অৰ্জুন বঁটা বিজয়ী
১২৯ প্ৰবন্ধ
-
দীপিকা ঠাকুৰ
দীপিকা ঠাকুৰ ( Deepika Thakur; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা দলৰ আটাইতকৈ জ্যেষ্ঠ আৰু সৰ্বোচ্চ কেপ থকা খেলুৱৈ। ছিনিয়ৰ দলত ডিফেণ্ডাৰ হিচাপে খেলে আৰু ২০০ৰো অধিক আউটিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু ২৪টা গ'ল দিছে।
-
নিখত জৰীন
নিখত জৰীন ( Nikhat Zareen; জন্ম: ১৪ জুন ১৯৯৬) এগৰাকী ভাৰতীয় বক্সাৰ আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন। ২০১১ চনত আন্টালিয়াত অনুষ্ঠিত হোৱা এআইবিএ মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।
-
প্ৰশান্তি সিং
প্ৰশান্তি সিং ( Prashanti Singh; জন্ম ৫ মে' ১৯৮৪, বাৰাণসী, উত্তৰ প্ৰদেশ) ভাৰতীয় জাতীয় মহিলা বাস্কেটবল দলৰ শ্বুটিং গাৰ্ড। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২০১৭ চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা ভাৰতৰ প্ৰথমগৰাকী বাস্কেটবল খেলুৱৈ হিচাপে উত্তৰ প্ৰদেশ চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত ২০১৬–১৭…
-
বাইচুং ভূটীয়া
বাইচুং ভূটীয়া এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় ফুটবল খেলুৱৈ।ফুটবলত শ্বুটিং দক্ষতাৰ বাবে তেওঁক প্ৰায়ে ছিকিমৰ স্নাইপাৰ বুলি অভিহিত কৰা হয়। বাইচুং ভুটিয়াক আন্তৰ্জাতিকভাৱে ভাৰতীয় ফুটবলৰ টৰ্চবাহক হিচাপে গণ্য কৰা হয়। কিংবদন্তী ভাৰতীয় খেলুৱৈ আই.এম.
-
মেনুৱেল এৰন
মেনুৱেল এৰন ( Manuel Aaron; জন্ম: ৩০ ডিচেম্বৰ ১৯৩৫) কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ প্ৰথম ভাৰতীয় দবা মাষ্টাৰ। ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ ভাৰতৰ দবা খেলত আধিপত্য বিস্তাৰ কৰিছিল, ১৯৫৯ চনৰ পৰা ১৯৮১ চনৰ ভিতৰত ৯ বাৰ ভাৰতৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল! তেওঁ ভাৰতৰ প্ৰথম আন্তৰ্জাতিক মাষ্টাৰ খিতাপ লাভ কৰা খেলুৱৈ…
-
সুব্বাৰমন বিজয়লক্ষ্মী
সুব্বাৰমন বিজয়লক্ষ্মী ( Subbaraman Vijayalakshmi); জন্ম: ২৫ মাৰ্চ ১৯৭৯) এগৰাকী ভাৰতীয় দবা খেলুৱৈ যিয়ে আন্তৰ্জাতিক মাষ্টাৰ (IM) আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) ৰ FIDE খিতাপ দখল কৰে, তেওঁৰ দেশৰ এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ।
-
স্বপ্না বৰ্মন
স্বপ্না বৰ্মন ( Swapna Barman; জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী ভাৰতীয় হেপ্টাথ্লীট। ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰাৰ লগতে ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত হেপ্টাথলনত প্ৰথম স্থান লাভ কৰে। ২০১৯ চনৰ আগষ্ট মাহত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।
-
হীনা সিদ্ধু
হীনা সিদ্ধু (জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৪ চনৰ ৭ এপ্ৰিলত সিদ্ধু আন্তৰ্জাতিক শ্বুটিং স্পৰ্ট ফেডাৰেচনৰ (ISSF) বিশ্ব ৰেংকিঙত প্ৰথম স্থান দখল কৰা প্ৰথমগৰাকী ভাৰতীয় পিষ্টল শ্বুটাৰ হিচাপে পৰিগণিত হয়। ২০১৩ চনত সিদ্ধুৱে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক জয় কৰি আই.এছ.এছ.এফ.
-
ৰেণু বালা চানু
য়ুমনাম ৰেণু বালা চানু ( Yumnam Renu Bala Chanu; জন্ম: ২ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় ভাৰোত্তোলক, মণিপুৰৰ ইম্ফলৰ ওচৰত অৱস্থিত ক্যামগেই মায়াই লেইকাই গাঁৱৰ। ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলা ৫৮ কেজি শাখাত সোণৰ পদক লাভ কৰে।