অৰ্জুন বঁটা বিজয়ী
১২৯ প্ৰবন্ধ
-
বিজয় কুমাৰ
বিজয় কুমাৰ (Vijay Kumar; জন্ম: ১৯ আগষ্ট ১৯৮৫) ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাঁৱত, কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ড’গ্ৰা ৰেজিমেণ্ট (১৬শ বেটেলিয়ান) ৰ ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত।
-
বিজেন্দৰ সিং
বিজেন্দৰ সিং বেনিৱাল (Vijender Singh Beniwal; জন্ম: ২৯ অক্টোবৰ ১৯৮৫) এজন ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ। এজন অপেছাদাৰী হিচাপে, তেওঁ ২০০৮ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় বক্সাৰ আছিল।
-
বিনেশ ফোগাট
বিনেশ ফোগাট (জন্ম ২৫ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। গীতা ফোগাট আৰু ববিতা কুমাৰীৰ দৰে সফল আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধা তেওঁৰ সম্বন্ধীয় ভগ্নী। এই দুই ভগ্নীয়ে কমনৱেলথ পদক লাভ কৰিছে। বিনেশ ফোগাট কমনৱেলথ আৰু এছিয়ান গেমছ উভয়তে স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা।
-
বিশ্বনাথন আনন্দ
বিশ্বনাথন "বিশি" আনন্দ (Viswanathan Anand,(জন্ম: ১১ ডিচেম্বৰ ১৯৬৯) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ, পাঁচবাৰৰ প্ৰাক্তন বিশ্ব দবা চেম্পিয়নআৰু অভিলেখসংখ্যক দুবাৰৰ দবা বিশ্বকাপ চেম্পিয়ন। ১৯৮৮ চনত তেওঁ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰে। তেওঁ এনে খিতাপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়।
-
মনপ্ৰীত সিং (হকী খেলুৱৈ)
মনপ্ৰীত সিং সান্ধু (Manpreet Singh Sandhu; জন্ম ২৬ জুন ১৯৯২) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ২০১৭ চনৰ মে' মাহৰ পৰা ভাৰতৰ পুৰুষ ৰাষ্ট্ৰীয় ফিল্ড হকী দলৰ অধিনায়কৰ দায়িত্ব নিৰ্বাহ কৰিছে। তেওঁ নেতৃত্বত টকিঅ' ২০২০ অলিম্পিকত ভাৰতীয় ফিল্ড হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ হাফবেক হিচাপে খেলে।
-
মনীষ নাৰৱাল
মনীষ নাৰৱাল (Manish Narwal; জন্ম ১৭ অক্টোবৰ ২০০১) এজন ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।
-
মহেশ ভূপতি
মহেশ শ্ৰীনিবাস ভূপতি (Mahesh Shrinivas Bhupathi; জন্ম: ৭ জুন ১৯৭৪) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় পেছাদাৰী টেনিছ খেলুৱৈ। ১৯৯৭ চনত, তেওঁ গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট (ৰিকা হীৰাকীৰ সৈতে) জয় কৰা প্ৰথম ভাৰতীয়।
-
যুৱৰাজ সিং
যুৱৰাজ সিং (জন্ম ১২ ডিচেম্বৰ ১৯৮২) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। বাওঁহতীয়া বেটছমেন আৰু শ্লো লেফ্ট আৰ্ম অৰ্থডক্স বলাৰ অল ৰাউণ্ডাৰ যুৱৰাজ সিং প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ আৰু পঞ্জাবী অভিনেতা যোগৰাজ সিঙৰ পুত্ৰ।
-
শিৱ থাপা
শিৱ থাপা (Shiva Thapa; জন্ম: ৮ ডিচেম্বৰ, ১৯৯৩) অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হ'বলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে।
-
চৰদাৰা সিং
চৰদাৰা সিং বা চৰদাৰ সিং (জন্ম: ১৫ জুলাই ১৯৮৬) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ফিল্ড হকীৰ চেণ্টাৰ হাফ অৱস্থানত খেলে।
-
জাহিৰ খান
জাহীৰ খান (জন্ম ৭ অক্টোবৰ ১৯৭৮) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। ২০০০ চনৰপৰা ২০১৪ চনলৈ তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্য আছিল। ইয়াৰ উপৰিও তেওঁ কাউণ্টী ক্ৰিকেটত ছাৰে' আৰু ৱৰ্চেষ্টাৰ্শ্বায়াৰ দলৰ হৈ, ভাৰতীয় ঘৰুৱা ক্ৰিকেটত বৰোদা আৰু মুম্বাইৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ…
-
ঝুলন গোস্বামী
ঝুলন নিশিত গোস্বামী ( Jhulan Goswami; জন্ম: ২৫ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। ২০০২ চনৰ পৰা ২০২২ চনলৈকে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ ৰাইট আৰ্ম মিডিয়াম ফাষ্ট বলাৰ আৰু ৰাইট হেণ্ড বেটছমেন হিচাপে খেলিছিল।
-
দূতী চান্দ
দূতী চান্দ (Dutee Chand; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী। দূতী গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ ১০০ মিটাৰ প্ৰতিযোগিতাত নিৰ্বাচিত তৃতীয় গৰাকী ভাৰতীয় মহিলা।
-
ববিতা কুমাৰী
ববিতা কুমাৰী ফোগাট (Babita Kumari Phogat; জন্ম ২০ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা, যি ২০১৪ চনৰ কমনৱেলথ গেমছত সোণৰ পদক জিকিছিল। তেওঁ ২০১৮ কমনৱেলথ গেমছ আৰু ২০১০ কমনৱেলথ গেমছত ৰূপৰ পদক আৰু ২০১২ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
-
বাচেন্দ্ৰী পাল
বাচেন্দ্ৰী পাল এভাৰেষ্ট বিজয় কৰা প্ৰথম ভাৰতীয় মহিলা। ১৯৮৪ চনৰ ২৩ মে’ত তেখেতে সফলতাৰে এভাৰেষ্ট আৰোহণ কৰে। তেখেতৰ আত্মজীৱনী 'My Journey To Top' নেচনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰিছিল। তেখেতে ১৯৮৪ চনত সৰ্বশ্ৰেষ্ঠ পৰ্বতাৰোহণকাৰীৰ বঁটা লাভ কৰাৰ লগতে একেটা বছৰতে 'পদ্মশ্ৰী ' সম্মানেৰে অলংকৃত হৈছিল।
-
ভোগেশ্বৰ বৰুৱা
ভোগেশ্বৰ বৰুৱা (Bhogeswar Baruah, জন্ম: ৩ ছেপ্টেম্বৰ ১৯৪০) ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। তেওঁৰ জন্ম হৈছিল ৩ ছেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত।
-
মণিকা বাত্ৰা
মণিকা বাত্ৰা (Manika Batra, জন্ম: ১৫ জুন ১৯৯৫) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২০ চনৰ নৱেম্বৰলৈকে তেওঁ ভাৰতৰ শীৰ্ষ স্থানত থকা মহিলা টেবুল টেনিছ খেলুৱৈ আৰু বিশ্বত ৬৩তম স্থানৰ খেলুৱৈ। তেওঁ বেকহেণ্ডত দীঘলীয়া পিম্পল খেলিবলৈ বিশেষত্ব লাভ কৰে। ই এটা ৰবৰ যি প্ৰায়ে শীৰ্ষস্থানৰ খেলুৱৈসকলে নেখেলে।
-
মিতালী ৰাজ
মিতালী দৰাই ৰাজ (Mithali Dorai Raj,জন্ম: ৩ ডিচেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক।
-
যোগেশ কাথুনিয়া
যোগেশ কাথুনিয়া (Yogesh Kathuniya; জন্ম ৩ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫৬ শাখাত ৰূপৰ পদক অৰ্জন কৰে।
-
স্মৃতি মান্ধানা
স্মৃতি শ্ৰীনিবাস মান্ধানা (Smriti Mandhana, জন্ম: ১৮ জুলাই ১৯৯৬) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় মহিলা দলৰ প্ৰতিনিধি৷ স্মৃতি মান্ধানাই মহিলাৰ প্ৰিমিয়াৰ লীগ (WPL)ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে।
-
সৰবজ্যোত সিং
সৰবজ্যোত সিং (Sarabjot Singh; জন্ম: ৩০ ছেপ্টেম্বৰ ২০০১) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত মনু ভাকৰৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
-
ৰমেশবাবু প্ৰজ্ঞানন্দ
ৰমেশবাবু প্ৰজ্ঞানন্দ (Rameshbabu Praggnanandhaa; জন্ম: ১০ আগষ্ট ২০০৫) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। শিশু দবা মাষ্টাৰ ৰমেশবাবুয়ে ১০ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ খিতাপ অৰ্জন কৰিছিল, সেই সময়ত এই খিতাপ অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া আৰু ১২ বছৰ বয়সত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰি সেই সময়ৰ…
-
অদিতি অশোক
অদিতি অশোক (Aditi Ashok, জন্ম: ২৯ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান। তেওঁ বৰ্তমান নাৰী ইউৰোপীয়ান টুৰ আৰু এলপিজিএ টুৰত খেলে। তেওঁ ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমে খেলাৰ সুযোগ লাভ কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল।
-
অমন শেৰাৱত
অমন শেৰাৱত (ইংৰাজী: Aman Sehrawat; জন্ম: ১৬ জুলাই ২০০৩) হাৰিয়ানাৰ এজন ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু। ২০২৪ চনত বিস্কেকত অনুষ্ঠিত হোৱা এছিয়ান ৰেছলিং অলিম্পিক অৰ্হতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু ৫৭ কেজি শাখাত ব্ৰঞ্জৰ পদক…
-
কমলেশ মেহতা
কমলেশ মেহতা, সম্পূৰ্ণ নাম কমলেশ নবীন চন্দ্ৰ মেহতা (Kamlesh Navinchandra Mehta; জন্ম: ১ মে' ১৯৬০) এজন অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
-
কুঞ্জৰাণী দেৱী
নামেইৰাকপাম কুঞ্জৰাণী দেৱী (জন্ম ১ মাৰ্চ ১৯৬৮) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৪ আৰু ৪৬ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছত কেইবাবাৰো পদক লাভ কৰিছে। বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় ভাৰোত্তোলন দলৰ প্ৰশিক্ষক।
-
কে. এম. বীণামোল
কালাইয়াথুমকুঝী মেথিউছ বীণামোল, যাক জনপ্ৰিয়ভাৱে কে. এম. বীণামোল (জন্ম ১৫ আগষ্ট ১৯৭৫) বুলি জনা যায়, এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় এথলীট। তেওঁ কেৰালাৰ ইডুক্কি জিলাৰ কম্বিডিঞ্জালৰ নিবাসী। তেওঁ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা।
-
কে. ডি. যাদৱ
খাচাবা দাদাচাহেব যাদৱ (চমুকৈ কে. ডি. যাদৱ; Khashaba Dadasaheb Jadhav; ১৫ জানুৱাৰী ১৯২৬ – ১৪ আগষ্ট ১৯৮৪) আছিল এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এজন মল্লযোদ্ধা হিচাপে সৰ্বাধিক পৰিচিত যিয়ে ১৯৫২ চনত হেলচিঙ্কীত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল।
-
গিৰীশা নাগাৰাজেগৌড়া
গিৰীশা হোচানাগাৰা নাগাৰাজেগৌড়া (Girisha Hosanagara Nagarajegowda; জন্ম: ২৬ জানুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয়ৰ পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ। গিৰীশ এন গৌড়া নামেৰেও পৰিচিত তেওঁৰ জন্ম বাওঁ ভৰিৰ প্ৰতিবন্ধকতাৰ সৈতে হৈছিল।
-
চিৰাগ শেট্টী
চিৰাগ চন্দ্ৰশেখৰ শেট্টী (Chirag Chandrashekr Shetty; জন্ম: ৪ জুলাই ১৯৯৭) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেওঁ আৰু তেওঁৰ সংগী সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী ভাৰতৰ পৰা বি ডব্লিউ এফ বিশ্ব ৰেংকিঙৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰা প্ৰথম পুৰুষ ডাবলছ যুটি। তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিং ৭।