ড॰ ৰিচাৰ্ড উইলিয়াম টিম (Richard William Timm; ২ মাৰ্চ ১৯২৩ – ১১ ছেপ্টেম্বৰ ২০২০) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল। তেওঁ ২৫০ৰো অধিক জীৱ প্ৰজাতি আৱিষ্কাৰ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯২৩ চনৰ ২ মাৰ্চ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা ৰাজ্যৰ ছাউথ বেণ্ডত ৰিচাৰ্ড উইলিয়াম টিমৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জোছেফ আৰু মাতৃ জোছেফিন অটেন। তেওঁ চাৰজন সন্তানৰ ভিতৰত দ্বিতীয় সন্তান আছিল। তেওঁৰ বড় ভাই বব দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰে। টিমৰ পিতৃ জোছেফ পুলম্যান কোম্পানীৰ এজন পে-মাষ্টাৰ আছিল।১
শিক্ষা জীৱন
টিম ছেইণ্ট মে'ৰিজ গ্ৰেড স্কুলত শিক্ষা আৰম্ভ কৰে। তাৰপিছত তেওঁ হলি ক্ৰছ সন্ন্যাস সংঘ পৰিচালিত ছেইণ্ট মে'ৰিজ হাই স্কুলত নাম ভৰ্তি কৰে।১
স্কুলীয়া শিক্ষা শেষ কৰি তেওঁ নটৰ ডেম বিশ্ববিদ্যালয়ত দৰ্শন অধ্যয়ন কৰে। ১৯৪৫ চনত তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত তেওঁ কেথলিক ইউনিভাৰ্ছিটী অৱ আমেৰিকাত নাম ভৰ্তি কৰে। এইদৰেই ১৯৫১ চনত জীৱবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৫২ চনত প্যাৰাছাইটোল'জী বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰে।২
বঁটা আৰু সন্মান
টিম তেওঁৰ কৰ্মৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল:
- ৰমন মেগছেছে বঁটা (শান্তি আৰু আন্তৰ্জাতিক বুজাপৰা)– ১৯৮৭১
- আবু ছাইদ চৌধুৰী বঁটা– ১৯৮৭
- মুক্তিযুদ্ধ মৈত্ৰী বঁটা (বাংলাদেশ চৰকাৰ)– ২০১২৩৪
বাহ্যিক সংযোগ
- ৰমন মেগছেছে বঁটা ফাউণ্ডেচনৰ ৱেবচাইটত ৰিচাৰ্ড উইলিয়াম টিমৰ জীবনী
- নেমপ্লেক্সৰ ৱেবচাইটত ৰিচাৰ্ড টিমৰ জীবনী
তথ্যসূত্ৰ
- ↑ Timm, Richard William. The Ramon Magsaysay Award
- ↑ Richard W Timm. nemaplex.ucdavis.edu
- ↑ The Awardees. The Daily Star
- ↑ pdf. মুক্তিযুদ্ধ বিষয়ক মন্ত্ৰণালয়. পৃ. ১৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিচাৰ্ড উইলিয়াম টিম” প্ৰবন্ধৰ সংশোধন ৩৯২১৫৭ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।