অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জন মাইকেল কষ্টাৰলিটজ

জন মাইকেল কষ্টাৰলিটজ এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান ব্ৰাউন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ জৈৱৰসায়নবিদ হান্স কষ্টাৰলিটজৰ পুত্ৰ।

হালনাগাদ: ১০ অক্টোবৰ ২০২১ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জন মাইকেল কষ্টাৰলিটজ এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান ব্ৰাউন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ জৈৱৰসায়নবিদ হান্স কষ্টাৰলিটজৰ পুত্ৰ। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু ডেভিদ জেমছ থুলছৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।১২

শিক্ষা

তেওঁ স্কটলেণ্ডৰ এবাৰদীনত জাৰ্মান-ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত গনভিল্লে আৰু কাইউচ কলেজৰ পৰা বিএ আৰু এমএ ডিগ্ৰী লাভ কৰে। তাৰপিছত ১৯৬৯ চনত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ ব্ৰাছেনোজ কলেজৰ পৰা ডিফিল ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

তাৰপিছত তেওঁ বীৰমিংহাম বিশ্ববিদ্যালয় আৰু কৰ্ণেল বিশ্ববিদ্যালয়ত ডেভিদ জেমছ থুলছৰ লগত গৱেষণাত যোগ দিয়ে। তাৰ পিছত তেওঁ ১৯৭৪ চনত বীৰমিংহাম বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সুবিধা লাভ কৰে। প্ৰথমে প্ৰবক্তা আৰু পিছলৈ ৰিডাৰ হিচাপে তেওঁ তাত কাৰ্য নিৰ্বাহ কৰিছিল। ১৯৮২ চনৰ পৰা তেওঁ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানবিভাগৰ অধ্যাপক ৰূপে শিক্ষাদান কৰি আহিছে। বৰ্তমান কষ্টাৰলিটজ ফিনলেণ্ডৰ এল্ট' বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক।

তেওঁৰ গৱেষণা বিষয় সমূহ হল: ঘনীভুত পদাৰ্থ সূত্ৰ, একমাত্ৰীয় আৰু দ্বি-মাত্ৰীয় পদাৰ্থ বিজ্ঞান; ফেজ ট্ৰান্সজিছন: যাদৃচ্ছিক তন্ত্ৰ: ইলেক্ট্ৰন লোকেলাইজেচন আৰু স্পীন গ্লাছ, আৰু সংকট গতিবিজ্ঞান:গলন আৰু স্ফটিকৰণ।

বঁটা আৰু সন্মান

তেওঁ ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৩ ১৯৮১ চনত ব্ৰিটিছ ইনষ্টিটিউট অফ ফিজিক্সে আগবঢ়োৱা মেক্সৱেল মেডেল আৰু বঁটা লাভ কৰে। ২০০০ চনত কষ্টাৰলিটজ-থুলছ ট্ৰান্সজিছনৰ বাবে তেওঁ আমেৰিকান ফিজিকেল ছোচাইটিয়ে তেওঁক লাৰ্চ অনচাগেৰ বঁটা লাভ কৰে। ১৯৯৩ চনৰ পৰা তেওঁ আমেৰিকান ফিজিকেল ছোচাইটিৰ সন্মানীয় ফেলোশ্বিপ লাভ কৰিছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The international who's who 1991-92
  2. ↑ The Nobel Prize in Physics 2016
  3. ↑ Devlin, Hannah; Sample, Ian. (2016-10-04). British trio win Nobel prize in physics 2016 for work on exotic states of matter – live. the Guardian

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিপদাৰ্থ বিজ্ঞানীপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন মাইকেল কষ্টাৰলিটজ” প্ৰবন্ধৰ সংশোধন ৩০৩৫৭৬ (১০ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।