গেৰী স্নাইডাৰ (Gary Snyder; জন্ম ৮ মে', ১৯৩০) এজন আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী। তেওঁ "বিট্ প্ৰজন্ম" আৰু "চান ফ্ৰান্সিছক' নৱজাগৰণ" লগত জড়িত আছিল। তেওঁক Deep ecologyৰ "পয়েট ল'ৰেট" বুলিও অভিহিত কৰা হয়।১ স্নাইডাৰে কবিতাৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল। তেওঁৰ কৰ্মৰাজীত বৌদ্ধ ধৰ্ম আৰু প্ৰকৃতিৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। স্নাইডাৰে বহু সাহিত্য কৰ্ম পুৰণি চীনা ভাষা আৰু আধুনিক জাপানী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছে। বহু বছৰ ধৰি তেওঁ কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ত শিক্ষাদান কৰিছিল আৰু কিছুকাল কেলিফ'ৰ্নিয়া আৰ্ট্ছ কাউঞ্চিলৰ লগতো জড়িত আছিল।
সাহিত্যকৃতি
- মিথ্ছ এণ্ড টেক্সট্ছ (১৯৬০)
- ছিক্স চেক্ছন্ছ ফ্ৰম মাউণ্টেইন্ছ এণ্ড ৰিভাৰ্ছ ৱিদাউট এ'ণ্ড (১৯৬৫)
- দা বেক কাউণ্ট্ৰী (১৯৬৭)
- ৰিপ্ৰেপ্ এণ্ড ক'ল্ড মাউণ্টেইন পয়েম্ছ (১৯৫৯)
- ৰিগাৰডিং ৱেভ (১৯৬৯)
- আৰ্থ হাউছহ'ল্ড (১৯৬৯)
- টাৰ্টল আইলেণ্ড (১৯৭৪)
- দা অ'ল্ড ৱে'জ
- হি হু হাণ্টেদ বাৰ্ডছ ইন্ হিজ ফাদাৰ্ছ ভিলেজ: দা ডাইমেন্ছন্ছ অৱ অ হাইডা মিথ
- দা ৰিয়েল ৱৰ্ক
- পেছেজ থ্ৰু ইণ্ডিয়া
- লেফ্ট আউট ইন দা ৰেইন
- দা প্ৰেক্টিছ অৱ দা ৱাইল্ড
- ন' নেচাৰ: নিউ এণ্ড চিলেক্টেড পয়েম্ছ
- এ প্লে'ছ ইন স্পে'ছ
- দা গেৰী স্নাইডাৰ ৰিডাৰ
- সা হাই চিয়েৰা অৱ কেলিফ'ৰ্নিয়া
- ডেঞ্জাৰ অন পিক্ছ
- বেক অন দা ফায়াৰ:এছেইজ
- টামালপাইছ ৱাকিং
- দি এটিকেট অৱ ফ্ৰীডম
গ্ৰন্থপঞ্জী
- এন চাৰ্টাৰ: দা প'ৰ্টেবল বিট ৰিডাৰ (১৯৯২)
- এণ্টনি হাণ্ট: জেনেচিছ, ষ্ট্ৰাক্ছাৰ এণ্ড মিনিং ইন গেৰী স্নাইডাৰ্ছ মাউণ্টেইন্ছ এণ্ড ৰিভাৰ্ছ ৱিদাউট এণ্ড (২০০৪)
- জ'ৱান কাইগাৰ: ষ্ট্ৰেঞ্জ বিগ মুন: জাপান এণ্ড ইণ্ডিয়া জাৰ্নাল্ছ (২০০৮)
- জন চুইটাৰ: প'য়েট্ছ অন দা পিক্ছ (২০০২)
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Petr Kopecký, "Nature Writing in American Literature: Inspirations, Interrelations, and Impacts of California Authors on the Deep Ecology Movement" The Trumpeter, Volume 22, Number 2 (2006) ISSN: 0832-6193"[George] Sessions' numerous references to Snyder have not passed unnoticed by other scholars. In his influential study The Idea of Wilderness (1991), Max Oelschlaeger titled the section on Snyder 'Poet Laureate of Deep Ecology.' What is even more striking is that in the footnote, Oelschlaeger confesses that 'Sessions in particular has influenced me to see and read Snyder as the poet laureate of deep ecology.'"
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেৰী স্নাইডাৰ” প্ৰবন্ধৰ সংশোধন ৩৮০৭০২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।