অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

মনপ্ৰীত সিং (হকী খেলুৱৈ)

মনপ্ৰীত সিং সান্ধু (Manpreet Singh Sandhu; জন্ম ২৬ জুন ১৯৯২) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ২০১৭ চনৰ মে' মাহৰ পৰা ভাৰতৰ পুৰুষ ৰাষ্ট্ৰীয় ফিল্ড হকী দলৰ অধিনায়কৰ দায়িত্ব নিৰ্বাহ কৰিছে। তেওঁ নেতৃত্বত টকিঅ' ২০২০ অলিম্পিকত ভাৰতীয় ফিল্ড হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ হাফবেক হিচাপে খেলে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৫ ৬১৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মনপ্ৰীত সিং সান্ধু (Manpreet Singh Sandhu; জন্ম ২৬ জুন ১৯৯২) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ২০১৭ চনৰ মে' মাহৰ পৰা ভাৰতৰ পুৰুষ ৰাষ্ট্ৰীয় ফিল্ড হকী দলৰ অধিনায়কৰ দায়িত্ব নিৰ্বাহ কৰিছে। তেওঁ নেতৃত্বত টকিঅ' ২০২০ অলিম্পিকত ভাৰতীয় ফিল্ড হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে।১ তেওঁ হাফবেক হিচাপে খেলে।২৩

তেওঁ প্ৰথমবাৰৰ বাবে ২০১১ চনত ১৯ বছৰ বয়সত ভাৰতৰ হৈ খেলিছিল। তেওঁ ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ২০১৪ চনত এছিয়াৰ জুনিয়ৰ প্লেয়াৰ অফ দ্য ইয়েৰ হিচাপে মনোনীত হৈছিল।৪ ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে তেওঁৰ নাম ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছিল।

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

ভাৰতৰ পঞ্জাবৰ জলন্ধৰ চহৰৰ উপকণ্ঠ অঞ্চলৰ মিঠাপুৰ গাঁৱৰ এটা কৃষক পৰিয়ালত মনপ্ৰীত সিঙৰ জন্ম হৈছিল। মনপ্ৰীতে ২০২০ চনৰ ১৬ ডিচেম্বৰত মালয়েছিয়াৰ ইলি নাজৱা চাদ্দিকক বিয়া কৰায়। ২০১৩ চনত চুলতান অফ জোহৰ কাপত অংশগ্ৰহণ কৰাৰ সময়তে তেওঁলোকে পৰস্পৰক লগ পায়।৫

খেলত অৱতীৰ্ণ হোৱাৰ আগতে তেওঁ যোগাসনৰ লগতে ধ্যান কৰি, প্লেষ্টেচন বজাই আৰু বিশেষকৈ দিলজিৎ দোচাঞ্জ আৰু হানি সিঙৰ পঞ্জাবী ভাংৰা সংগীত শুনি মনোযোগ স্থিৰ কৰাৰ লগতে আৰাম কৰে। যেতিয়াই তেওঁ কোনো খেলৰ বাবে ভ্ৰমণ কৰে তেতিয়াই তেওঁ নিজৰ প্লেষ্টেচনটো লগত লৈ যায়।৬

তেওঁ চলমান খানৰ অনুৰাগী আৰু এম.এছ. ধোনী: দ্য আনটোল্ড ষ্টৰী, চক দে ইণ্ডিয়া, ভাগ মিলখা ভাগ আদিৰ দৰে ক্ৰীড়াভিত্তিক চলচ্চিত্ৰ উপভোগ কৰে, আৰু তেওঁ কয় যে প্ৰস্তাৱ পালে তেওঁ চলচ্চিত্ৰত অভিনয় কৰিবলৈ চেষ্টা কৰিব।৫

তেওঁৰ সপোন হৈছে ভাৰতৰ বাবে বৃহৎ জয় কঢ়িয়াই অনা আৰু সৰ্ববৃহৎ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক যিকোনো খেল খেলিবলৈ অনুপ্ৰাণিত কৰা।৫

কেৰিয়াৰ

মনপ্ৰীত ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক পদ্মশ্ৰী পাৰ্গত সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁ আছিল মনপ্ৰীতৰ নিজৰ গাঁও মিঠাপুৰৰে। হকী খেলি থাকোঁ‌তে তেওঁৰ ককায়েককেইজনে লাভ কৰা পুৰস্কাৰৰ দ্বাৰা তেওঁ অধিক আকৰ্ষিত হয়। প্ৰায় ২০০২ চনত, ১০ বছৰ বয়সত তেওঁ নিয়মীয়াকৈ হকী খেলিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়া তেওঁৰ মাতৃয়ে তেওঁক হকী খেলিবলৈ বাধা দিবলৈ কোঠাত আবদ্ধ কৰি ৰাখিছিল। অৱশ্যে শেষত তেওঁ পলাই সাৰিবলৈ সক্ষম হৈছিল। মনপ্ৰীতৰ প্ৰশিক্ষকে তেওঁৰ খঙাল জ্যেষ্ঠ ভ্ৰাতৃক তেওঁ খেলিবলৈ ইমান আগ্ৰহী হোৱাৰ বাবে অন্ততঃ তেওঁক চেষ্টা কৰিবলৈ দিবলৈ অনুৰোধ কৰে। মনপ্ৰীতে চুলতান অফ জোহৰ কাপৰ প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৫০০ টকা (২০০২ চনৰ বিনিময় হাৰত হিচাপত ১২ আমেৰিকান ডলাৰ) লাভ কৰাৰ পিছৰে পৰা তেওঁ পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ লয়। ২০০৫ চনত তেওঁ ভাৰতৰ প্ৰখ্যাত হকী একাডেমী জলন্ধৰৰ সুৰজিৎ হকী একাডেমীত নাম ভৰ্তি কৰে। ২০১১ চনত তেওঁ ভাৰতীয় জুনিয়ৰ দলৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে। তেওঁ জাৰ্মানীৰ প্ৰাক্তন অধিনায়ক মৰিটজ ফাৰ্ষ্টেৰ আদৰ্শ জ্ঞান কৰে আৰু চৰ্দাৰ সিঙৰ খেলৰ শৈলীৰ দ্বাৰা অনুপ্ৰাণিত হয়। তেওঁ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু ডেভিদ বেকহামৰ অনুৰাগী, আৰু তেওঁলোকৰ দৰে তেৱোঁ‌ জাৰ্চী নম্বৰ ৭ পৰিধান কৰে।৫

জুনিয়ৰ হকী

২০১৩ চনৰ পুৰুষ হকী জুনিয়ৰ বিশ্বকাপত মনপ্ৰীত ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলৰ অধিনায়ক হয়।৭ চূড়ান্ত খেলত মালয়েছিয়াক ৩-০ গ'লত পৰাস্ত কৰাৰ পিছত ২০১৩ চনৰ চুলতান অফ জোহৰ কাপত ভাৰতীয় দলে তেওঁৰ অধিনায়কত্বত স্বৰ্ণ পদক জয় কৰে আৰু ইয়াত মনপ্ৰীতেও এটা গ'ল কৰে।৮ ২০১৪ চনত এছিয়ান হকী ফেডাৰেশ্যনে তেওঁক জুনিয়ৰ প্লেয়াৰ অফ দা ইয়েৰৰ খিতাপ প্ৰদান কৰে।৯

ছিনিয়ৰ হকী

২০১২-২০১৬: অলিম্পিক, কমনৱেলথ আৰু এছিয়ান গেমছ

২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰে।৪

২০১৪ চনত দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ ভাৰতৰ পুৰুষ হকী দলৰ সদস্য আছিল আৰু দলটোৱে ফাইনেলত প্ৰতিদ্বন্দ্বী পাকিস্তানক ৪-২ গ'লত পৰাস্ত কৰি সোণৰ পদক জয় কৰিছিল।১০

২০১৪ চনত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৪-০ গ'লত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে।১১

২০১৬ চনত লণ্ডনত পুৰুষ হকী চেম্পিয়নছ ট্ৰফীত ভাৰতে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ১-৩ গ'লত পৰাজিত হোৱাৰ পিছত ৰূপৰ পদক জয় কৰে। এই প্ৰতিযোগিতাখনত ভাৰতে সুদীৰ্ঘ ৩৮ বছৰৰ পিছত ফাইনেলত উপনীত হৈছিল।১২

২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁক ভাৰতীয় দলত স্থান দিয়া হয়১৩ য'ত ভাৰতে কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ হাতত ১-৩ ব্যৱধানত পৰাজিত হয়।১৪

২০১৬ চনৰ চুলতান আজলান শ্বাহ কাপৰ সময়ত পিতৃৰ মৃত্যু

২০১৬ চনৰ ৬ এপ্ৰিলত চুলতান আজলান শ্বাহ কাপৰ উদ্বোধনী মেচখন ভাৰতে জাপানৰ বিৰুদ্ধে ১-২ ত জয়ী হয়। এই খেলখন আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ পূৰ্বে তেওঁ নিজৰ পিতৃৰ আকস্মিক মৃত্যুৰ খবৰ পায়। তেওঁৰ মৃত্যুৰ ৰীতি-নীতি পালন কৰিবলৈ ভাৰতলৈ উভতি যোৱাৰ বাবে ৭ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ বিপক্ষে হোৱা খেলত তেওঁ ভাগ ল'ব পৰা নাছিল। অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে মনপ্ৰীতৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবলৈ বাহুত ক'লা ফিতা পিন্ধাৰ লগতে এক মিনিটৰ মৌনতা পালন কৰিছিল। তেওঁৰ অনুপস্থিতিত ভাৰত ৫-১১ গ'লত পৰাজিত হয়।১৫ তেওঁৰ মাতৃয়ে তেওঁক উভতি যাবলৈ আৰু জাতিৰ গৌৰৱৰ বা' অলিম্পিক বে খেলিবলৈ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি পিতৃৰ ইচ্ছা পূৰণ কৰিবলৈ কয়।৫ তেওঁ ১০ এপ্ৰিল ২০১৬ তাৰিখে পৰৱৰ্তী কানাডা বনাম ভাৰতৰ খেলখন খেলিবলৈ দলটোত উভতি আহে আৰু সেই মেটচখনত ভাৰতে ১-৩ ত জয়লাভ কৰে। ১২ এপ্ৰিলত পাকিস্তানৰ বিপক্ষে হোৱা পৰৱৰ্তী খেলখনত ভাৰত পুনৰ ১-৫ ব্যৱধানত বিজয়ী হয় য'ত মনপ্ৰীতে প্ৰথম ৪ মিনিটৰ ভিতৰত এটা গ'ল কৰি প্ৰাৰম্ভিক চাপ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিউজিলেণ্ডে ১৩ তাৰিখে ভাৰতৰ বিৰুদ্ধে ২-১ গ'লত জয়ী হয়, য'ত মনপ্ৰীতে ভাৰতৰ একমাত্ৰ গ'লটো কৰে। ১৫ এপ্ৰিলত ভাৰতে তেওঁলোকৰ অন্তিম পুল মেচত মালয়েছিয়াৰ বিৰুদ্ধে ১-৬ ত জয়ী হয়। ১৬ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত ৪-০ গ'লত পৰাজিত হোৱাৰ পিছত ভাৰতে প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাখনত ভাৰতৰ মুঠ ১৮টা গ'লৰ ভিতৰত তেওঁ ২টা গ'ল কৰিছিল।৫১৬

ভাৰতীয় দলৰ অধিনায়কত্ব

১৮ মে ২০১৭ তাৰিখে তেওঁ ১ জুনত জাৰ্মানীত আৰম্ভ হোৱা তিনিখন ৰাষ্ট্ৰৰ আমন্ত্ৰণমূলক টুৰ্ণামেণ্ট আৰু ১৫ জুনত ইংলেণ্ডত আৰম্ভ হোৱা ৱৰ্ল্ড লীগ ছেমি ফাইনেলৰ বাবে ভাৰতৰ হকী দলৰ অধিনায়ক পদলৈ পদোন্নতি লাভ কৰে।১৭ তেওঁক ২০১৯ চনৰ পুৰুষৰ এফ আই এইচ প্লেয়াৰ অফ দ্য ইয়েৰ বঁটা প্ৰদান কৰা হয়। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পুৰুষ হকী দলৰ অধিনায়ক হিচাপে টকিঅ' ২০২০ অলিম্পিকলৈ যায় আৰু মেৰী কমৰ সৈতে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় পতাকা বহন কৰে। টকিঅ' ২০২০ অলিম্পিকত তেওঁৰ অধিনায়কত্বত ভাৰতে ব্ৰঞ্জৰ পদক জয় কৰে। ভাৰতে ফাইনেলত জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰে।১৮

টকিঅ' অলিম্পিক ২০২০

২০২১ চনত অনুষ্ঠিত টকিঅ' অলিম্পিক ২০২০ত মনপ্ৰীত সিঙৰ অধিনায়কত্বত ভাৰতীয় পুৰুষ দলে ব্ৰঞ্জৰ পদক জয় কৰে।১৯ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াৰ হাতত ১-৭ গ'লত পৰাজিত হোৱাৰ পিছত ভাৰতে তেওঁৰ নেতৃত্বত স্পেইন, আৰ্জেণ্টিনা (পূৰ্বৰ ডিফেণ্ডিং চেম্পিয়ন) আৰু জাপানক ক্ৰমাগতভাৱে পৰাস্ত কৰি এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ৩-১ত পৰাস্ত কৰে যদিও ছেমি ফাইনেলত সেই সময়ৰ বিশ্বৰ এক নম্বৰ আৰু শেষলৈ প্ৰতিযোগিতাৰ স্বৰ্ণ পদক বিজয়ী বেলজিয়ামৰ হাতত ২-৫ গ'লত পৰাস্ত হয়। ব্ৰঞ্জৰ পদকৰ খেলখনত ভাৰতে জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ১৯৮০ চনৰ পিছত অলিম্পিক গেমছত এইটো ভাৰতীয় হকী দলৰ প্ৰথম পদক আছিল।২০২১ ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ২২ লাভ কৰে।২৩২৪

তথ্যসূত্ৰ

  1. ↑ (2021-08-05). Hockey-India win bronze after dramatic victory over Germany. Reuters
  2. ↑ Manpreet Singh. Hockey India
  3. ↑ Manpreet Singh Profile. Glasgow 2014
  4. ↑ Manpreet named Asia’s Junior Player of the Year. The Hindu
  5. ↑ "Hockey captain Manpreet Singh: The #HiddenHero of sport more Indians should know about", Hindustan Times, 27 August 2017
  6. ↑ Manpreet Singh. Olympics
  7. ↑ "Manpreet to lead India's strong junior hockey world cup squad", News18, 27 November 2013
  8. ↑ "India beat Malaysia 3-0 to win Sultan of Johor Cup", Times of India, 29 September 2013
  9. ↑ "Manpreet named Asia’s Junior Player of the Year", The Hindu, 1 September 2014
  10. ↑ "Indian hockey team win gold at Incheon, qualify for Rio Olympics", The Hindu, 2 October 2014
  11. ↑ "CWG 2014: India men's hockey team lose to Australia, settle for silver", India Today, 3 August 2014
  12. ↑ "MM Somaya, Zafar Iqbal laud India’s Champions Trophy silver", India Today, 18 June 2016
  13. ↑ (12 July 2016). Sreejesh replaces Sardar as hockey skipper in India’s Rio squad. Hindustan Times
  14. ↑ tms.fih.ch/matches/8452/reports/matchreport
  15. ↑ "How Hockey Australia paid tribute to Manpreet Singh's father", Sportskeeda, 17 April 2016
  16. ↑ "Sultan Azlan Shah Cup: India fall in final as Australia clinch ninth title", Indian express, 16 April 2016
  17. ↑ "Hockey India names Manpreet Singh captain in PR Sreejesh's absence for World League semifinals", First Post, 18 May 2017
  18. ↑ (2021-08-05). Tokyo 2020 Olympics: India Win Bronze In Men's Hockey; PM Modi, Akshay Kumar laud. The Live Mirror
  19. ↑ (2021-08-05). India’s long medal wait in hockey ends after pulsating win in bronze playoff. The Indian Express
  20. ↑ Hockey - Olympic Schedule and Results · Tokyo 2020
  21. ↑ India win 'sensational' game to claim men's hockey bronze. BBC Sport
  22. ↑ আৰ্কাইভ কপি
  23. ↑ www.indiatoday.in/sports/other-sports/story/neer
  24. ↑ navbharattimes.indiatimes.com/sports/other-sport

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ফিল্ড হকী খেলুৱৈঅলিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনপ্ৰীত সিং (হকী খেলুৱৈ)” প্ৰবন্ধৰ সংশোধন ৫৪৬৫৩৫ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।