স্মৃতি শ্ৰীনিবাস মান্ধানা (Smriti Mandhana, জন্ম: ১৮ জুলাই ১৯৯৬) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় মহিলা দলৰ প্ৰতিনিধি৷ স্মৃতি মান্ধানাই মহিলাৰ প্ৰিমিয়াৰ লীগ (WPL)ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে।১২৩ ঘৰুৱা ক্ৰিকেটত তেওঁ মহাৰাষ্ট্ৰ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰে।৩
২০১৮ চনৰ জুন মাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) তেওঁক 'শ্ৰেষ্ঠ মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ' বঁটা প্ৰদান কৰে৷৪২০১৮ চনৰ ডিচেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে তেওঁক বছৰৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে ৰেচেল হেইহ'-ফ্লিণ্ট বঁটা প্ৰদান কৰে।৫২০২১ চনৰ ৩০ ডিচেম্বৰত তেওঁ আইচিচিৰ মহিলা টি-২০ৰ বাবে বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ হিচাপে মনোনীত হয়।৬২০২১ চনৰ ডিচেম্বৰ মাহত টেমি বিউমণ্ট, লিজেল লি আৰু গেবী লুইছৰ লগতে স্মৃতি মান্ধানা আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ হিচাপে মনোনীত হৈছিল।৭২০২২ চনৰ জানুৱাৰী মাহত আইচিচিয়ে তেওঁক পুনৰবাৰ আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ হিচাপে ৰেচেল হেইহ'-ফ্লিণ্ট বঁটা প্ৰদান কৰে।৮
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
১৯৯৬ চনৰ ১৮ জুলাইত মহাৰাষ্ট্ৰৰ মুম্বাইত এটি মাৰোৱাৰী হিন্দু পৰিয়ালত স্মৃতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ শ্ৰীনিবাস মান্ধানাই ৰাসায়নিক বিতৰক হিচাপে কাম কৰিছিল৷ আনহাতে মাক স্মিতা মান্ধনা গৃহিণী আছিল।৯১০১১ স্মৃতিৰ দুবছৰ বয়সত পৰিয়ালটো মহাৰাষ্ট্ৰৰ ছাংগলীৰ উপকণ্ঠ অঞ্চল মাধৱনগৰলৈ গুচি যায় আৰু তাতেই তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ ছাংগলীৰ চিন্তামন ৰাও বাণিজ্য মহাবিদ্যালয়ত পঢ়িছিল।১২১৩ মান্ধানাৰ পিতৃয়ে ছাংগলীৰ হৈ জিলা পৰ্যায়ত ক্ৰিকেট খেলিছিল। তেওঁৰ লগতে তেওঁৰ ভাতৃ শ্ৰৱণেও ক্ৰিকেট খেলিছিল। শ্ৰৱণ বৰ্তমান বেংকৰ মেনেজাৰ। মহাৰাষ্ট্ৰ ৰাজ্যিক ১৬ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ভাতৃয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখি মান্ধানাই এই খেলবিধ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল। ন বছৰ বয়সত মহাৰাষ্ট্ৰৰ ১৫ বছৰ অনুৰ্ধ দলৰ বাবে মান্ধানা নিৰ্বাচিত হয় আৰু এঘাৰ বছৰ বয়সত মহাৰাষ্ট্ৰৰ ১৯ বছৰ অনুৰ্ধ দলত স্থান লাভ কৰে।১২
ঘৰুৱা কেৰিয়াৰ
২০১৩ চনৰ অক্টোবৰ মাহত তেওঁৰ প্ৰথমবাৰৰ বাবে চৰ্চা লাভ কৰে, যেতিয়া তেওঁ এদিনীয়া খেলত দ্বৈত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। গুজৰাটৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ হৈ খেলি তেওঁ বৰোদাৰ আলেম্বিক ক্ৰিকেট খেলপথাৰত পশ্চিম মণ্ডলৰ ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ১৫০ বলত অপৰাজিত ২২৪ ৰান সংগ্ৰহ কৰে।১৪
২০১৬ চনৰ মহিলা চেলেঞ্জাৰ ট্ৰফীত মান্ধানাই ইণ্ডিয়া ৰেডৰ খেলি তিনিটাকৈ অৰ্ধশতক অৰ্জন কৰিছিল, আৰু ইণ্ডিয়া ব্লুৰ বিৰুদ্ধে ফাইনেলত ৮২টা বলত অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰি নিজৰ দলটোক ট্ৰফী জয় কৰাত সহায় কৰিছিল৷ ইয়াৰ উপৰি ১৯২ ৰান সংগ্ৰহ কৰি তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বাধিক স্ক'ৰাৰ হিচাপে আত্মপ্ৰকাশ কৰে৷ ১৫
২০১৬ চনৰ ছেপ্টেম্বৰ মাহত মান্ধানাই ব্ৰিজবেন হিটৰ সৈতে মহিলা বিগ বেছ লীগ (WBBL)ৰ বাবে এবছৰৰ বাবে চুক্তিবদ্ধ হয় আৰু হৰমনপ্ৰীত কৌৰৰ সৈতে লীগৰ বাবে চুক্তিবদ্ধ হোৱা প্ৰথম দুগৰাকী ভাৰতীয়ৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হয়।১৬ ২০১৭ চনৰ জানুৱাৰী মাহত মেলবৰ্ণ ৰেনেগেডছৰ বিৰুদ্ধে খেলি থাকোঁতে স্মৃতি আঁঠুৰ আঘাতৰ বাবে খেলপথাৰতে পৰি যায়। মান্ধানাই ১২টা ইনিংছত ৮৯ ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ বাকী অংশৰ পৰা বাহিৰ হয়।১৭১৮
২০১৮ চনৰ জুন মাহত মান্ধানাই কিয়া ছুপাৰ লীগৰ ডিফেণ্ডিং চেম্পিয়ন ৱেষ্টাৰ্ণ ষ্টৰ্মৰ সৈতে চুক্তিবদ্ধ হয় আৰু লীগত খেলা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।১৯২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁক ২০১৮–১৯ বৰ্ষৰ মহিলা বিগ বেছ লীগ ছিজনৰ বাবে হোবাৰ্ট হাৰিকনেছৰ দলত অন্তৰ্ভুক্ত কৰা হয়।২০২১২০২১ চনত তেওঁক চাউদাৰ্ণ ব্ৰেভে দ্য হাণ্ড্ৰেডৰ উদ্বোধনী ছিজনৰ বাবে অন্তৰ্ভুক্ত কৰে।২২তেওঁলোকৰ হৈ মান্ধানাই ৭খন খেলত ১৬৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৰ লগত চামিল হয়।২৩
২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক ২০২১-২২ বৰ্ষৰ মহিলা বিগ বেছ লীগ ছিজনৰ বাবে ছিডনী থাণ্ডাৰৰ দলত অন্তৰ্ভুক্ত কৰা হয়।২৪২৫ এই ছিজনত তেওঁ এশৰাণৰ স্ক'ৰ কৰি প্ৰতিযোগিতাখনৰ এতিয়ালৈকে সৰ্বাধিক স্ক'ৰৰ অভিলেখ স্পৰ্শ কৰে।২৬
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক চাউদাৰ্ণ ব্ৰেভে 2022 edition of the Hundredৰ বাবে পুনৰ অন্তৰ্ভুক্ত কৰে।২৭
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা উদ্বোধনী ডব্লিউ পি এল নিলামত তেওঁক ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ৩.৪ কোটি টকাত ক্ৰয় কৰিছিল, যাৰ ফলত তেওঁ নিলামত সৰ্বাধিক দৰদাম কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল আৰু দলৰ অধিনায়ক হিচাপেও নিৰ্বাচিত হৈছিল।২৮১তেওঁৰ অধিনায়কত্বত ২০২৪ চনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে ডব্লিউ পি এল খিতাপ দখল কৰে। দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে প্ৰতিযোগিতাখন সমাপ্ত কৰি মান্ধানাই আৰচিবিৰ সফল অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।২৯
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
স্মৃতি মান্ধানাই ২০১৪ চনৰ আগষ্ট মাহত ৱৰ্মছলি পাৰ্কত ইংলেণ্ডৰ বিৰুদ্ধে খেলি টেষ্টত অভিষেক ঘটায়। প্ৰথম আৰু দ্বিতীয় ইনিংছত তেওঁ যথাক্ৰমে ২২ আৰু ৫১ ৰান কৰি নিজৰ দলটোক মেচখন জয় কৰাত সহায় কৰিছিল৷ তাৰ পিছৰ ইনিংছত তেওঁ থিৰুছ কামিনিৰ সৈতে ৭৬ ৰানৰ উদ্বোধনী উইকেটৰ অংশীদাৰিত্বত অংশগ্ৰহণ কৰিছিল আৰু ১৮২ ৰান কৰিছিল।৩০৩১
২০১৬ চনত হোবাৰ্টৰ বেলেৰিভ অভালত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ দ্বিতীয়খন এদিনীয়া খেলত মান্ধানাই প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শতক (১০৯টা বলত ১০২টা) অৰ্জন কৰে।৩২মান্ধানা আছিল একমাত্ৰ ভাৰতীয় খেলুৱৈ যি ২০১৬ চনৰ আইচিচিৰ মহিলা দলৰ ভিতৰত স্থান লাভ কৰিছিল।৩৩
মান্ধানাই ২০১৭ চনৰ বিশ্বকাপৰ বাবে দলত অন্তৰ্ভুক্ত হয়৷ পাঁচ মাহৰ আৰোগ্য লাভৰ সময়ছোৱাত তেওঁ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপ কোৱালিফায়াৰ আৰু কোৱাড্ৰেংগুলাৰ ছিৰিজত অংশ ল'ব নোৱাৰিলে৷৩৪ডাৰ্বিত ইংলেণ্ডৰ বিৰুদ্ধে ৯০ ৰান সংগ্ৰহ কৰি তেওঁ বিশ্বকাপ আৰম্ভ কৰিছিল। তেওঁ নিজৰ দলটোক ৩৫ ৰাণেৰে জয়লাভ কৰাত সহায় কৰে, আৰু মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।৩৫তাৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দ্বিতীয় শতক(১০৬*) অৰ্জন কৰে৷
২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটোৰ মান্ধানা অংশ আছিল৷ ফাইনেলত ভাৰত ইংলেণ্ডৰ হাতত ৯ ৰানত পৰাস্ত হৈছিল।৩৬৩৭৩৮

মান্ধানাই ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে মহিলা টি-২০ত মাত্ৰ ২৪টা বলত ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম পঞ্চাশ অৰ্জন কৰিছিল। ২০১৮ চনৰ মাৰ্চ মাহত মহিলাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় (WT20I) খেলতো ভাৰতৰ হৈ তেওঁ পঞ্চাশটা অৰ্জন কৰিছিল৷ ইয়াৰ পিছত তেওঁ ২০১৭–১৮ চনৰ ভাৰত মহিলাৰ ত্ৰিদেশীত শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰে৷ ৩৯ পিছৰ মাহত ইংলেণ্ডৰ বিৰুদ্ধে খেলা তিনিখন এদিনীয়া মেচৰ বাবে তেওঁক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।৪০২০১৮ চনৰ ৩ আগষ্টত ২০১৮ চনৰ মহিলা ক্ৰিকেট ছুপাৰ লীগত প্ৰথম শতক অৰ্জন কৰে।৪১৪২
২০১৮ চনৰ অক্টোবৰ মাহত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা মহিলা বিশ্ব টি-২০ প্ৰতিযোগিতাৰ বাবে ভাৰতৰ দলত তেওঁ স্থান লাভ কৰে।৪৩৪৪প্ৰতিযোগিতাখনৰ পূৰ্বে তেওঁক দলৰ তাৰকা হিচাপে নিৰ্বাচিত কৰা হয়।৪৫প্ৰতিযোগিতাখনৰ সময়ত তেওঁ ভাৰতৰ বাবে WT20I মেচত ১০০০ ৰান সংগ্ৰহ কৰা তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।৪৬সেই বছৰতে তেওঁ ৬৬.৯০ গড়ে ৬৬৯ ৰান সংগ্ৰহ কৰি মহিলা এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় খেলৰ আগশাৰীৰ ৰাণ স্ক’ৰাৰ হিচাপে বিবেচিত হৈছিল। আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ আৰু আইচিচিৰ বছৰৰ মহিলা এদিনীয়া খেলুৱৈ হিচাপে মান্ধানা নিৰ্বাচিত হয়।৪৭
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ বাবে ভাৰতৰ মহিলা টি-২০ আই দলৰ অধিনায়ক হিচাপে মান্ধানা নিৰ্বাচিত হৈছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম টি-২০ খেলত ইংলেণ্ডৰ বিৰুদ্ধে মহিলা দলৰ নেতৃত্ব দি ভাৰতৰ হৈ কনিষ্ঠতম টি-২০ অধিনায়ক হিচাপে পৰিগণিত হয়। ২২ বছৰ আৰু ২২৯ দিন বয়সত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অ’পেনাৰগৰাকীয়ে গোৰোহাৰ আঘাতৰ বাবে তিনিখন মেচৰ শৃংখলাৰ পৰা বাদ পৰা হৰমনপ্ৰীত কৌৰৰ ঠাইত দায়িত্ব লয়।৪৮
২০১৯ চনৰ মে' মাহত তেওঁ চিইএটি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বঁটা ২০১৯ত বছৰৰ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰে।৪৯ ২০১৯ চনৰ নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজৰ সময়ত তেওঁ ইনিংছৰ ক্ষেত্ৰত তৃতীয় দ্ৰুততম ক্ৰিকেটাৰ হিচাপে মহিলা এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় মেচত ২০০০ ৰান সংগ্ৰহ কৰে৷ তেওঁ এই কৃতিত্ব অৰ্জন কৰিবলৈ ৫১টা ইনিংছৰ সহায় লয়।৫০
মান্ধানাই ২০২০ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া ২০২০ চনৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।৫১
২০২১ চনৰ মে' মাহত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ একক খেলৰ বাবে স্মৃতিক ভাৰতৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়।৫২ ২০২১ চনৰ আগষ্ট মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ একক খেলৰ বাবেও তেওঁক ভাৰতৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়।৫৩মেচখনৰ প্ৰথম ইনিংছত তেওঁ টেষ্ট ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে।৫৪ অষ্ট্ৰেলিয়াত এদিনীয়া আৰু টেষ্ট দুয়োটা খেলতে শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে মান্ধানা পৰিগণিত হয়।৫৫৫৬ ২০২২ চনৰ জানুৱাৰী মাহত তেওঁ ২০২২ চনৰ নিউজিলেণ্ডত অনুষ্ঠিত হোৱা মহিলা ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।৫৭২০২২ চনৰ জুলাই মাহত ইংলেণ্ডৰ বাৰ্মিংহামত ২০২২ চনৰ কমনৱেলথ গেমছত ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ভাৰতৰ দলৰ উপ-অধিনায়ক হিচাপে নিৰ্বাচিত হয়।৫৮
২০২২ চনত হাংঝোত অনুষ্ঠিত হোৱা এছিয়ান গেমছত তেওঁ সোণৰ পদক লাভ কৰে।৫৯
ৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰি থকা অৱস্থাত স্মৃতি]]
ৰাষ্ট্ৰীয় সন্মান
- ২০১৩-– অৰ্জুন বঁটা, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান৷৬০
তথ্যসূত্ৰ
- ↑ (13 February 2023). WPL Auction 2023: Royal Challengers Bangalore Buys Smriti Mandhana For Whopping Rs 3.40 Cr. English Jagran
- ↑ Smriti Mandhana. ESPNcricinfo
- ↑ Smriti Mandhana's journey from following her brother to practice to becoming a pivotal India batsman. ESPNcricinfo
- ↑ Kohli, Harmanpreet, Mandhana win top BCCI awards. ESPNcricinfo
- ↑ Smriti Mandhana wins Rachael Heyhoe-Flint Award. International Cricket Council
- ↑ PTI. (31 December 2021). Smriti Mandhana among four nominees for ICC Women's Cricketer of the Year Award · Cricket News - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ ANI ·, Dubai. (31 December 2021). Smriti Mandhana among nominees for ICC Women's Cricketer of the Year. হিন্দুস্তান টাইমছ
- ↑ Winner of the Rachael Heyhoe Flint Trophy for the ICC Women's Cricketer of the Year revealed. International Cricket Council
- ↑ Patnaik, Sidhanta. (7 September 2014). Mandhana's journey from Sangli to England. Wisden India
- ↑ Swamy, Kumar. (17 August 2014). Smriti Mandhana logs Test win on debut in UK. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Some people would say that I will become dark in the sun, and who will marry me if I played: Smriti Mandhana. www.dnaindia.com
- ↑ Kishore, Shashank. (18 March 2016). The prodigious journey of Smriti Mandhana. ESPNcricinfo
- ↑ Nag, Utathya. (18 March 2024). Smriti Mandhana: A pillar of Indian women’s cricket team. Olympics
- ↑ (31 October 2013). Smriti makes good use of Dravid's bat, scores double ton. The Times of India
- ↑ (25 October 2016). Mandhana powers India Red to title. Wisden India
- ↑ (17 October 2016). India Women stars relishing Big Bash opportunity. International Cricket Council
- ↑ (15 January 2017). Knee injury ends Mandhana's WBBL campaign. Wisden India
- ↑ Records / Women's Big Bash League, 2016/17 / Most runs. ESPNcricinfo
- ↑ Mandhana set to become first Indian to play in Super League. ESPNcricinfo
- ↑ WBBL04: All you need to know guide. Cricket Australia
- ↑ The full squads for the WBBL. ESPNcricinfo
- ↑ The Hundred 2021 - full squad lists. BBC Sport
- ↑ The Hundred: Southern Brave lose Smriti Mandhana and Harmanpreet Kaur for the rest of The Hundred. Sky Sports
- ↑ Indian stars join the Thunder Nation. Sydney Thunder
- ↑ Ultimate Guide: All you need to know for WBBL · 07. cricket.com.au
- ↑ (2021-11-17). Smriti Mandhana hits WBBL record-equalling 114 not out. The Hindu. PTI
- ↑ Mandhana, Rodrigues, Perry commit to Hundred as England players eye moves. ESPNcricinfo
- ↑ (13 February 2023). WPL Auction: Smriti Mandhana sold to Royal Challengers Bangalore for Rs 3.4 crore. Sportstar
- ↑ (2024-03-16). The rise of captain Smriti Mandhana. ESPNcricinfo
- ↑ Raj key in India's test of nerve. ESPNcricinfo
- ↑ (18 August 2014). Nagraj Gollapudi speaks to members of India's winning women's team. ESPNcricinfo
- ↑ Australia Women ace 253 chase to seal series. ESPNcricinfo
- ↑ (15 December 2016). Smriti lone Indian in ICC women's team. দ্য হিন্দু
- ↑ Ghosh, Annesha. (25 June 2017). No more glasses, but same tunnel vision for Mandhana. ESPNcricinfo
- ↑ Kimber, Jarrod. (24 June 2017). India provide the fireworks for Derby's big day. ESPNcricinfo
- ↑ Live commentary: Final, ICC Women's World Cup at London, 23 Jul, ESPNcricinfo, 23 July 2017
- ↑ World Cup Final, BBC Sport, 23 July 2017
- ↑ England v India: Women's World Cup final – live!, The Guardian, 23 July 2017
- ↑ Mooney, bowlers power Australia to six-wicket win. ESPNcricinfo
- ↑ Career highs for Smriti Mandhana, Deepti Sharma. International Cricket Council
- ↑ Mandhana Hit His First T20 Century In England. Naya India
- ↑ Smriti Mandhana lights up Manchester with maiden T20 ton. International Cricket Council
- ↑ Indian Women's Team for ICC Women's World Twenty20 announced. Board of Control for Cricket in India
- ↑ India Women bank on youth for WT20 campaign. International Cricket Council
- ↑ Key Players: India. International Cricket Council
- ↑ IND W vs AUS W, Women's World T20: Smriti Mandhana becomes third Indian batter to reach 1000 T20I runs. Times Now News
- ↑ (31 December 2018). Smriti Mandhana, Alyssa Healy named ICC ODI, T20I Players of 2018. ESPNcricinfo
- ↑ Smriti Mandhana, Youngest captain of T20I. indiatoday.in
- ↑ Desk, Sports Flashes. (14 May 2019). Kohli and Mandhana win International Cricketer of the Year award. Sports Flashes
- ↑ Rodrigues-Mandhana partnership guides India to series win over West Indies. International Cricket Council
- ↑ Kaur, Mandhana, Verma part of full strength India squad for T20 World Cup. ESPNcricinfo
- ↑ India's Senior Women squad for the only Test match, ODI & T20I series against England announced. Board of Control for Cricket in India
- ↑ India Women's squad for one-off Test, ODI and T20I series against Australia announced. Board of Control for Cricket in India
- ↑ (October 2021). Smriti Mandhana scores maiden Test hundred in pink ball Test against Australia. SportStar
- ↑ MyDigitalNEWS.in. (2 October 2021). Five Shocking Facts About Smriti Mandhana Becomes The First Indian Woman To Score A Test Century In Australia. My Digital NEWS.in
- ↑ Mohanarangan, Vinayakk. Data check: Breaking a record that stood since 1949 and other numbers from Smriti Mandhana's century. Scroll.in
- ↑ Renuka Singh, Meghna Singh, Yastika Bhatia break into India's World Cup squad. ESPNcricinfo
- ↑ Team India (Senior Women) squad for Birmingham 2022 Commonwealth Games announced. Board of Control for Cricket in India
- ↑ Asian Games Results. 2022 Asian Games, Hangzhou
- ↑ Shri Kiren Rijiju gave Arjuna Awards to Smriti Mandhana. Press Information Bureau
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মৃতি মান্ধানা” প্ৰবন্ধৰ সংশোধন ৬২১৫২৫ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।