মিতালী দৰাই ৰাজ (Mithali Dorai Raj,জন্ম: ৩ ডিচেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক।১ তেওঁ আন্তৰ্জাতিক ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ বনোৱা মহিলা ক্ৰিকেট খেলুৱৈ আৰু এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ৬০০০ ৰাণ অতিক্ৰম কৰা একমাত্ৰ মহিলা।২৩ ইয়াৰ লগতে তেওঁ এদিনীয়া ক্ৰিকেটত একাদিক্ৰমে সাতবাৰ অৰ্ধশতক বনোৱা প্ৰথম মহিলা ক্ৰিকেটাৰ।৪ এদিনীয়া ক্ৰিকেটত সবাতোকৈ বেছি অৰ্ধশতক ৰাণ বনোৱাৰ ৰেকৰ্ড মিতালী ৰাজৰ আছে।৫ ২০১৮ চনৰ জুন মাহত মহিলাৰ টুৱেণ্টি২০ এছিয়া কাপ, ২০১৮ত তেওঁ টুৱেণ্টি২০ ক্ৰিকেটত ২০০০ ৰাণ অতিক্ৰম কৰা পুৰুষ আৰু মহিলা উভয় শাখাৰ প্ৰথম ভাৰতীয়ত পৰিণত হয় লগতে টুৱেণ্টি২০ত ২০০০ ৰাণ অতিক্ৰম কৰা বিশ্বৰ প্ৰথম মহিলা হৈ পৰে।৬৭৮
মিতালী ৰাজ বিশ্বকাপ ক্ৰিকেটত দুবাৰ অধিনায়ক হিচাপে খেলা প্ৰথম গৰাকী ভাৰতীয়। তেওঁ ২০০৫ মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ আৰু ২০১৭ মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক আছিল।৯১০ ২০১৯ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মিতালী ৰাজে নিউজিলেণ্ডত অনুষ্ঠিত ভাৰত বনাম নিউজিলেণ্ড চিৰিজত খেলি ২০০খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল খেলা প্ৰথম গৰাকী মহিলা হয়।১১
২০২২ চনৰ ৮ জুন তাৰিখে মিতালী ৰাজে সকলো পৰ্যায়ৰ ক্ৰিকেট খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ ১২ ১৩ ১৪
প্ৰাৰম্ভিক জীৱন
১৯৮২ চনৰ ৩ ডিচেম্বৰ তাৰিখে ৰাজস্থানৰ যোধপুৰত মিতালী ৰাজৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দৰাই ৰাজ আৰু তেওঁৰ মাতৃ লীলা ৰাজ। তেওঁৰ পিতৃ ভাৰতীয় বায়ু সেনাৰ এয়াৰমেন আছিল। তেওঁলোক তামিল ভাষা সম্প্ৰদায়ৰৰ লোক। ১০ বছৰ বয়সৰ পৰায়ে তেওঁ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। ১৭ বছৰ বয়সত তেওঁক ভাৰতীয় মহিলা ক্ৰিকেট দলত বাছনি কৰা হয়। বৰ্তমান তেওঁ তেলংগানাৰ ৰাজধানী হাইদৰাবাদত বাস কৰে।১৫১৬
তেওঁ ছেকেন্দ্ৰাবাদৰ কেয়েছ হাইস্কুল ফৰ গাৰ্লছত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ কৌস্তুৰবা গান্ধী জুনিয়ৰ কলেজত শিক্ষা লাভ কৰে। স্কুলত পঢ়ি থকা সময়তে তেওঁ তেওঁৰ ককায়েকৰ লগত ক্ৰিকেট খেলিছিল। তেওঁ প্ৰায়ে স্কুলত লৰা সকলৰ লগত ক্ৰিকেট খেলিছিল।
ৰেকৰ্ডসমূহ

মিতালী বিশ্বকাপ মহিলা ক্ৰিকেটত সৰ্বোচ্চ ৰাণৰ বৰঙণি আগবঢ়োৱা ভাৰতীয় মহিলা। বিশ্বকাপ মহিলা ক্ৰিকেট ২০০৫ চনত তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে ১০৪ ত বলত ৯১ ৰাণ সংগ্ৰহ কৰি আউট নোহোৱাকৈ আছিল।১৭ ২০১৩ চনৰ বিশ্বকাপ ক্ৰিকেটত তেওঁৰ এই খিতাপ হৰমনপ্ৰীত কৌৰলৈ যায়। তেওঁ ১০৯ বলত ১০৭ ৰাণ সংগ্ৰহ কৰিছিল ২০১৭ মহিলাৰ বিশ্বকাপ ক্ৰিকেটত তেওঁ একাদিক্ৰমে সাতটা অৰ্ধশতক কৰে আৰু একাদিক্ৰমে আটাইতকৈ বেছি সংখ্যক অৰ্ধশতক ৰাণ সংগ্ৰহ কৰা খেলুৱৈত পৰিগণিত হয়।১৮১৯ বিশ্বকাপত ১০০০ ৰাণ সংগ্ৰহ কৰা তেওঁ একমাত্ৰ ভাৰতীয় তথা বিশ্বৰ পঞ্চম গৰাকী খেলুৱৈ।২০ মহিলাৰ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত কোনো দলৰ পৰা একাদিক্ৰমে ১০৯খন খেল খেলাৰ সুযোগ লাভ কৰা তেওঁ একমাত্ৰ খেলুৱৈ।২১
বঁটা আৰু সন্মান
| চন | বঁটা | নোট | |
|---|---|---|---|
| ২০০৩ | অৰ্জুন বঁটা২২ | ||
| ২০১৫ | পদ্মশ্ৰী | ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান২৩ | |
| ২০১৭ | য়ুথ স্পৰ্টছ আইকন অফ এক্সচেলেন্স এৱাৰ্ড | ৰেডীয়েণ্ট ৱেলনেছ কনক্লেভ, চেন্নাই২৪ | |
| ২০১৭ | ভগ' স্পৰ্টছপাৰ্চন অফ দা ইয়াৰ | ভগৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠান২৫ | |
| ২০১৭ | বিবিচি ১০০ মহিলাৰ তালিকা ২০১৭২৬ | ||
| ২০২১ | মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা | ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান২৭ |
তথ্যসূত্ৰ
- ↑ Raj finds life lonely at the top
- ↑ Record-setting Raj top of the women's charts. ESPN Cricinfo
- ↑ Mithali Raj becomes leading run-scorer in women’s ODI cricket; surpasses England’s Charlotte Edwards. Indian Express
- ↑ Meshram-Raj and spin quartet to the fore in emphatic India win. International Cricket Council
- ↑ Records · Women's One-Day Internationals · Batting records · Most fifties in career · ESPNcricinfo. Cricinfo
- ↑ Mithali Raj edges Virat Kohli, becomes first India cricketer to score 2000 T20I runs
- ↑ NDTVSports.com. Women's Asia Cup: Mithali Raj Becomes First Woman To Reach 2000 T20I Runs – NDTV Sports. NDTVSports.com
- ↑ (7 June 2018). ‘Consistent run machine’: Mithali Raj becomes FIRST Indian to score 2000 runs in T20Is; fans ECSTATIC. The Indian Express
- ↑ India's chance to spur a revolution
- ↑ Team of the ICC Women's World Cup 2017 announced
- ↑ Mithali Raj at 200: The best of a record-breaking career. International Cricket Council
- ↑ www.hindustantimes.com/cricket/mithali-raj-veter
- ↑ timesofindia.indiatimes.com/sports/cricket/news/
- ↑ indianexpress.com/article/sports/cricket/mithali
- ↑ Mithali Raj on pitch, but 1 1-year wait for 500 yards
- ↑ Indian women will play test cricket after eight years, captain Mithali Raj happy. Patrika Group
- ↑ filter=advanced; groupby=series; orderby=batted_score; template=results; trophy=68; type=batting; view=innings Batting records – Women's One-Day Internationals – Cricinfo Statsguru – ESPN Cricinfo
- ↑ Express Web Desk. (25 June 2017). India vs England, ICC Women’s World Cup 2017: Mithali Raj creates world record with 7th consecutive fifty
- ↑ Records · Women's One-Day Internationals · Batting records · Fifties in consecutive innings · ESPN Cricinfo. Cricinfo
- ↑ type=trophy Records / Women's World Cup / Most runs
- ↑ Records · Women's One-Day Internationals · Individual records (captains, players, umpires) · Most consecutive matches for a team · ESPN Cricinfo. Cricinfo
- ↑ List of Arjuna Awardees. Ministry of Youth Affairs and Sports, Government of India
- ↑ Padma Awards 2015. Press Information Bureau
- ↑ (24 September 2017). Conclave highlights need for holistic health. www.deccanchronicle.com
- ↑ Vogue celebrates 10th anniversary with 1st Vogue Women of the Year Awards. Everything Experiential
- ↑ Mithali Raj features on BBC's 100 Women list - Times of India. The Times of India
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিতালী ৰাজ” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৮৫ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।