অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঝুলন গোস্বামী

ঝুলন নিশিত গোস্বামী ( Jhulan Goswami; জন্ম: ২৫ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। ২০০২ চনৰ পৰা ২০২২ চনলৈকে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ ৰাইট আৰ্ম মিডিয়াম ফাষ্ট বলাৰ আৰু ৰাইট হেণ্ড বেটছমেন হিচাপে খেলিছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ঝুলন নিশিত গোস্বামী ( Jhulan Goswami; জন্ম: ২৫ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ।১ ২০০২ চনৰ পৰা ২০২২ চনলৈকে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিছিল।২

তেওঁ ৰাইট আৰ্ম মিডিয়াম ফাষ্ট বলাৰ আৰু ৰাইট হেণ্ড বেটছমেন হিচাপে খেলিছিল। তেওঁ এগৰাকী অন্যতম মহিলা ফাষ্ট বলাৰ আৰু তেওঁক সৰ্বকালৰ অন্যতম ‘শ্ৰেষ্ঠ’ বলাৰ বুলি গণ্য কৰা হয়।৩৪ ২০২২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পূৰ্বে ২০৪ খন এদিনীয়া মেচ খেলিছিল। তেওঁ ২৫৫ টা উইকেট দখল কৰি মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা অভিলেখৰ গৰাকী হৈছে।৫

গোস্বামীয়ে ২০০৭ চনত আই.চি.চি. মহিলা খেলুৱৈ বঁটা আৰু ২০১১ চনত শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ এম.এ. চিদাম্বৰম ট্ৰফী লাভ কৰে।১ ২০১৬ চনৰ জানুৱাৰী মাহত তেওঁ আইচিচি মহিলা এদিনীয়া বলিং ৰেংকিঙত প্ৰথম স্থানলৈ উন্নীত হয়।

কৰ্মজীৱন

ঝুলন গোস্বামীক পদ্মশ্ৰী আগবঢ়াইছে, ২২ মাৰ্চ ২০১২]]

১৯৮২ চনৰ ২৫ নৱেম্বৰত পশ্চিমবংগৰ নদিয়া জিলাৰ চকদহা চহৰৰ এটা মধ্যবিত্ত পৰিয়ালত গোস্বামীৰ জন্ম হয়। ১৫ বছৰ বয়সত তেওঁ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে।৬ ইয়াৰ পূৰ্বে তেওঁ ফুটবলৰহে অনুৰাগী আছিল। ১৯৯২ চনৰ বিশ্বকাপ ক্ৰিকেট টিভিত চাই গোস্বামীয়ে ক্ৰিকেটৰ প্ৰতি আগ্ৰহী হ’বলৈ আৰম্ভ কৰে। ১৯৯৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বেটছমেন বেলিণ্ডা ক্লাৰ্কৰ খেল চাই তেওঁ এই খেলবিধৰ প্ৰতি অধিক আগ্ৰহী হয়। যিহেতু সেই সময়ত চকদহাত ক্ৰিকেটৰ কোনো সুবিধা নাছিল, সেয়েহে গোস্বামীয়ে ক্ৰিকেট খেলিবলৈ কলকাতালৈ যায়।৭

কলিকতাত প্ৰশিক্ষণ শেষ কৰাৰ পিছত কম দিনৰ ভিতৰত গোস্বামীক বংগৰ মহিলা ক্ৰিকেট দললৈ আমন্ত্ৰণ হয়। ১৯ বছৰ বয়সত ২০০২ চনত চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁj আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম প্ৰবেশ ঘটে। ২০০২ চনৰ ১৪ জানুৱাৰীত লক্ষ্ণৌত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ টেষ্টত অভিষেক ঘটে।৮

মিতালী ৰাজৰ সৈতে গোস্বামীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলক ২০০৬–০৭ ছিজনত ইংলেণ্ডত প্ৰথম টেষ্ট শৃংখলা জয়ৰ দিশত আগুৱাই লৈ যায়।৯ একেটা ছিজনতে লেইষ্টাৰত অনুষ্ঠিত প্ৰথমখন টেষ্টত নাইটৱাচমেন হিচাপে গোস্বামীয়ে ফিফটি আৰ্জন কৰি ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰথমটো জয় লাভ কৰাত সহায় কৰে। ২০০৭ চনত গোস্বামীয়ে ভাৰতত অনুষ্ঠিত হোৱা এফ্ৰো-এছিয়া প্ৰতিযোগিতাত এছীয় দলৰ সদস্য আছিল আৰু আই.চি.চি.ৰ বছৰৰ মহিলা ক্ৰিকেটাৰৰ সন্মানো লাভ কৰিছিল (যেতিয়া কোনো ভাৰতীয় পুৰুষ ক্ৰিকেটাৰে ব্যক্তিগত বঁটা লাভ কৰা নাছিল)।১০

বঁটা আৰু সন্মান

  • ২০০৭ –আই.চি.চি. বছৰৰ মহিলা ক্ৰিকেটাৰ
  • ২০০৮-২০১১ মহিলা ক্ৰিকেট দলৰ কেপ্টেইন
  • ফাষ্ট বলাৰ
  • ২০১০ অৰ্জুন বঁটা
  • ২০১২– পদ্মশ্ৰী১১
  • শীৰ্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় উইকেট লওঁতা

তথ্যসূত্ৰ

  1. ↑ (14 December 2011). Making Giant Strides. The Hindu
  2. ↑ (2022-09-23). Jhulan Goswami reveals 'one regret' as she confirms international retirement. ICC
  3. ↑ The end of an era: Revisiting the best bowling performances of Jhulan Goswami. www.icc-cricket.com
  4. ↑ How Jhulan became the world's fastest bowler. www.rediff.com
  5. ↑ WODI career records. ESPNCricinfo
  6. ↑ Kumar, Abhishek. (25 November 2015). Jhulan Goswami: 10 interesting facts about India’s fastest woman bowler. Cricket Country
  7. ↑ Jhulan Goswami becomes the leading wicket-taker in Women’s ODIs – Times of India. The Times of India
  8. ↑ Balachandran, Kanishkaa. The lowdown on Jhulan Goswami. The Hindu
  9. ↑ (9 May 2017). Jhulan Goswami, ex-India cricket captain, becomes leading wicket-taker in ODIs. Hindustan Times
  10. ↑ Jhulan Goswami. Cricinfo
  11. ↑ (25 January 2012). Padma Awards. pib

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীঅৰ্জুন বঁটা বিজয়ীপশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুলন গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫৭০০৯৬ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।