অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰমেশবাবু প্ৰজ্ঞানন্দ

ৰমেশবাবু প্ৰজ্ঞানন্দ (Rameshbabu Praggnanandhaa; জন্ম: ১০ আগষ্ট ২০০৫) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। শিশু দবা মাষ্টাৰ ৰমেশবাবুয়ে ১০ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ খিতাপ অৰ্জন কৰিছিল, সেই সময়ত এই খিতাপ অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া আৰু ১২ বছৰ বয়সত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰি সেই সময়ৰ…

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৭৪০ শব্দ · ৪ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰমেশবাবু প্ৰজ্ঞানন্দ (Rameshbabu Praggnanandhaa; জন্ম: ১০ আগষ্ট ২০০৫) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। শিশু দবা মাষ্টাৰ ৰমেশবাবুয়ে ১০ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ খিতাপ অৰ্জন কৰিছিল, সেই সময়ত এই খিতাপ অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া আৰু ১২ বছৰ বয়সত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰি সেই সময়ৰ দ্বিতীয় কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিগণিত হয় লগতে ২০২২ চনৰ ২২ ফেব্ৰুৱাৰীত ১৬ বছৰ বয়সত তেওঁ বৰ্তমানৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক পৰাস্ত কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপেও পৰিগণিত হয়। তেওঁ এয়াৰথিংছ মাষ্টাৰছ ৰেপিড চেছ টুৰ্ণামেণ্টত কাৰ্লচেনক দ্ৰুত খেলত পৰাস্ত কৰে।১২

ব্যক্তিগত জীৱন

২০০৫ চনৰ ১০ আগষ্টত তামিলনাডুৰ চেন্নাইত প্ৰজ্ঞানন্দৰ জন্ম হৈছিল।৩ তেওঁ উইমেন গ্ৰেণ্ডমাষ্টাৰ আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰ আৰ বৈশালীৰ সৰু ভায়েক। তেওঁৰ পিতৃয়ে টিএনএছচি বেংকৰ শাখা পৰিচালক হিচাপে কাম কৰে, আৰু মাতৃ এগৰাকী গৃহিণী।৪ তেওঁ চেন্নাইৰ ভেলাম্মল নেক্সছ স্কুলত পঢ়ে।৫

ক্ৰীড়া জীৱন

প্ৰজ্ঞানন্দই ২০১৩ চনত বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত ৮ বছৰ অনুৰ্ধৰ খিতাপ দখল কৰি FIDE মাষ্টাৰ খিতাপ অৰ্জন কৰে। ২০১৫ চনত তেওঁ ১০ বছৰৰ অনুৰ্ধৰ খিতাপ দখল কৰে।৬

২০১৬ চনত প্ৰজ্ঞানন্দ দবা ইতিহাসৰ সবাতোকৈ কম বয়সীয়া আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ হয়। সেইসময়ত তেওঁৰ বয়স আছিল ১০ বছৰ, ১০ মাহ আৰু ১৯ দিন।৭৮ ২০১৭ চনৰ নৱেম্বৰ মাহত বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপত তেওঁ প্ৰথম গ্ৰেণ্ডমাষ্টাৰ নৰ্ম (Norm, দবা খেলত উচ্চমানৰ পাৰদৰ্শিতা) লাভ কৰে আৰু ৮ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰে।৯ ২০১৮ চনৰ ১৭ এপ্ৰিলত গ্ৰীচত অনুষ্ঠিত হোৱা হেৰাক্লিয়ন ফিচাৰ মেম'ৰিয়েল জিএম নৰ্ম প্ৰতিযোগিতাত তেওঁ দ্বিতীয় নৰ্ম লাভ কৰে।১০ ২০১৮ চনৰ ২৩ জুনত তেওঁ ইটালীৰ উৰ্টিজেইত অনুষ্ঠিত হোৱা গ্ৰেডিন অ’পেনত (১২ বছৰ, ১০ মাহ ১৩ দিন বয়সত) অষ্টম ৰাউণ্ডত লুকা মৰ’নিক পৰাস্ত কৰি তৃতীয় আৰু অন্তিম নৰ্ম অৰ্জন কৰি তেতিয়াৰ দ্বিতীয় সৰ্বকনিষ্ঠ ব্যক্তি হিচাপে পৰিগণিত হয় (চাৰ্গেই কাৰ্জাকিনে ১২ বছৰ আৰু ৭ মাহত এই খিতাপ লাভ কৰে)।১১ অভিমন্যু মিশ্ৰ,১২ চাৰ্গেই কাৰ্জাকিন, গুকেশ ডি আৰু জাভোখিৰ চিণ্ডাৰভৰ পিছত তেওঁ গ্ৰেণ্ডমাষ্টাৰ (জি এম) খিতাপ অৰ্জন কৰা পঞ্চমজন কনিষ্ঠ ব্যক্তি।১৩

২০১৮ চনত প্ৰজ্ঞানন্দই স্পেইনৰ মেজিষ্ট্ৰেল ডি লিঅ’ন মাষ্টাৰছলৈ ৱেছলী ছ’ৰ বিৰুদ্ধে চাৰিখন খেলৰ ৰেপিড মেচলৈ আমন্ত্ৰণ লাভ কৰিছিল। তেওঁ প্ৰথমখন খেলত ছ’ক পৰাস্ত কৰে, আৰু তিনিখন খেলৰ পিছত স্ক’ৰ ১১⁄২–১১⁄২ত সমতাত পৰে। শেষৰখন খেলত ছ'ৱে প্ৰজ্ঞানন্দক পৰাস্ত কৰি ২১⁄২–১১⁄২ গ'লত জয়লাভ কৰে।১৪

২০১৮ চনৰ জানুৱাৰী মাহত উত্তৰ কেৰ’লিনাৰ চাৰ্লটত অনুষ্ঠিত চাৰ্লট চেছ চেণ্টাৰৰ শীতকালীন ২০১৮ জিএম নৰ্ম ইনভিটেশ্যনেলত ৫.০/৯ স্ক’ৰেৰে জিএম এলডাৰ এস্কোবাৰ ফ’ৰেৰো আৰু আই এম ডেনিছ শ্বমেলভৰ সৈতে তৃতীয় স্থানৰ বাবে তেওঁ সমতা স্থাপন কৰে। ১৫

২০১৯ চনৰ জুলাই মাহত ডেনমাৰ্কত অনুষ্ঠিত হোৱা এক্সট্ৰাকন চেছ অ'পেনত প্ৰজ্ঞানন্দই ৮১⁄২/১০ পইণ্ট (+৭–০=৩) লাভ কৰি জয়লাভ কৰে।১৬ ২০১৯ চনৰ ১২ অক্টোবৰত তেওঁ ১৮ বছৰ অনুৰ্ধৰ শাখাত ৯/১১ স্ক'ৰেৰে বিশ্ব যুৱ চেম্পিয়নশ্বিপত জয়লাভ কৰে।১৭ ২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ ২৬০০ ৰেটিং লাভ কৰা দ্বিতীয় আটাইতকৈ কনিষ্ঠ ব্যক্তি হিচাপে পৰিগণিত হয়।১৮সেইসময়ত তেওঁৰ বয়স আছিল ১৪ বছৰ ৩ মাহ ২৪ দিন।

২০২১ চনৰ এপ্ৰিল মাহত প্ৰজ্ঞানন্দই জুলিয়াছ বেয়াৰ চেলেঞ্জাৰছ দবা ভ্ৰমণৰ প্ৰথম লেগ (চাৰিটাৰ ভিতৰত) পলগাৰ চেলেঞ্জত জয়লাভ কৰে, যিটো জুলিয়াছ বেয়াৰ গ্ৰুপ আৰু Chess24.com-য়ে যুৱ প্ৰতিভাৰ বাবে আয়োজন কৰা এক দ্ৰুত অনলাইন প্ৰতিযোগিতা।১৯ তেওঁ ১৫.৫/১৯ লাভ কৰে। পৰৱৰ্তী শ্ৰেষ্ঠ স্থানত থকা প্ৰতিযোগীসকলতকৈ তেওঁ ১.৫ পইণ্ট আগবাঢ়ি থাকে।[19] এই জয়ে তেওঁক ২০২১ চনৰ ২৪ এপ্ৰিলত পৰৱৰ্তী মেলটৱাটাৰ চেম্পিয়নছ চেছ ট্যুৰৰ বাবে যোগ্যতা অৰ্জন কৰাত সহায় কৰে, য'ত তেওঁ ৭/১৫ (+৪-৫=৬) স্ক'ৰেৰে দশম স্থানত প্ৰতিযোগিতা সামৰে। তেওঁ টেইম'ৰ ৰাডজাবভ, জান-ক্ৰিষ্টফ ডুডা, চাৰ্গেই কাৰ্জাকিন আৰু জোহান-চেবাষ্টিয়ান ক্ৰিষ্টিয়ানচেনৰ বিৰুদ্ধে জয়লাভ কৰাৰ লগতে বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনৰ বিৰুদ্ধে ড্ৰ' খেলে।২০

প্ৰজ্ঞানন্দই ৯০ নং ছিড হিচাপে দবা বিশ্বকাপ ২০২১ত প্ৰৱেশ কৰে। তেওঁ জিএম গেব্ৰিয়েল চাৰ্গিছিয়ানক ২-০ গ'লত পৰাস্ত কৰে, আৰু ৩য় ৰাউণ্ডত জিএম মিচাল ক্ৰাচেনকোভক ৰেপিড টাইব্ৰেকত পৰাস্ত কৰি ৪ ৰাউণ্ডলৈ আগবাঢ়ি যায়।

২০২২ চনৰ টাটা ষ্টীল দবা প্ৰতিযোগিতাৰ মাষ্টাৰছ শাখাত খেলি প্ৰজ্ঞানন্দই আন্দ্ৰে ইচিপেংকো, ভিডিট গুজৰাথী আৰু নিলছ গ্ৰেণ্ডেলিয়াছৰ বিৰুদ্ধে খেলত জয়লাভ কৰি চূড়ান্ত স্ক’ৰ ৫১⁄২ত দ্বাদশ স্থান দখল কৰে।

২০২২ চনৰ ২০ ফেব্ৰুৱাৰীত তেওঁ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে যিকোনো সময়ৰ শৈলীৰ খেলত জয়ী হোৱা তৃতীয়জন ভাৰতীয় খেলুৱৈ (আনন্দ আৰু হৰিকৃষ্ণৰ পিছত) হিচাপে পৰিগণিত হয়। এয়া আছিল চেম্পিয়নছ চেছ ট্যুৰ ২০২২ৰ অনলাইন এয়াৰথিংছ মাষ্টাৰছ ৰেপিড প্ৰতিযোগিতা(১৫+১০ ৰে সময় নিয়ন্ত্ৰণ)।২১২২

২০২২ চনৰ মে' মাহত চেচেবল মাষ্টাৰছ অনলাইন ৰেপিড দবা প্ৰতিযোগিতাত তেওঁ কাৰ্লছেনক পুনৰবাৰ পৰাস্ত কৰে, যিটো ৩ মাহৰ ভিতৰত তেওঁৰ বাবে আছিল দ্বিতীয়টো জয়লাভ আৰু এইদৰে তেওঁ ফাইনেলত প্ৰৱেশ কৰে।২৩২৪২৫

২০২২ চনৰ এফটিএক্স ক্ৰিপ্টো কাপত তেওঁ কাৰ্লছেনক তৃতীয়বাৰৰ বাবে পৰাস্ত কৰি চূড়ান্ত ৰেংকিঙত কাৰ্লছেনৰ পিছতে দ্বিতীয় স্থান দখল কৰে।২৬

২০২৩ চনৰ জানুৱাৰী মাহত প্ৰজ্ঞানন্দই টাটা ষ্টীল দবা মাষ্টাৰছ ২০২৩ত খেলে। তেওঁ ২৮০০ ৰেটিং পোৱা গ্ৰেণ্ডমাষ্টাৰ ডিং লিৰেনক পৰাস্ত কৰে আৰু প্ৰথমবাৰৰ বাবে ধ্ৰুপদী খেলত খেলে।২৭ তেওঁ ৬/১৩ স্ক'ৰেৰে ৯ম স্থানত প্ৰতিযোগিতাখনৰ অন্ত পেলায়।২৮

২০২৩ চনৰ দবা বিশ্বকাপত ১৮ বছৰীয়া প্ৰজ্ঞানন্দ দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ সবাতকৈ কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। প্ৰজ্ঞানন্দই ২০২৩ চনৰ দবা বিশ্বকাপৰ ছেমি ফাইনেলত টাই ব্ৰেকত ফেবিয়ানো কাৰুয়ানাক২৯ পৰাস্ত কৰে। তেওঁ ফাইনেলতপ্ৰাক্তন ধ্ৰুপদী বিশ্ব দবা চেম্পিয়ন মেগনাছ কাৰ্লছনৰ৩০ বিৰুদ্ধে খেলি পৰাস্ত হয়৷

তথ্যসূত্ৰ

  1. ↑ Indian teenager Praggnanandhaa beats world chess champion Carlsen, www.aljazeera.com
  2. ↑ (25 March 2022). Ramesh Babu Pragyanandha: চৌষট্টি খোপেৰ বিষ্ময় বালক, দাবাৰ প্ৰেমে পাগল প্ৰজ্ঞানান্ধা. The Bengali Chronicle
  3. ↑ (22 February 2022). Who is Praggnanandhaa, the 16-year-old who beat world champion at Airthings Masters chess?. The Economic Times
  4. ↑ (2022-02-22). Indian chess prodigy was shaped by sister's 'hobby'. Deccan Herald
  5. ↑ Sports culture flourishes in Chennai's schools. The New Indian Express
  6. ↑ (1 June 2016). I'm Praggnanandhaa, world's youngest ever chess International Master. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  7. ↑ Priyadarshan Banjan. (29 May 2016). Praggnanandhaa – youngest chess IM in history!. ChessBase
  8. ↑ Barden, Leonard. (21 October 2016). Rameshbabu Praggnanandhaa chases world grandmaster age record at 11. The Guardian
  9. ↑ (24 November 2017). 2017 World Juniors: Praggnanandhaa gains maiden GM norm. All India Chess Federation
  10. ↑ Praggnanandhaa bags his second GM norm. The Times of India
  11. ↑ Praggnanandhaa becomes India's youngest Grandmaster. ESPN
  12. ↑ (30 June 2021). GM Abhimanyu Mishra is the Youngest GM in History!. USCF Online
  13. ↑ Chennai's Praggnanandhaa becomes 2nd youngest GM. The Times of India
  14. ↑ (8 July 2018). Praggnanandhaa gives a major scare to Wesley So at the Leon Masters 2018. ChessBase India
  15. ↑ CCCSA GM/IM Norm Invitational - May 2022 GM/IM Norm Invitational Chess Tournament
  16. ↑ Danish feather in cap for dominant Praggnanandhaa. The New Indian Express
  17. ↑ (12 October 2019). 14-year-old R Praggnanandhaa crowned U-18 champion, India win 7 medals at World Youth Chess Championship. The Indian Express
  18. ↑ (2019-12-05). Praggnanandhaa becomes the youngest Indian to cross 2600 Elo ever, second youngest in the world. ChessBase India
  19. ↑ Praggnanandhaa wins Polgar Challenge with a round to spare. The Times of India. 11 April 2021. Retrieved 12 October 2021
  20. ↑ (2021-04-27). New in Chess Classic: Carlsen wins preliminaries. Chess News
  21. ↑ (2022-02-21). Praggnanandhaa upstages Carlsen in Airthings Masters chess. Hindustan Times
  22. ↑ (21 February 2022). Chess: Indian GM Praggnanandhaa defeats world champion Magnus Carlsen at Airthings Masters. amp.scroll.in
  23. ↑ (21 May 2022). India's R Praggnanandhaa stuns World Champion Magnus Carlsen for second time in year. ANI
  24. ↑ R Praggnanandhaa, 16, Sails Into Semifinals Of Chessable Masters · Chess News. NDTVSports.com
  25. ↑ Rakesh Rao. (25 May 2022). Chessable Masters: Praggnanandhaa shocks Anish Giri, meets Ding Liren in final. দ্য হিন্দু
  26. ↑ (2022-08-21). FTX Crypto Cup: Games and standings. Chess News
  27. ↑ Both Carlsen and Ding defeated · Round 4. Tata Steel Chess Tournament 2023
  28. ↑ Standings - Tata Steel Chess Tournament. Tata Steel Chess Tournament 2023
  29. ↑ (2023-08-21). Chess World Cup 2023: India's Praggnanandhaa defeats Fabiano Caruana in tiebreaks, sets up final with Magnus Carlsen. Hindustan Times
  30. ↑ (2023-08-19). Chess World Cup 2023 Semi-Final LIVE: Praggnanandhaa defeats Caruana to seal final against Magnus Carlsen. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ দবা খেলুৱৈঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমেশবাবু প্ৰজ্ঞানন্দ” প্ৰবন্ধৰ সংশোধন ৫৯৭৩৬০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।