বিনেশ ফোগাট (জন্ম ২৫ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। গীতা ফোগাট আৰু ববিতা কুমাৰীৰ দৰে সফল আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধা তেওঁৰ সম্বন্ধীয় ভগ্নী। এই দুই ভগ্নীয়ে কমনৱেলথ পদক লাভ কৰিছে।
বিনেশ ফোগাট কমনৱেলথ আৰু এছিয়ান গেমছ উভয়তে স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা।১
ব্যক্তিগত জীৱন আৰু পৰিয়াল
এটা হিন্দু জাত সম্প্ৰদায়ৰ পৰিয়ালত জন্ম হোৱা বিনেশ হৈছে মল্লযোদ্ধা মহাবীৰ সিং ফোগাটৰ সৰু ভাই ৰাজপালৰ জীয়ৰী। তেওঁ গীতা ফোগাট আৰু ববিতা কুমাৰীৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মল্লযোদ্ধাৰ সম্পৰ্কীয় ভগ্নী। এই দুই ভগ্নীয়েও কমনৱেলথ্ গেমছৰ ৫৫ কেজি শাখাত স্বৰ্ণপদক লাভ কৰিছিল।
বিনেশ আৰু তেওঁৰ দুই সম্পৰ্কীয় ভনীক প্ৰতিযোগিতামূলক মল্লযুদ্ধৰ ক্ষেত্ৰখনলৈ আনিবলৈ দেউতাক আৰু তেওঁৰ ভায়েক যথেষ্ট চাপ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। বিশেষকৈ হাৰিয়ানাৰ নিজৰ গাঁওবাসীয়ে এইক্ষেত্ৰত বিৰোধ কৰি আহিছিল। তেওঁলোকে নিজ সম্প্ৰদায়ৰ নীতি-আদৰ্শক বিসৰ্জন দিয়াৰ অভিযোগ অনা হৈছিল। তেওঁৰ আন এগৰাকী সম্পৰ্কীয় ভগ্নী ৰিতু ফোগাটো এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মল্লযোদ্ধা। ৰিতুই ২০১৬ বৰ্ষৰ কমনৱেলথ ৰেষ্টলিং চেম্পিয়নশ্বিপত এটা স্বৰ্ণপদক জিকিবলৈ সক্ষম হৈছিল।
২০১৮ চনৰ ১৩ ডিচেম্বৰত দীৰ্ঘদিনৰ বয়ফ্ৰে'ণ্ড আৰু সহযোগী মল্লযোদ্ধা সোমবীৰ ৰাথীৰ সৈতে বিনেশ বিবাহপাশত আৱদ্ধ হয়। জিন্দ জিলাৰ বাখটা খেৰা গাঁৱৰ বাসিন্দা সোমবীৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দুবাৰকৈ স্বৰ্ণপদক বিজয়ী খেলুৱৈ। ২০১১ চনৰ পৰাই দুয়োৱে ইজনে আনজনক জানিছিল। ভাৰতীয় ৰে'লবিভাগত কাম কৰাৰ সময়ত দুয়ো প্ৰথম চিনাকি হৈছিল আৰু পিছলৈ দুয়োৰে মাজত প্ৰেমৰ সূত্ৰপাত হৈছিল।
কেৰিয়াৰ
এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপ ২০১৩
২০১৩ চনত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপত মহিলাৰ ৫২ কেজি ফ্ৰিষ্টাইল শাখাত বিনেশ ফোগাটে ব্ৰঞ্জৰ পদক লাভ কৰে। এই খেলখনত ফোগাটে থাইলেণ্ডৰ কেও শ্ৰীপ্ৰাপাক ৩-০ ব্যৱধানত পৰাস্ত কৰে।
প্ৰথম ৰাউণ্ডত তেওঁ জাপানৰ নানামি ইৰিক ৩:১ ত পৰাস্ত কৰিছিল। ইয়াৰ পিছত কোৱাটাৰ ফাইনেলত ফোগাট কাজাখস্তানৰ তাত্যানা আমানঝ'লৰ হাতত ১:৩ ব্যৱধানত পৰাজিত হৈছিল।২
কমনৱেলথ্ গেমছ্ ২০১৪
২০১৪ চনত গ্লাছগ'ত অনুষ্ঠিত কমনৱেলথ্ গেমছত মহিলাৰ ফ্ৰিষ্টাইল ৪৮ কেজি শাখাত ফোগাটে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু স্বৰ্ণপদক জয় কৰিছিল।৩
এছিয়ান গেমছ্ ২০১৪
২০১৪ চনত দক্ষিণ কোৰিয়াৰ ইঞ্চিয়নত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ফ্ৰিষ্টাইল ৪৮ কেজি শাখাত বিনেশ ফোগাটে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।৪
গ'ল্ড কোষ্ট কমনৱেলথ্ গেমছ্ ২০১৮
বিনেশ ফোগাটে ২০১৮ বৰ্ষত গ'ল্ড কোষ্টত অনুষ্ঠিত কমনৱেলথ্ গেমছত মহিলাৰ ৫০ কেজি ফ্ৰিষ্টাইল ৰেষ্টলিঙত স্বৰ্ণপদক লাভ কৰে।
এছিয়ান গেমছ্ ২০১৮
২০১৮ বৰ্ষৰ এছিয়ান গেমছত বিনেশ ফোগাটে স্বৰ্ণপদক লাভ কৰে আৰু এছিয়ান গেমছত স্বৰ্ণপদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধাৰূপে পৰিগণিত হয়।১ মহিলাৰ ৫০ কেজি ফ্ৰিষ্টাইল ৰেষ্টলিঙৰ স্বৰ্ণ পদক লাভৰ খেলখনত বিনেশে জাপানৰ য়ুকি ইৰিক পৰাস্ত কৰিছিল।
১৮ ফ্ৰেব্ৰুৱাৰী, ২০১৯ত অনুষ্ঠিত হোৱা লৰিয়াছ ৱৰ্ল্ড স্প'ৰ্টছ্ এৱাৰ্ডছৰ বাবে মনোনীত ফোগাট প্ৰথমগৰাকী ভাৰতীয় এথলিট।৫
বঁটা-বাহন
- ২০১৬ বৰ্ষৰ অৰ্জুন বঁটা বিজয়ী৬
- "ষ্প'ৰ্টছ্ অথৰিটী অৱ্ ইণ্ডিয়া"ৰ দ্বাৰা ২০১৮ বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে মনোনয়ন।৭
- ২০২০ বৰ্ষৰ মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী৮
তথ্যসূত্ৰ
- ↑ Vinesh Becomes First Indian Woman Wrestler To Win Gold In The Asian Games. Headlines Today
- ↑ International Wrestling Database. www.iat.uni-leipzig.de
- ↑ (30 July 2014). Women's Freestyle 48 kg Final. glasgow2014.com
- ↑ (27 September 2014). Wrestler Vinesh Phogat wins18th bronze for India in Asian Games 2014. india.com
- ↑ Vinesh Phogat Becomes First Indian Athlete to be Nominated for Laureus World Sports Awards. News18
- ↑ After Winning The Arjuna Award, Wrestler Vinesh Phogat Promises Nothing Less Than Gold In Tokyo 2020, India Times, Sept 2016
- ↑ Padma Shri proposed for Bajrang Punia, Vinesh Phogat, Tmes of India, Oct 2018
- ↑ (21 August 2020). National Sports Awards 2020 announced – Rohit Sharma, Mariyappan T., Manik Batra, Ms Vinesh and Ms Rani bag the Khel Ratna. Press Information Bureau, India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনেশ ফোগাট” প্ৰবন্ধৰ সংশোধন ৪৭৫১৯৭ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।