অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বব ডিলন

বব ডিলন (Bob Dylan) (জন্মগত নাম ৰবাৰ্ট এলেন জিমাৰম্যান, মে ২৪, ১৯৪১) এজন আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি যি পাঁচ দশক ধৰি জনপ্ৰিয় ধাৰাৰ সঙ্গীতৰ অন্যতম প্ৰধান ব্যক্তি হিচাবে সুপৰ্ৰিচিত। ডিলনৰ শ্ৰেষ্ঠ গানসমূহৰ মাজত অনেকবোৰ ১৯৬০ দশকত ৰচিত হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,৩০৮ শব্দ · ৭ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বব ডিলন (Bob Dylan) (জন্মগত নাম ৰবাৰ্ট এলেন জিমাৰম্যান, মে ২৪, ১৯৪১) এজন আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি যি পাঁচ দশক ধৰি জনপ্ৰিয় ধাৰাৰ সঙ্গীতৰ অন্যতম প্ৰধান ব্যক্তি হিচাবে সুপৰ্ৰিচিত। ডিলনৰ শ্ৰেষ্ঠ গানসমূহৰ মাজত অনেকবোৰ ১৯৬০ দশকত ৰচিত হৈছে। এসময়ত তেওঁ আমেৰিকান অস্থিৰতাৰ প্ৰতীক হিচাবে বিবেচিত হয়। তেওঁৰ কিছু গান, যেনে "Blowin' in the Wind" and "The Times They Are a-Changin'",১ যুদ্ধবিৰোধী জাতীয় সঙ্গীত হিচাবে জনপ্ৰিয়তা পাইছে আৰু ১৯৫৫-১৯৬৮ চনৰ আমেৰিকান নাগৰিকৰ অধিকাৰ আন্দোলনৰ প্ৰতীক হিচাবে বিবেচিত হৈছে। তেওঁৰ সৰ্বশেষ এলবা‍ম, Christmas In The Heart(২০০৯), মুক্তি পাইছে।২ ৰোলিং ষ্টোন মেগাজিনে পৰবৰ্তীকালত বছৰৰ এলবাম হিচাবে সম্মানিত কৰিছে।

ডিলনৰ প্ৰথমৰফালৰ গানৰ কথা আছিল মূলত: ৰাজনীতি, সমাজ, দৰ্শন আৰু সাহিত্যিক প্ৰভাৱ সম্বলিত। এইবিলাক তেতিয়াৰ জনপ্ৰিয় ধাৰাৰ কথিত নিয়ম বহিৰ্ভূত আছিল আৰু এই ধাৰাৰ বিপৰীত হিচাবে ধৰা হৈছিল। নিজস্ব সঙ্গীত ধাৰাৰ প্ৰসাৰৰ লগতে তেওঁ আমেৰিকাৰ বিভিন্ন ঐতিহ্যবাহী সঙ্গীতৰ প্ৰতিও আকৰ্ষণ অনুভৱ কৰিছিল। তেওঁ আমেৰিকান লোকগীত আৰু কাণ্ট্ৰি/ব্লুজৰ পৰাও ৰক এণ্ড ৰোল, ইংৰাজী, স্কটিছ, আইৰিছ লোকগীত, আনকি জ্যাজ সঙ্গীত, চুইং, ব্ৰডৱে, হাৰ্ডৰক আৰু গচপেলতো গাইছিল।

ডিলনে সাধাৰণতে গীটাৰ, কী-ব’ৰ্ড আৰু হাৰমনিয়াম বজায় গান গাইছিল। ১৯৮০ দশকৰ পৰা কিছু সংগীতজ্ঞক লগত লৈ তেওঁ নিয়মিতভাৱে বিভিন্ন ঠাইত সঙ্গীতৰ বাবে ভ্ৰমণ কৰে যিটো তেওঁৰ ভাষাত "নেভাৰ এণ্ডিং ট্যুৰ" আছিল। তেওঁ অনেক বিখ্যাত শিল্পীৰ লগত একেলগে কাম কৰিছে, যেনে, দ্য ব্যাণ্ড, টম পেটি, জোয়ান বায়েজ, জৰ্জ হ্যাৰিচন, দ্য গ্ৰেটফুল ডেড, জনি ক্যাছ, উইলি নেলচন, পল চিমন, এৰিক ক্ল্যাপটন, প্যাটি স্মিথ, ইউ২, দ্য ৰোলিং ষ্টোনচ, জনি মিচেল, জ্যাক হোয়াইট, মাৰ্লে হ্যাগাৰ্ড, নেইল ইয়ং, ভ্যান মৰিচন, ৰিঙ্গো ষ্টাৰ আৰু ষ্টিভি নিকচ। যদিও তেওঁৰ কেৰিয়াৰত গায়ক হিচাবেই তেওঁ বেছি পৰিচিত আৰু সফল হৈছে, তথাপি গীতিকাৰ হিচাবেহে তেওঁৰ অৱদানক বেছি মূল্য দিয়া হয়।৩

তেওঁৰ ৰেকৰ্ডৰ ফলত তেওঁ গ্ৰেমি এৱাৰ্ড, গোল্ডেন গ্লোব আৰু অকাডেমি পুৰস্কাৰ লাভ কৰিছে আৰ ৰক এণ্ড ৰোল হল অব ফেম, ন্যাছভিল চংৰাইটাৰ্চ হল অব ফেম, আৰু চংৰাইটাৰ্চ হল অব ফেম ত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। টাইম মেগাজিনৰ দ্বাৰা প্ৰকাশিত বিংশ শতাব্দীৰ শ্ৰেষ্ঠ ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত তেওঁৰ নাম আছে। ২০০৪ চনত ৰোলিং ষ্টোন মেগাজিনত প্ৰকাশিত সৰ্বকালৰ শ্ৰেষ্ঠ ১০০ গায়কৰ তালিকাত দ্য বিটলচৰ পাছত বব ডিলনে দ্বিতীয় স্থান দখল কৰিছে।৪ ১৯৯০ চনৰ জানুৱাৰীত ডিলনক ফৰাচী সংস্কৃতি মন্ত্ৰী জ্যাক ল্যাঙে কমাণ্ডাৰ দেচ আৰ্টচ এট দেচ লেটাৰ্চ উপাধিৰে ভুষিত কৰে; ২০০০ চনত ৰয়েল চুইডিছ অকাডেমি অব মিউজিকে তেওঁক পোলাৰ মিউজিক পুৰস্কাৰ প্ৰদান কৰে৫; আৰু ২০০৭ চনত ডিলনক সংস্কৃতিত প্ৰিন্স অব অষ্ট্ৰিয়াচ পুৰস্কাৰ প্ৰদান কৰা হয়। তেওঁ কেইবাবাৰো নোবেল সাহিত্য পুৰস্কাৰ ৰ বাবে মনোনীত হৈছে।৬৭৮

অৱশেষত তেওঁক "আমেৰিকান গীত পৰম্পৰাত এক নতুন কাব্যিক ধাৰা সৃষ্টি কৰাৰ বাবে" ২০১৬ চনত সাহিত্যৰ ন'বেল বঁটা প্ৰদান কৰা হয়।

জীৱন আৰু কেৰিয়াৰ

উৎপত্তি আৰ সঙ্গীতৰ আৰম্ভণি

ৰবাৰ্ট এলেন জিমাৰম্যান (ইহুদী নাম: শাবতাই জিচেল বেন আভ্ৰাহাম)৯ জন্ম গ্ৰহণ কৰিছিল ১৯৪১ চনৰ ২৪ মে মিনেচ’টাৰ ডুলুথত।১০ তেওঁ ডুলুথ আৰু হিবিং অঞ্চলত ডাঙৰ দীঘল হয় লেক চুপিৰিয়ৰৰ পাৰ্শ্বৱৰ্তী মেচাবী আয়ৰন ৰেঞ্জ অঞ্চলত। লেখকসকলে ডিলনৰ জীৱনী গৱেষণা কৰি পাইছে যে তেওঁৰ ককা-আইতা জিগম্যান আৰু আনা জিমাৰম্যান ইউক্ৰেনৰ ওডেচাৰ পৰা আহি ১৯০৫ চনৰ ফালে আমেৰিকাত বসতি স্থাপন কৰিছিল। তেওঁৰ মাতৃকুলৰ ককা-আইতা বেঞ্জামিন আৰু লিব্বা এডেলষ্টেইন আছিল লিথুয়ানীয় ইহুদী। তেওঁলোক আমেৰিকালৈ আহে ১৯০২ চন মানত।১১ (তেওঁৰ ২০০৪ চনৰ আত্মজীৱনী, ক্ৰনিকলচ, প্ৰথম খণ্ড ত, ডিলনে লিখিছে যে তেওঁৰ পিতামহীৰ কুমাৰী নাম আছিল কিৰগিজ আৰু তেওঁৰ পৰিয়ালৰ ইস্তানবুল পৰা উত্থান হৈছিল, যদিও তেওঁ ডাঙৰ দীঘল হৈছিল তুৰস্কৰ কাগিজমান অঞ্চলত। তেওঁ আৰু লিখিছে যে তেওঁৰ পিতামহ তুৰস্কৰ কৃষ্ণ সাগৰ উপকূলৱৰ্তী ট্ৰাবজন অঞ্চলৰ পৰা আহিছিল।১২)

তেওঁৰ পিতৃ-মাতৃ অ্যাব্ৰাম জিমাৰম্যান আৰু বেয়াট্ৰিচ "বেটি" ষ্টোন আছিল অঞ্চলৰ ক্ষুদ্ৰ ইহুদী সমাজৰ সদস্য। সাত বছৰ বয়স পৰ্যন্ত জিমাৰম্যানে ডুলুথত বাস কৰিছিল। তেওঁ পিতৃ পলিঅ’ত আক্ৰান্ত হোৱাত তেওঁৰ পৰিয়াল হিবিং অঞ্চললৈ স্থানান্তৰিত হয়, য’ত জিমাৰম্যানে তেওঁ শৈশৱৰ বাকী দিনবিলাক কটাইছিল।১৩ ববৰ ল’ৰালিকালৰ বন্ধু অ্যাব্ৰামে তেওঁৰ বৰ্ণনাত কৈছিল যে তেওঁ কঠোৰ স্বভাৱৰ আৰু ৰুঢ় আছিল। কিন্তু ডিলনৰ মাক আছিল কোমল আৰু বন্ধুত্বপূৰ্ণ স্বভাৱৰ।১৪

জিমাৰম্যানে যৌবনৰ ভালেখিনি সময় ৰেডিঅ শুনি কটাইছিল — প্ৰথমতে তেওঁ শুনিছিল ব্লুজ আৰু কাণ্ট্ৰি গান যিবোৰ শ্ৰেভেপোৰ্টৰ পৰা প্ৰচাৰিত হৈছিল। পৰৱৰ্তীকালত তেওঁৰ আগ্ৰহ প্ৰথমাৱস্থাৰ ৰক এণ্ড ৰোল সঙ্গীতৰ ফালে ঢাল খায়।১৫ উচ্চ বিদ্যালয়ত থকাৰ সময়ত তেওঁ কেইবাটাও বেণ্ড গঠন কৰিছিল। প্ৰথম বেণ্ড "দ্য ছেদো ব্লাষ্টাৰ্চ" বেছিদিন নিটিকিল। পৰৱৰ্তী বেণ্ড "দ্য গোল্ডেন কৰ্ডচ" কিছুদিন টিকিছিল। বিদ্যালয়ৰ প্ৰতিভা বিকাশ প্ৰতিযোগিতাত তেওঁলোকে "ড্যানি এণ্ড দ্য জুনিয়ৰ্চৰ" 'ৰক এণ্ড ৰোল ইজ হেয়াৰ টু ষ্টে' গানটো ইমান জোৰে গাইছিল যে বিদ্যালয়ৰ অধ্যক্ষই মাইক্ৰোফোন বন্ধ কৰি দিছিল।১৬১৭ তেওঁৰ ১৯৫৯ চনৰ বিদ্যালয়ৰ বাৰ্ষিক আলোচনীত জিমাৰম্যানে তেওঁৰ আকাঙ্ক্ষাৰ বৰ্ণনা কৰিছিল "লিটল ৰিচাৰ্ডত যোগ দিয়া। "১৮ একেই বছৰতে তেওঁ এলষ্টনৰ গানত ছদ্মনামত দুবাৰ ডেট কৰে১৯ ববি ভি ৰ লগত পিয়ানো বজায় আৰু হাততালি দিয়ে।২০

১৯৫৯ চনৰ ছেপ্টেম্বৰ মাহত জিমাৰম্যানে ইউনিভাৰ্চিটি অব মিনেচ’টা ৰ ভৰ্তি হয় আৰু মিনিয়াপোলিচত বাস কৰিবলৈ আৰম্ভ কৰে। ৰক এণ্ড ৰোলত থকা তেওঁৰ প্ৰথমৰফালৰ উৎসাহৰ পৰা তেওঁ আমেৰিকান ফ’ক সঙ্গীতত, বিশেষকৈ যিবোৰ সঙ্গীতত একুষ্টিক গীটাৰ ব্যৱহৃত হয় তাৰ প্ৰতি আকৃষ্ট হয়। তেওঁ কয় যে, "যি প্ৰথম বিষয়টোৱে মোক ফ’ক সঙ্গীতৰ প্ৰতি আকৃষ্ট কৰিছিল সেইয়া হ’ল। মই এখন দোকানত তেওঁৰ ৰেকৰ্ডিং শুনিছিলো। তাৰপাছত তাৰ পৰাই মই মোৰ ইলেকট্ৰিক গীটাৰ আৰু এম্পলিফায়াৰ সলায় একুষ্টিক গীটাৰ আনো, এখন ফ্লেট-টপ গিবচন। "২১ তেওঁ হয়তো মিনেচ’টা ইউনিভাৰ্চিটিৰ মাৰ্ভিন কাৰ্লিন্সৰ ওচৰত গীটাৰৰ প্ৰশিক্ষণ লৈছিল।২২ শীঘ্ৰেই তেওঁ ১০ ও'ক্লক স্কলাৰ নামৰ এখন কফি হাউচত গান গাবলৈ আৰম্ভ কৰিলে। তেওঁ স্থানীয় ডিঙ্কিটাউন ফ’ক সঙ্গীত ঘৰানাৰ সক্ৰিয় সদস্য আছিল। তেওঁ ইয়াত ভ্ৰাতৃত্ববন্ধনত আবদ্ধ হৈছিল আৰু বিভিন্ন এলবাম ধাৰ কৰিছিল।২৩২৪

ডিঙ্কিটাউনত থকা অৱস্থাত জিমাৰম্যানে নিজকে বব ডিলন নামেৰে পৰিচয় দিবলৈ আৰম্ভ কৰে। তেওঁৰ আত্মজীৱনী ক্ৰনিকলচ'ত' (২০০৪) তেওঁ লিখিছে ঘৰৰ পৰা ওলায় যোৱাৰ পাছৰ পৰাই মই নিজকে ৰবাৰ্ট অ্যালেন নামেৰে মাতিবলৈ আৰম্ভ কৰিলো.... এইটো শুনিলে ভাৱ হয় যেন কোনোবা স্কটিছ ৰজাৰ নাম আৰু এই নামটো মই বৰ পছন্দ কৰিছিলো। তথাপি ডাউনবিট মেগাজিন পঢ়ি তেওঁ জানিব পাৰে যে ডেভিড অ্যালিন নামেৰে বাস্তৱত এজন চাক্সোফোন বাদকৰ অস্তিত্ব আছে। এসময়তে ডিলন থমাচৰ'' কবিতাৰ লগত তেওঁ পৰিচয় ঘটে। ৰবাৰ্ট জিমাৰম্যানে অনুভৱ কৰিছিল যে ৰবাৰ্ট অ্যালিন আৰু ৰবাৰ্ট ডিলনৰ মাজত যিকোনো এটা নাম তেওঁ বাচি লব লাগিব। শেষ পৰ্যন্ত ডিলনকেই তেওঁৰ পছন্দ হয়। তেওঁ নামৰ আগত কিয় বব যোগ কৰাৰ সিদ্ধান্ত ল’লে সেইয়া জনা নগ’ল কাৰণ সেই সময়ত জনপ্ৰিয় ধাৰাৰ অনেক শিল্পীৰ নামেই বব আছিল।২৫

গ্ৰন্থ সংযোগ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2004-04-11). Dylan 'reveals origin of anthem'. BBC news
  2. ↑ (2006-09-07). Dylan back on top at 65. ABC News
  3. ↑ (1999-06-04). Bob Dylan by Jay Cocks. Time magazine
  4. ↑ Bob Dylan. Robbie Robertson. Rolling Stone Issue 946. Rolling Stone
  5. ↑ (2000-05-01). Polar Music Prize, 2000. Polar Music Prize
  6. ↑ (1996-10-01). Dylan Formally Launched as Candidate for Nobel Prize. Expecting Rain
  7. ↑ (2007-03-07). Dylan and the Nobel by Gordon Ball. Journal of Oral Tradition
  8. ↑ (2004-10-06). Dylan's Words Strike Nobel Debate. CBS News
  9. ↑ Sounes, Down The Highway: The Life Of Bob Dylan, p.14
  10. ↑ Bob Dylan
  11. ↑ Sounes, Down The Highway: The Life Of Bob Dylan, p.12-13
  12. ↑ Dylan, Bob. (2004). "Chronicles, Volume One". Simon & Schuster. পৃ. 92–93. ISBN 0306812312
  13. ↑ Shelton, No Direction Home, 25–33
  14. ↑ Gill (with Kevin Odegard), Andy. (2004). "A Simple Twist of Fate: Bob Dylan and the Making of Blood on the Tracks". Da Capo. পৃ. 99. ISBN 0743230760
  15. ↑ Shelton, No Direction Home, 38–39
  16. ↑ Sounes, Down The Highway: The Life Of Bob Dylan, 29–37
  17. ↑ (2007-04-01). Early Zimmerman bands in 1950s including 1957 photo. Expecting Rain
  18. ↑ Shelton, No Direction Home, 39–43
  19. ↑ (2007-04-01). Gunnn, Elston. Expecting Rain
  20. ↑ Heylin, Bob Dylan: Behind the Shades Revisited, 26–27
  21. ↑ Playboy interview with Bob Dylan, March 1978
  22. ↑ Romancing the Clock, Marvin Karlins; Chapter 4, page 30
  23. ↑ Shelton, No Direction Home, 65–82
  24. ↑ No Direction Home. Paramount Pictures. Directed by Martin Scorsese. Released July 21 2005
  25. ↑ Dylan, Chronicles, Vol. 1, 78–79

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান কণ্ঠশিল্পীসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বব ডিলন” প্ৰবন্ধৰ সংশোধন ৬৩১০৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।