interface
  10. ↑ Vivek Kaul. (May 11, 2009). What Steve Jobs did when he was fired from Apple. DNA (newspaper)
  11. ↑ (June 14, 2005). 'You've got to find what you love,' Jobs says. Stanford Report"I didn't see it then, but it turned out that getting fired from Apple was the best thing that could have ever happened to me"
  12. ↑ Pixar History – 1986. Pixar
  13. ↑ (2006). Apple — Press Info — Bios — Steve Jobs. Apple Inc.
  14. ↑ The Walt Disney Company — Steve Jobs Biography
  15. ↑ Holson, Laura M. (January 25, 2006). Disney Agrees to Acquire Pixar in a $7.4 Billion Deal. The New York Times
  16. ↑ (May 6, 2006). Pixar Becomes Unit of Disney. The New York Times. Associated Press
  17. ↑ http://www.beautymania.biz/2011/08/entertainment-paradise-steve-jobs.html
  18. ↑ (August 25, 2011). Steve Jobs resigns as Apple CEO. The Guardian
  19. ↑ http://www.apple.com/pr/library/2011/08/24Letter-from-Steve-Jobs.html
  20. ↑ http://www.apple.com/pr/library/2011/08/24Steve-Jobs-Resigns-as-CEO-of-Apple.html
  21. ↑ (October 5, 2011). Apple Co-founder Steve Jobs dies at 56.. BeautyMania.biz
  22. ↑ (October 5, 2011). Steve Jobs: Apple Announces Former CEO Steve Jobs Has Died. Chicago Tribune
  23. ↑ Cringely, Robert X. (April 1, 2004). Steve Jobs – Apple Computer, Pixar. Inc. Magazine
  24. ↑ «Mother: Clara Hagopian (adoptive mother, accountant)» – Steve Jobs biography at NNDB
  25. ↑ Steve Jobs' Father Regrets Adoption, Hasn't Met Apple Founder
  26. ↑ Sherman, Suzan. BOMB Magazine: Mona Simpson by Ameena Meer. Bombsite.com
  27. ↑ Smith, David. (January 29, 2006). The non-stop revolutionary. The Guardian
  28. ↑ Lohr, Steve. (January 12, 1997). Creating Jobs. The New York Times
  29. ↑ Alan Deutschman, Richard Siklos, Heather Halberstadt, John Brodie, Duff McDonald, Craig Offman and Richard Rushfield, "The New Establishment 2005: The 50 Most Powerful Leaders of the Information Age", Vanity Fair, October 1, 2005
  30. ↑ Andy Behrendt, "Apple Computer mogul's roots tied to Green Bay", Green Bay Press-Gazette, December 4, 2005
  31. ↑ David Smith, "The non-stop revolutionary", The Observer (U.K.), January 26, 2006
  32. ↑ Rob Waugh, additional reporting by Paul Henderson, "iGod—how Apple went bad, and made billions from doing it", Daily Mail (U.K.), April 30, 2008
  33. ↑ "Steve Jobs, Apple's iGod: Profile", Telegraph (U.K.), January 14, 2009
  34. ↑ Elkind, Peter. (March 4, 2008). The trouble with Steve Jobs. CNN
  35. ↑ Biography: Steve Jobs. The Apple Museum
  36. ↑ Campbell, Duncan. (June 8, 2004). The Guardian Profile: Steve Jobs. The Guardian
  37. ↑ (2008-06-09). Il santone della Silicon Valley che ha conquistato i tecno-boss. Repubblica.it
  38. ↑ Andrews, Amanda. (January 14, 2009). Steve Jobs, Apple's iGod: Profile. The Daily Telegraph
  39. ↑ (January 11, 2009). Steve Jobs profile: Apple's hard core. News scotsman
  40. ↑ John Markoff. (2005). What the Dormouse Said: How the Sixties Counterculture Shaped the Personal Computer Industry. Penguin. পৃ. preface xix. ISBN 978-0-14-303676-0
  41. ↑ Letters – General Questions Answered, Woz.org
  42. ↑ Wozniak, Steven: "IWoz", a: pages 147–148, b: page 180. W. W. Norton, 2006. ISBN 978-0-393-06143-7
  43. ↑ Kent, Stevn: "The Ultimate History of Video Games", pages 71–73. Three Rivers, 2001. ISBN 0-7615-3643-4
  44. ↑ (September 29, 2007). Player 2 Stage 1: The Coin Eaters. Thedoteaters.com
  45. ↑ (June 25, 2002). Breakout. Arcade History
  46. ↑ Classic Gaming: A Complete History of Breakout. Classicgaming.gamespy.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টীভ জব্‌ছ” প্ৰবন্ধৰ সংশোধন ৬৪০২৫৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।