চিৰাগ চন্দ্ৰশেখৰ শেট্টী (Chirag Chandrashekr Shetty; জন্ম: ৪ জুলাই ১৯৯৭) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ।১২ তেওঁ আৰু তেওঁৰ সংগী সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী ভাৰতৰ পৰা বি ডব্লিউ এফ বিশ্ব ৰেংকিঙৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰা প্ৰথম পুৰুষ ডাবলছ যুটি। তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিং ৭। তেওঁ ২০২২ চনৰ কমনৱেলথ গেমছত পুৰুষৰ ডাবলছত সোণৰ পদক লাভ কৰিছিল। ৩
কেৰিয়াৰ
শেট্টী আৰু সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডীয়ে ২০১৮ চনৰ কমনৱেলথ গেমছত মিক্সড টিম ইভেণ্টত ভাৰতক ঐতিহাসিক সোণৰ পদক অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইখন প্ৰতিযোগিতাতে তেওঁলোকে পুৰুষৰ ডাবলছত ৰূপৰ পদকো লাভ কৰিছিল।৪
২০১৯ চনত শেট্টী আৰু সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডীয়ে বি ডব্লিউ এফ ছুপাৰচিৰিজ বা বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ (ছুপাৰ ৫০০+) খিতাপ দখল কৰা প্ৰথম ভাৰতীয় ডাবলছ যুটি হিচাপে পৰিগণিত হয়, যেতিয়া তেওঁলোকে ফাইনেলত চীনা যুটি লি জুনহুই আৰু লিউ ইউচেনক পৰাস্ত কৰি থাইলেণ্ড অ’পেনৰ খিতাপ দখল কৰে।৫ ইয়াৰ পিছত তেওঁলোকে ২০১৯ চনৰ ফ্ৰেন্স অ'পেনত ৰানাৰ্ছ আপৰ স্থান দখল কৰে। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত তেওঁলোক ইণ্ডোনেছিয়াৰ যুটি মাৰ্কাছ ফাৰ্নাল্ডি গিডিয়ন আৰু কেভিন ছাঞ্জয়া চুকামুলজোৰ হাতত পৰাস্ত হয়।৬
২০২১ চনত শেট্টী আৰু সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডীয়ে দ্বিতীয় ৰাউণ্ডত ইণ্ডোনেছিয়াৰ যুটি মহম্মদ আহছান আৰু হেন্দ্ৰা চেটিয়াৱানৰ হাতত পৰাস্ত হৈ ২০২০ চনৰ ইউনেক্স থাইলেণ্ড অ'পেনৰ পৰা ক্ৰেচ আউট হয়।৭ জুলাই মাহত তেওঁ আৰু ৰেংকিৰেড্ডীয়ে ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল যদিও মাৰ্কাছ ফাৰ্নাল্ডি গিডিয়ন আৰু কেভিন সঞ্জয়া চুকামুলজোৰ হাতত পৰাস্ত হোৱাৰ পিছত গ্ৰুপ পৰ্যায়ত বাহিৰ হৈছিল। অৱশ্যে সমগ্ৰ প্ৰতিযোগিতাখনত অৱশেষত সোণৰ পদক বিজয়ী লি ইয়াং আৰু ৱাং চি-লিনক প্ৰথম গ্ৰুপ পৰ্যায়ৰ মুখামুখিত সংকীৰ্ণভাৱে পৰাস্ত কৰিবলৈ কেৱল তেওঁলোকৰ যুটিটোৱেই হে সক্ষম হৈছিল।৮ ডিচেম্বৰ মাহত শেট্টী আৰু ৰেংকিৰেড্ডীয়ে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ডেনিছ যুটি কিম এষ্ট্ৰপ আৰু এণ্ডাৰছ স্কাৰুপ ৰাছমুচেনৰ হাতত গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিব লগা হয়।
২০২২ চনত শেট্টী আৰু ৰেংকিৰেড্ডীয়ে ইণ্ডোনেছিয়াৰ যুটি কেভিন সঞ্জয়া চুকামুলজো আৰু মহম্মদ আহছানৰ হাতত প্ৰথম ছেটত পৰাস্ত হোৱাৰ পিছত তেওঁলোকে দ্বিতীয় ছেটটো জয় হৈ তৃতীয় ছেটটো ২১-১৯ গ’লত সমাপ্ত কৰি ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ২-০ গ’লত অগ্ৰগতি লাভ কৰে। ভাৰতক প্ৰথমবাৰৰ বাবে থমাছ কাপ ট্ৰফী লাভ কৰাত সহায় কৰাত ই গুৰুত্বপূৰ্ণ আছিল।৯
তথ্যসূত্ৰ
- ↑ Players: Chirag Shetty. Badminton World Federation
- ↑ Player Profile of Chirag Shetty. Badminton Association of India
- ↑ (12 November 2019). Satwiksairaj Rankireddy-Chirag Shetty, Sai Praneeth achieve career-best badminton rankings. India Today
- ↑ BAI recommends Satwiksairaj Rankireddy, Chirag Shetty and Sameer Verma for Arjuna Awards. India Today
- ↑ Thailand Open: Satwiksairaj Rankireddy, Chirag Shetty 1st Indian doubles pair to win Super 500 title. India Today
- ↑ French Open: Satwik and Chirag finish men’s doubles runners-up after losing final to Sukamuljo-Fernaldi. India Today
- ↑ (14 January 2021). Thailand Open: Satwiksairaj Rankireddy, Chirag Shetty crash out in 2nd round. India Today
- ↑ Rankireddy Satwiksairaj. Tokyo Organising Committee of the Olympic and Paralympic Games
- ↑ Manne Ratnakar. (May 15, 2022). India trounce Indonesia to clinch Thomas Cup · Badminton News - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰাগ শেট্টী” প্ৰবন্ধৰ সংশোধন ৪১৮১৭৭ (১৩ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।