অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয় কুমাৰ

বিজয় কুমাৰ (Vijay Kumar; জন্ম: ১৯ আগষ্ট ১৯৮৫) ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাঁৱত, কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ড’গ্ৰা ৰেজিমেণ্ট (১৬শ বেটেলিয়ান) ৰ ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বিজয় কুমাৰ (Vijay Kumar; জন্ম: ১৯ আগষ্ট ১৯৮৫) ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাঁৱত, কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ড’গ্ৰা ৰেজিমেণ্ট (১৬শ বেটেলিয়ান) ৰ ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত।১ তেওঁৰ খেলত বৰ্তমান পৃষ্ঠপোষকতা কৰে অলিম্পিক গ’ল্ড কুৱেষ্ট (Olympic Gold Quest)এ। তেওঁ Army Marksmanship Unit (AMU)ত ২০০৩ চনৰ পৰা নিয়োজিত হৈ আছে। কুমাৰৰ প্ৰশিক্ষক ৰাছিয়াৰ পাৱেল স্মিৰ’ন’ভ।

শ্বুটিং কেৰিয়াৰ

২০০৬ - ২০০৯

২০০৬ চনৰ কমনৱেলথ খেলসমূহত বিজয় কুমাৰে ২টা সোণৰ পদক অৰ্জন কৰে, ইয়াৰ ভিতৰত আছিল পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল একক শাখা আৰু দ্বৈত শাখা, দ্বৈত শাখাত তেওঁ পেম্বা তামাঙৰ সৈতে এই পদক দখল কৰে। একেবছৰৰে এচিয়ান গেমছটো তেওঁ এটা ব্ৰঞ্জৰ পদক দখল কৰে২। তাৰ পাছৰ বছৰ এচিয়ান চেম্পিয়নশ্বিপৰ ২৫ মিটাৰ চেণ্টাৰ ফায়াৰ পিষ্টলত তেওঁ দ্বিতীয় স্থান দখল কৰে।

২০০৯ চনত বেইজিঙত অনুষ্ঠিত ISSF বিশ্বকাপত ৰেপিড ফায়াৰ পিষ্টলত কুমাৰে ৰূপৰ পদক লাভ কৰে, চূড়ান্ত খেলত তেওঁক কেইথ চেণ্ডাৰচনে ০.১ প‍ইণ্টত পৰাজিত কৰে।

দিল্লী কমনৱেলথ খেলসমূহ, ২০১০

স্বদেশৰ ৰাজধানী চহৰত অনুষ্ঠিত প্ৰতিযোগিতা খনত বিজয়ে সৰ্বমুঠ তিনিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক দখল কৰে।

সোণৰ পদক (সমূহ)

১. পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল (দ্বৈত শখা)।

৭ অক্টোবৰ ২০১০ তাৰিখে গুৰপ্ৰীত সিং আৰু বিজয় কুমাৰে মুঠ ১১৬২ পইণ্ট অৰ্জন কৰি কমনৱেলথ খেলসমূহৰ নতুন অভিলেখ গঢ়ে।

২. পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল (একক শাখা)

তেওঁ সৰ্বমুঠ ৭৮৭.৫ (কোৱালিফাইং ৰাউণ্ডত ৫৮৩ আৰু চূড়ান্ত ৰাউণ্ডত ২০৪.৫) পইণ্ট অৰ্জন কৰে, এই পইণ্টেৰে তেওঁ ভাৰতীয় খেলুৱৈৰ কমনৱেলথ খেলসমূহত পুৰুষৰ ২৫মিটাৰ ৰেপিড ফায়াৰ পিষ্টলৰ একক শাখাৰ সৰ্বোচ্চ পইণ্টৰ পূৰ্বৰ অভিলেখ ভংগ কৰে, ইয়াৰ আগতে সৰ্বোচ্চ পইণ্ট আছিল ৭৭৮.২ যিটো অভিলেখ ২০০৬ চনৰ মেলৱৰ্ণ কমনৱেলথ খেলসমূহত স্থাপিত হৈছিল।

৩. পুৰুষৰ ২৫মিটাৰ চেণ্টাৰ ফায়াৰ পিষ্টল (দ্বৈত শাখা)

হৰপ্ৰীত সিং (৫৮৬) আৰু বিজয় কুমাৰ (৫৭৩)এ মুঠ ১১৫৯ পইণ্ট অৰ্জন কৰে।

ৰূপৰ পদক(সমূহ) ১. পুৰুষৰ ২৫মিটাৰ ৰেপিড ফায়াৰ পিষ্টল

১০ অক্টোবৰ ২০১০ তাৰিখে ৫৭৪ পইণ্ট অৰ্জনেৰে এই প্ৰতিযোগিতাৰ পুৰুষৰ ২৫মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত কুমাৰে ৰূপৰ পদক দখল কৰে, সোণৰ পদক দখল কৰে তেওঁৰ দ্বৈত প্ৰতিযোগিতাৰ সংগী হৰপ্ৰীত সিঙে (৫৮০ পইণ্ট)।

লণ্ডন অলিম্পিক, ২০১২

বিজয় কুমাৰে লণ্ডন অলিম্পিক, ২০১২ত পুৰুষৰ ২৫মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত ৰূপৰ পদক দখল কৰে৩ অলিম্পিকত কুমাৰৰ গড় স্ক’ৰ আছিল ৯.৭৬৭, তেওঁ প্ৰথম পৰ্যায়ত ১০ ছেকেণ্ডত ৭টা ইনাৰেৰে ২৯৩ পইণ্ট অৰ্জন কৰে, কুমাৰৰ পদকটি আছিল লণ্ডন অলিম্পিকত ভাৰতৰ দ্বিতীয় পদক৪.

ইয়াৰ আগতে লণ্ডন অলিম্পিকৰ পুৰুষৰ ১০মিটাৰ এয়াৰ পিষ্টল শাখাৰ চূড়ান্ত খেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয় কুমাৰ, ২৮ জুলাইত অনুষ্ঠিত হোৱা এই খেলৰ প্ৰাৰম্ভিক ঘূৰণত কুমাৰে ৩১শ স্থানহে লাভ কৰে৫

কেৰিয়াৰৰ সময় ৰেখা

২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল

২০০২২০০৬২০০৭২০০৮২০০৯২০১০২০১১২০১২
অলিম্পিক-—-ৰূপ
ৱৰ্ল্ড চেম্পিয়নশ্বিপ-৩৪শ স্থান ৫৬৯-
এচিয়ান গেমছ/AC4th ৫৭৭+১৯৮.৩১৪শ ৫৬৬
কমনৱেলথ খেলসমূহ-স্বৰ্ণ 581+197.2Not held
ৱৰ্ল্ড কাপ ১—১৯শ ৫৭৫৩৫শ ৫৬১—১০শ ৫৭৭
ৱৰ্ল্ড কাপ ২—১২শ ৫৭৬৩৪শ ৫৬৭৮ম ৫৮০ৰূপ ৫৮১+১৯৯.৪
ৱৰ্ল্ড কাপ ৩—৩৭শ ৫৬৮১৪শ ৫৭২১৫শ ৫৭৭১৬শ ৫৭৬
ৱৰ্ল্ড কাপ ৪৩৮শ ৫৬০২৫শ ৫৭৩৪০শ ৫৬৭৩৩শ ৫৬২২১শ ৫৭২
ৱৰ্ল্ড কাপ (ফাইনেল)NQNQNQহয়যোগ্যতা অৰ্জন
  • NQ: যোগ্যতা অৰ্জন নকৰিলে

২৫ মিটাৰ চেণ্টাৰ-ফায়াৰ পিষ্টল

২০০৬২০০৭
ৱৰ্ল্ড চেম্পিয়নশ্বিপ২৭শ ৫৭৭-
এচিয়ান গেমছ/AC৯ম ৫৮০ৰূপ ৫৮২
কমনৱেলথ খেলসমূহ—-

২৫ মিটাৰ ষ্টেণ্ডাৰ্ড পিষ্টল

২০০৭
ৱৰ্ল্ড চেম্পিয়নশ্বিপ-
এচিয়ান গেমছ/AC১২শ ৫৬২
কমনৱেলথ খেলসমূহ-অলিম্পিক ১২-

১০ মিটাৰ এয়াৰ পিষ্টল

২০০৫
অলিম্পিক-
ৰ্ল্ড চেম্পিয়নশ্বিপ-
এচিয়ান গেমছ/AC—
কমনৱেলথ খেলসমূহ-
ৱৰ্ল্ড কাপ ১—
ৱৰ্ল্ড কাপ ২—
ৱৰ্ল্ড কাপ ৩৮৯শ ৫৬০
ৱৰ্ল্ড কাপ ৪৭৩শ ৫৬৪
ৱৰ্ল্ড কাপ (ফাইনেল)NQ
  • NQ: যোগ্যতা অৰ্জন নকৰিলে

পুৰস্কাৰ আৰু স্বীকৃতি

লণ্ডন অলিম্পিক ২০১২ৰ বাবে

  • হিমাচল চৰকাৰৰ পৰা নগদ ধনৰ পুৰস্কাৰ৭।
  • ৰাজস্থান চৰকাৰৰ পৰা নগদ ধনৰ পুৰস্কাৰ৮।
  • চিম’গা গ’ল্ড পেলেচৰ পৰা ৩ কেজি সোণ।
  • ভাৰতীয় সেনাৰ পৰা নগদ ধনৰ পুৰস্কাৰ লগতে ছুবেদাৰৰ পৰা ছুবেদাৰ মেজৰ পদলৈ পদোন্নতি৯।

লগতে পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.thehindu.com/todays-paper/tp-in-school/artic
  2. ↑ himachal.us
  3. ↑ (3 August 2012). Vijay Kumar shoots silver medal in 25m Rapid Fire Pistol at London 2012 Olympics. Olympics Medal Tally
  4. ↑ (03 August 2012). Vijay Kumar wins India a silver medal in 25m rapid pistol shooting
  5. ↑ (29 July 2012). Vijay Kumar fails to qualify for 10m Air Pistol finals. The Times of India. Press Trust of India
  6. ↑ NDTV Sports. (3 August 2012). Profile: Vijay Kumar. NDTV
  7. ↑ Vijay Kumar wins Olympic silver: Rs 1 crore cash reward announced. The Economic Times
  8. ↑ economictimes.indiatimes.com/news/politics/natio
  9. ↑ timesofindia.indiatimes.com/city/chandigarh/Oly-

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়া শ্বুটাৰঅলিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০০৬৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।