অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিশ্বনাথন আনন্দ

বিশ্বনাথন "বিশি" আনন্দ (Viswanathan Anand,(জন্ম: ১১ ডিচেম্বৰ ১৯৬৯) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ, পাঁচবাৰৰ প্ৰাক্তন বিশ্ব দবা চেম্পিয়নআৰু অভিলেখসংখ্যক দুবাৰৰ দবা বিশ্বকাপ চেম্পিয়ন। ১৯৮৮ চনত তেওঁ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰে। তেওঁ এনে খিতাপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২,৪১৫ শব্দ · ১৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বিশ্বনাথন "বিশি" আনন্দ (Viswanathan Anand,(জন্ম: ১১ ডিচেম্বৰ ১৯৬৯) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ, পাঁচবাৰৰ প্ৰাক্তন বিশ্ব দবা চেম্পিয়ন১আৰু অভিলেখসংখ্যক দুবাৰৰ দবা বিশ্বকাপ চেম্পিয়ন।২ ১৯৮৮ চনত তেওঁ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰে। তেওঁ এনে খিতাপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়। আন্ত:ৰাষ্ট্ৰীয় দবা সংস্থা(FIDE )সৰ্বকালৰ শীৰ্ষৰ ৰেটিং তালিকাত তেওঁৰ স্থান অষ্টম।৩ ২০২২ চনত তেওঁ সংস্থাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়।৪৫

আনন্দে ছয়খনীয়া শৃংখলাৰ মেচত আলেক্সি শ্বিৰভক পৰাস্ত কৰি ২০০০ চনত আন্ত:ৰাষ্ট্ৰীয় দবা সংস্থাৰ বিশ্ব দবা চেম্পিয়নৰ খিতাপ লাভ কৰে আৰু এই খিতাপ ২০০২ চনলৈকে নিজৰ অধীনত ৰাখে। ২০০৭ চনত ফিদেই বিশ্বৰ আঠজন শ্ৰেষ্ঠ খেলুৱৈৰ মাজত অনুষ্ঠিত কৰা ডাবল ৰাউণ্ড ৰবীন টুৰ্নামেণ্টত জয়ী হৈ তেওঁ বিশ্ব চেম্পিয়ন ৰূপে সৰ্বজনস্বীকৃত হয়। ইয়াৰ পিছত ২০০৮ চনত ভ্লাদিমিৰ ক্ৰামনিক, ২০১০ চনত ভেচেলিন টোপালভ আৰু ২০১২ চনত বৰিছ গেলফাণ্ডক হৰুৱাই বিশ্ব চেম্পিয়নৰ খিতাপ নিজৰ দখলত ৰাখে।৬২০১৩ চনত তেওঁ প্ৰতিযোগী মেগনাছ কাৰ্লচেনৰ হাতত খিতাপ হেৰুৱায় আৰু ২০১৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত ২০১৪ চনত কাৰ্লচেনৰ হাতত ৰি-মেচত পৰাস্ত হয়।৭

২০০৬ চনৰ এপ্ৰিল মাহত তেওঁ ক্ৰামনিক, টোপালভ আৰু গেৰী কাস্পাৰভৰ পিছত FIDEৰ ৰেটিং তালিকাত ২৮০০ এলো পইণ্ট অতিক্ৰম কৰা ইতিহাসৰ চতুৰ্থজন খেলুৱৈ হিচাপে পৰিগণিত হয়।৮২১ মাহ ধৰি তেওঁ বিশ্বৰ এক নম্বৰ স্থান দখল কৰি আছিল, যিটো সৰ্বদৈৰ্ঘ্যৰ তালিকাত ষষ্ঠ।

শিশু অৱস্থাত দ্ৰুত গতিৰ খেলৰ বাবে পৰিচিত আনন্দে ১৯৮০ চনত খেলুৱৈ জীৱনৰ আৰম্ভণিতে বিদ্যুৎ শিশু বা লাইটনিং কিড উপনাম লাভ কৰিছিল৯১০। তাৰ পিছত তেওঁ এজন বিশ্বমানৰ খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হয় আৰু বহুতে তেওঁক তেওঁৰ প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ দ্ৰুত দবা খেলুৱৈ বুলি গণ্য কৰে।১১১২২০০৩ আৰু ২০১৭ চনত তেওঁ সংস্থাই (FIDE) বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপ প্ৰদান কৰে। ১৩ ২০০০ চনত তেওঁ বিশ্ব ব্লিটজ কাপ,১৪ আৰু আন বহুতো শীৰ্ষ পৰ্যায়ৰ ৰেপিড আৰু ব্লিটজ খেলত জয়ী হয়।

১৯৯১-৯২ চনত বিশ্বনাথনে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা লাভ কৰিছিল। ২০০৭ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰি তেওঁ এই বঁটা লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ হিচাপে পৰিগণিত হয়।১৫

প্ৰাথমিক জীৱন

বিশ্বনাথন আনন্দৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১১ ডিচেম্বৰত ভাৰতৰ তামিলনাডুৰ মায়লাদুথুৰাইত।১৬১৭১৮ ১৯ পিছলৈ তেওঁ চেন্নাইলৈ গুচি যায় আৰু তাতে শৈশৱকাল অতিবাহিত কৰে।২০ তেওঁৰ পিতৃ কৃষ্ণমূৰ্তি বিশ্বনাথনে বিহাৰৰ জামালপুৰত অধ্যয়ন কৰিছিল আৰু দক্ষিণ ৰেলৱেৰ জেনেৰেল মেনেজাৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। মাতৃ সুশীলা আছিল এগৰাকী গৃহিণী, দবাৰ অনুৰাগী আৰু এগৰাকী প্ৰভাৱশালী সমাজসেৱী।২১

তিনিটা সন্তানৰ ভিতৰত আনন্দ সৰ্বকনিষ্ঠ। বায়েকতকৈ ১১ বছৰ আৰু ককায়েকতকৈ ১৩ বছৰ সৰু। তেওঁৰ ভাতৃ শিৱকুমাৰ ভাৰতৰ ক্ৰম্পটন গ্ৰীভছৰ মুখ্য ডিজাইন অভিযন্তা। তেওঁৰ ভগ্নী অনুৰাধা মিচিগান বিশ্ববিদ্যালয়ৰ অধ্যাপিকা।২২২৩

আনন্দে ছয় বছৰ বয়সতে মাকৰ পৰা দবা শিকিবলৈ আৰম্ভ কৰিছিল যদিও তেওঁ ফিলিপাইনচৰ মেনিলাত খেলটোৰ জটিলতাৰ বিষয়ে গভীৰভাৱে শিকিছিল। পিতৃয়ে ফিলিপাইনছ ৰাষ্ট্ৰীয় ৰে'লৱেৰ পৰামৰ্শদাতা হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত তেওঁ ১৯৭৮ চনৰ পৰা ১৯৮০ চনলৈ পিতৃ -মাতৃৰ সৈতে মেনিলাত বাস কৰিছিল।২৪ তাতে আনন্দে দবাখেলৰ উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ লাভ কৰে।

আনন্দে চেন্নাইৰ ডন বস্কো মেট্ৰিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল আৰু চেন্নাইৰ লয়লা কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।২৫ ২৬

ব্যক্তিগত জীৱন

১৯৯৬ চনত আনন্দে অৰুণাক বিয়া কৰায় আৰু ২০১১ চনৰ ৯ এপ্ৰিলত তেওঁলোকৰ এজন পুত্ৰ সন্তানৰ জন্ম হয়। পৰম্পৰাগত পদ্ধতি অনুসাৰে পুত্ৰৰ নাম ৰখা হয় আনন্দ অখিল।২৭

আনন্দৰ বাবে ধৰ্ম এক গভীৰ ব্যক্তিগত বিষয় আৰু সেয়ে তেওঁ ইয়াৰ বাহ্যিকতাক গুৰুত্ব নিদিয়ে। তেওঁ বিশ্বাস কৰে যে ধৰ্ম আৰু আধ্যাত্মিকতাৰ বিষয়ত প্ৰতিজন ব্যক্তিয়ে নিজৰ পচন্দ আৰু ঘনিষ্ঠতাৰ স্তৰ আৱিষ্কাৰ কৰিব লাগিব। ধৰ্মৰ লগত জড়িত আচাৰ-নীতি আৰু অনুষ্ঠানবোৰ তেওঁ পৰিহাৰ কৰি চলে। অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে তেওঁ ইয়াৰ পৰা সম্পূৰ্ণ দূৰৈত। ভাৰতত থাকিলে তেওঁ মন্দিৰলৈ যায়। মন্দিৰে প্ৰদান কৰা প্ৰশান্তি আৰু ইয়াৰ প্ৰতীকি সৌন্দৰ্যত তেওঁ আপ্লুত হৈ পৰে।২৮ দৈনিক প্ৰাৰ্থনাই তেওঁৰ মনক এক উচ্চ স্তৰলৈ লৈ যায় আৰু তেওঁক দবা খেলত ভালদৰে মনোনিৱেশ কৰাত সহায় কৰে।[29]

২০১০ চনৰ আগষ্ট মাহত আনন্দে ভাৰতৰ নামী ক্ৰীড়াবিদ আৰু সম্ভাৱ্য যুৱ প্ৰতিভাক প্ৰচাৰ আৰু সমৰ্থন কৰা অলিম্পিক গোল্ড কুৱেষ্ট নামৰ এটা সংস্থাৰ পৰিচালনা সমিতিত যোগদান কৰে।২৯৩০৩১ ২০১০ চনৰ ২৪ ডিচেম্বৰত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ খেলপথাৰত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে, য'ত ২০,৪৮৬ গৰাকী খেলুৱৈয়ে একেলগে দবা খেলাৰ এক নতুন বিশ্ব অভিলেখ সৃষ্টি কৰে।৩২৩৩

তেওঁৰ চখ হৈছে পঢ়া, সাঁতোৰ আৰু সংগীত শুনা।২৩

বিশ্বৰ দবা জগতত আনন্দ এজন জনপ্ৰিয় ব্যক্তি। প্ৰমাণ স্বৰূপে উল্লেখ কৰিব পাৰি যে আনন্দৰ একালৰ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতিদ্বন্দ্বী কাছপাৰভ, ক্ৰামনিক আৰু কাৰ্লচেনে তেওঁক ২০১০ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপৰ প্ৰস্তুতিত সহায় কৰিছিল।৩৪৩৫ আনন্দক "মাদ্ৰাজৰ বাঘ" বুলিও জনা যায়।৩৬

২০১০ চনৰ ৭ নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ বাবে আয়োজন কৰা নৈশ-ভোজত আনন্দ একমাত্ৰ নিমন্ত্ৰিত ক্ৰীড়াবিদ আছিল।৩৭৩৮২০১৫ চনৰ ২৬ মে'ত আনন্দৰ মাতৃৰ ৭৯ বছৰ বয়সত মৃত্যু হয়।৩৯ ২০২১ চনৰ ১৫ এপ্ৰিলত আনন্দৰ পিতৃৰ ৯২ বছৰ বয়সত মৃত্যু হয়।৪০

খেলুৱৈ জীৱনৰ আৰম্ভণি

ভাৰতীয় দবা জগতত আনন্দৰ উত্থান আছিল চমকপ্ৰদ। ১৯৮৩ চনত ১৪ বছৰ বয়সত ৯/৯ পইণ্ট লাভ কৰি ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ চেম্পিয়নশ্বিপ লাভ কৰাৰ পিছতে তেওঁৰ জয়যাত্ৰা আৰম্ভ হয়। ১৯৮৪ চনত আনন্দে কইম্বাটুৰত অনুষ্ঠিত এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত বিজয়ী হৈ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম) নৰ্ম লাভ কৰে। ইয়াৰ কিছু দিনৰ পিছতে তেওঁ থেছালনিকিত অনুষ্ঠিত ২৬ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় জাতীয় দলৰ হৈ পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে। তাত আনন্দে ১১খন খেলত ৭.৫ পইণ্ট লাভ কৰি দ্বিতীয়টো আই এম নৰ্ম লাভ কৰে।৪১ ১৯৮৫ চনত তেওঁ ১৫ বছৰ বয়সত হংকঙত অনুষ্ঠিত এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপ একেৰাহে দ্বিতীয় বছৰৰ বাবে জয় কৰি আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰৰ খিতাপ অৰ্জন কৰা সৰ্বকনিষ্ঠ ভাৰতীয় হিচাপে পৰিগণিত হয়।৪২ ১৬ বছৰ বয়সত তেওঁ ৰাষ্ট্ৰীয় দবা চেম্পিয়ন হয়। সেই খিতাপ তেওঁ আৰু দুবাৰকৈ লাভ কৰে। তেওঁ খেলবোৰ দ্ৰুত গতিত খেলিছিল। ১৯৮৭ চনত তেওঁ বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপত জয়ী হোৱা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ১৯৮৮ চনত ১৮ বছৰ বয়সত ভাৰতৰ কইম্বাটুৰত অনুষ্ঠিত শক্তি ফাইনেন্স আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত জয়ী হৈ ভাৰতৰ প্ৰথম গ্ৰেণ্ডমাষ্টাৰ হয়। এই প্ৰতিযোগিতাত তেওঁৰ অন্যতম উল্লেখযোগ্য সফলতা আছিল ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ এফিম গেলাৰৰ বিৰুদ্ধে জয়লাভ।৪৩ ১৮ বছৰ বয়সত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰে।

Viswanathan Anand 1992 Manila.jpg
ছবি: GFHund · CC BY 3.0

১৯৯৩ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপ চক্ৰত আনন্দে প্ৰাৰ্থী প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে। প্ৰথমখন মেচত জয়লাভ কৰে যদিও কোৱাৰ্টাৰ ফাইনেল মেচত ১৯৯০ চনৰ ৰানাৰ্ছ আপ আনাটোলি কাৰ্পভৰ হাতত সামান্য ব্যৱধানত পৰাস্ত হয়৪৪

১৯৯৪–৯৫ চনত প্ৰতিদ্বন্দ্বী ফিদে আৰু পিচিএ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জনৰ চক্ৰত আনন্দ আৰু গাটা কামস্কিয়ে আধিপত্য বিস্তাৰ কৰিছিল। ফিডে চক্ৰত আনন্দ আৰম্ভণিতে আগবাঢ়ি যোৱাৰ পিছত কামস্কিৰ হাতত দ্বিতীয় ৰাউণ্ডৰ (কেণ্ডিডেটছ ছেমিফাইনেল) মেচত পৰাস্ত হয়।৪৫ ১৯৯৬ চনৰ ফিডে চেম্পিয়নশ্বিপৰ মেচত কাৰ্পভৰ হাতত পৰাস্ত হৈছিল কামস্কি।

১৯৯৫ চনৰ পিচিএ চক্ৰত আনন্দে অলেগ ৰোমানিছিন আৰু মাইকেল এডামছৰ বিৰুদ্ধে খেলত কোনো পৰাজয় নোহোৱাকৈ জয়লাভ কৰে, তাৰ পিছত কেণ্ডিডেটছৰ ফাইনেলত কামস্কিক পৰাস্ত কৰি ফিদেৰ পৰাজয়ৰ প্ৰতিশোধ লয়।৪৬ ১৯৯৫ চনত নিউয়ৰ্ক চহৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত কাস্পাৰভৰ বিৰুদ্ধে পিচিএ ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ খেলিছিল। প্ৰথম আঠখন খেল ড্ৰ হোৱাৰ পিছত (২০১৮ চনৰ ২১ নৱেম্বৰতহে বিশ্ব চেম্পিয়নশ্বিপৰ মেচ মুকলি কৰাৰ এই অভিলেখ ভংগ হৈছিল) আনন্দে শক্তিশালী বিনিময় উৎসৰ্গা কৰি নৱম গেমত জয়লাভ কৰে, কিন্তু পৰৱৰ্তী পাঁচখনৰ ভিতৰত চাৰিখনত পৰাস্ত হয়। মেচখনত তেওঁ ১০.৫–৭.৫ ব্যৱধানত পৰাস্ত হয়।

১৯৯৮ চনৰ ফিডে চক্ৰত ফিডেই তেতিয়াৰ চেম্পিয়ন কাৰ্পভক সাত ৰাউণ্ডৰ একক অপসাৰণ কেণ্ডিডেটছ প্ৰতিযোগিতাত বিজয়ীজনৰ বিৰুদ্ধে ফাইনেলত প্ৰত্যক্ষভাৱে খেলাৰ সুবিধা প্ৰদান কৰে। এই সিদ্ধান্তৰ পৰা কাৰ্পভে লাভ কৰা মানসিক আৰু শাৰীৰিক সুবিধাৰ বাবে যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়, যাৰ ফলত ক্ৰামনিক প্ৰতিযোগিতাখনৰ পৰা আঁতৰি যায়। আনন্দে ফাইনেলত এডামছক পৰাস্ত কৰি প্ৰতিযোগিতাখনত জয়লাভ কৰে আৰু লগে লগে চেম্পিয়নশ্বিপৰ বাবে কাৰ্পভৰ সৈতে মুখামুখি হয়। এনে পৰিস্থিতিত আনন্দ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কাৰ্পভৰ বিৰুদ্ধে খেলিবলৈ তেওঁক "কফিনত অনা হৈছে " বুলিও তেওঁ বৰ্ণনা কৰিছিল।৪৭। তথাপিও নিয়মীয়া মেচখন ৩-৩ ব্যৱধানত শেষ হয়। নিয়ম অনুযায়ী তাৰ পিছত দ্ৰুত প্লে অফ হয় আৰু কাৰ্পভে ২-০ ত জয়লাভ কৰে। এইদৰে কাৰ্পভ ফিদে চেম্পিয়ন হৈয়েই থাকিল।

অন্যান্য ফলাফল

আনন্দে মেইঞ্জ চেছ ক্লাছিক (ই ২১ নং শ্ৰেণীৰ প্ৰতিযোগিতা) অভিলেখসংখ্যক ১১ বাৰ জয় কৰিছে। ২০০৮ চনত তেওঁ এই প্ৰতিযোগিতাৰ ১১ সংখ্যক খিতাপ দখলৰ পথত কাৰ্লচেনক পৰাস্ত কৰে।৪৮

ক’ৰাছ দবা প্ৰতিযোগিতাৰ পাঁচটা খিতাপ দখল কৰা প্ৰথমজন খেলুৱৈ আনন্দ। তেওঁ সেই সময়ৰ সৰ্বশ্ৰেষ্ঠ তিনিখন ছুপাৰটুৰ্ণামেণ্টৰ প্ৰতিখনতে জয়ী হোৱা প্ৰথমজন খেলুৱৈ: ক’ৰাছ (১৯৮৯, ১৯৯৮, ২০০৩, ২০০৪, ২০০৬), লিনাৰেছ (১৯৯৮, ২০০৭, ২০০৮), আৰু ডৰ্টমুণ্ড (১৯৯৬, ২০০০, ২০০৪)।

বাৰ্ষিক মেলোডি এম্বাৰ টুৰ্ণামেণ্টত আনন্দৰ গগনচুম্বী অভিলেখ আছে (২টা পৃথক আৰু অনন্য ব্লাইণ্ডফল্ড আৰু ৰেপিড চেছ ছুপাৰটুৰ্ণামেণ্ট খেলা)। ইয়াত তেওঁৰ সামগ্ৰিক পুৰস্কাৰ আছে (১৯৯৪, ১৯৯৭, ২০০৩, ২০০৫, আৰু ২০০৬ চনত জয়ী), আৰু সৰ্বাধিক ৯ বাৰ "ৰেপিডপ্লে" খিতাপ আছে। ইয়াৰ উপৰিও একে বছৰতে (দুবাৰকৈ, ১৯৯৭ আৰু ২০০৫ চনত) প্ৰতিযোগিতাখনৰ অন্ধ আৰু দ্ৰুত শাখাত জয়ী হোৱা আনন্দ হৈছে একমাত্ৰ খেলুৱৈ।

১৯৯৮ চনত কাছপাৰভে এডভান্স চেছ নামৰ এক ধৰণৰ দবাখেল প্ৰৱৰ্তন কৰে। ইয়াত খেলুৱৈসকলে চাল গণনা কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে। আনন্দে স্পেইনৰ লিঅ'নত অনুষ্ঠিত তিনিখন এডভান্সড চেছ প্ৰতিযোগিতাত একেৰাহে জয়লাভ কৰে আৰু তেওঁক বিশ্বৰ শ্ৰেষ্ঠ এডভান্সড চেছ খেলুৱৈ হিচাপে বহুলভাৱে স্বীকৃতি দিয়া হয়।৪৯

আনন্দৰ সংকলন মাই বেষ্ট গেমছ অৱ চেছ ১৯৯৮ চনত প্ৰকাশ পায় আৰু ২০০১ চনত পুনৰ্যোজন কৰা হয়। তেওঁৰ ব্যক্তিগত প্ৰতিযোগিতাৰ সফলতাৰ ভিতৰত ২০০৬ চনত ক'ৰাছ দবা প্ৰতিযোগিতা (ট'পালভৰ সৈতে যুটীয়াকৈ), ২০০৪ চনত ডৰ্টমুণ্ড, আৰু ২০০৭ আৰু ২০০৮ চনত লিনাৰেছ অন্যতম। ২০০৭ চনত তেওঁ গ্ৰেংকেলিছিং ৰেপিড প্ৰতিযোগিতাত লেভন এৰ'নিয়ানক পৰাস্ত কৰি দশমবাৰৰ বাবে বিজয়ীৰ সন্মান অৰ্জন কৰে।৫০ ইয়াৰ মাত্ৰ কেইদিনমান আগেয়ে আৰোনিয়ানে চেছ৯৬০ৰ চূড়ান্ত খেলত আনন্দক পৰাস্ত কৰিছিল।৫১

২০০৭ চনৰ মাৰ্চ মাহত আনন্দ লিনাৰেছ দবা প্ৰতিযোগিতাত বিজয়ী হয় আৰু ২০০৭ চনৰ এপ্ৰিল মাহৰ ফিদেৰ ৰেটিং তালিকাত তেওঁ বিশ্বৰ ১ নং স্থান লাভ কৰিব বুলি ভবা হৈছিল। কিন্তু প্ৰকাশ পোৱা প্ৰাৰম্ভিক তালিকাত লিনাৰেছৰ ফলাফল অন্তৰ্ভুক্ত কৰা হোৱা নাছিল বাবে আনন্দ আছিল দ্বিতীয় স্থানত। তাৰ পিছত ফিডেই ঘোষণা কৰে যে লিনাৰেছৰ ফলাফল অন্তৰ্ভুক্ত কৰা হ'ব।৫২ ফলত আনন্দে ২০০৭ চনৰ এপ্ৰিল মাহৰ তালিকাত প্ৰথম স্থান অধিকাৰ কৰে।৫৩

বিশ্ব দবা চেম্পিয়নশ্বিপ

১৯৯৫

১৯৯৫ চনত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত অনুষ্ঠিত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খেলত আনন্দ আৰু গেৰী কাস্পাৰভৰ মুখামুখি
১৯৯৫ চনত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত অনুষ্ঠিত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খেলত আনন্দ আৰু গেৰী কাস্পাৰভৰ মুখামুখিছবি: Copyright 2007, S.M.S.I., Inc. - Owen Williams, The Kasparov Agency. · CC BY-SA 3.0

১৯৯৩ চনত নতুনকৈ গঠন হোৱা প্ৰফেচনেল চেছ এছ’চিয়েশ্যনে (পিচিএ) ১৯–৩০ ডিচেম্বৰত গ্ৰ’নিংজেনত ৫৪ জনীয়া, ১১ ৰাউণ্ডৰ চুইছ ষ্টাইলৰ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে, যিখন ফিদেৰ ইণ্টাৰজ’নেলৰ সমতুল্য। আনন্দই ১১ৰ ভিতৰত ৭.৫ পইণ্ট পাই যুটীয়াকৈ প্ৰথম স্থান লাভ কৰি ১৯৯৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত স্থান নিশ্চিত কৰে।৫৪ পৰৱৰ্তী পৰ্যায়ত আনন্দে নিউয়ৰ্ক চহৰ আৰু লিনাৰেছত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল আৰু ছেমিফাইনেল মেচত ক্ৰমে এডামচ আৰু অলেগ ৰোমানিছিনক সহজেই পৰাস্ত কৰে। লাছ পালমাছত অনুষ্ঠিত ১২খন খেলৰ ফাইনেল মেচত কামস্কিৰ বিৰুদ্ধে খেলি আনন্দে সুবিধাজনক স্থানত থাকিও সময়ৰ অভাৱত ১ নং খেলত পৰাস্ত হয়। কিন্তু ৩, ৯ আৰু ১১ নং খেলত জয়লাভ কৰি তেওঁ অপ্ৰতিৰোধ্য হৈ উঠে আৰু সামগ্ৰিকভাবে ৬.৫–৪.৫ ব্যৱধানত জয়লাভ কৰি তেতিয়াৰ চেম্পিয়ন কাস্পাৰভৰ বিৰুদ্ধে বিশ্ব দবা চেম্পিয়নশ্বিপৰ মেচ খেলাৰ যোগ্যতা অৰ্জন কৰে।৫৫ আনন্দৰ জীৱনত এইটোৱেই আছিল প্ৰাৰ্থী প্ৰতিযোগিতাত প্ৰথম সাফল্য।

১৯৯৫ চনৰ ১০ ছেপ্টেম্বৰৰ পৰা ১৬ অক্টোবৰলৈ নিউয়ৰ্ক চহৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ ১০৭ নং মহলাত অনুষ্ঠিত হৈছিল ২০খন খেলৰ চেম্পিয়নশ্বিপ মেচ। একেৰাহে অভিলেখ সংখ্যক ( সেই সময়ৰ) আঠখন ড্ৰ’ৰে আৰম্ভ হোৱা মেচখনৰ আৰম্ভণিতে আনন্দে ৯ নং গেমত কাস্পাৰভৰ চিচিলিয়ান ডিফেন্সক হেঁচা মাৰি ধৰি শেষত শক্তিশালী বিনিময় বলিদানৰ জৰিয়তে ভাঙি পেলায়। কিন্তু পিছৰ পাঁচখন খেলত তেওঁ মাত্ৰ আধা পইণ্টহে লাভ কৰে, কাস্পাৰভৰ চিচিলিয়ান ড্ৰেগনৰ বিপক্ষে দুবাৰকৈ পৰাস্ত হয় আৰু শেষত ১০.৫–৭.৫ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে।৫৬ ইয়াৰ পিছতে কাস্পাৰভে আনন্দৰ মেচখনৰ প্ৰতি থকা মানসিক দৃষ্টিভংগীৰ ওপৰত মন্তব্য কৰে:

আনন্দ পাঁচখন খেলত মেচখন হাৰিল, গেম ১০ৰ পৰা ১৪ত। মই কাৰ্পভৰ বিপক্ষে খেলা প্ৰথমখন মেচত একেৰাহে বহু খেলত পৰাস্ত হৈছিলোঁ, কিন্তু তেওঁ ইমান ভাল আছিল বুলি মই নাভাবোঁ। মোৰ বাবে সেয়া আছিল এক ডাঙৰ অভিজ্ঞতা। আনন্দ আৰু তেওঁৰ দলে এই কথাত পৰ্যাপ্ত গুৰুত্ব দিয়া নাছিল যে তেওঁ বিশ্ব চেম্পিয়নশ্বিপ খেলিছে। ইমান দীঘলীয়া সময়ৰ বাবে তেওঁ ইমান শক্তিশালী প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পূৰ্বে খেলা নাই। এপ্ৰিল মাহত কামস্কিৰ সৈতে তেওঁৰ মেচখন আমি ইয়াত খেলা মেচখনৰ লগত তুলনা কৰিব নোৱাৰি... মই তেওঁৰ কৌশলটোক সমালোচনা কৰিছো। তেওঁ নিৰ্দিষ্ট কৌশল অবিহনে খেলিব পাৰিলেহেঁতেন আৰু মেচ খেলি থকা সময়ত খাপ খুৱাই ল’ব পাৰিলেহেঁতেন। দবাৰ প্ৰস্তুতি অতি উত্তম আছিল, কিন্তু কিছুমান মানসিক পৰামৰ্শ সঠিক নাছিল৫৭

১৯৯৫ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপ মেচ
খেলুৱৈৰেটিং123456789101112131415161718মুঠ
গেৰী কাস্পাৰ'ভ ৰাছিয়া2795½½½½½½½½011½11½½½½10½
বিশ্বনাথন আনন্দ ভাৰত2725½½½½½½½½100½00½½½½7½

১৯৯৮ চনৰ ফিদে বিশ্ব দবা চেম্পিয়নশ্বিপ

১৯৯৮ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপত এক ব্যতিক্ৰমী পদ্ধতি অৱলম্বন কৰা হৈছিল। এই চেম্পিয়নশ্বিপত ১০০ গৰাকী খেলুৱৈৰ নক-আউট প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, য’ত প্ৰত্যেক ৰাউণ্ডত দুখনকৈ খেলৰ মেচ অনুষ্ঠিত হৈছিল আৰু সমান ফলাফলৰ ক্ষেত্ৰত ৰেপিড আৰু ব্লিটজ গেমৰ যোগেদি বিজয়ী নিৰ্ধাৰণ কৰা হৈছিল। এই প্ৰতিযোগিতাৰ এক বিতৰ্কিত দিশ আছিল যে সেই সময়ৰ চেম্পিয়ন কাৰপভক পোনপটীয়াকৈ ফাইনেলত স্থান দিয়া হৈছিল। এই ফাইনেল চূড়ান্ত তিনিটা সপ্তাহৰ প্ৰতিযোগিতা শেষ হোৱাৰ মাত্ৰ তিনি দিনৰ পিছত অনুষ্ঠিত হৈছিল। এই পদ্ধতিয়ে কাৰপভক বিশ্ৰাম আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সুবিধা দিছিল।৫৮ এই পদ্ধতিৰ বাবে কাচপাৰভ আৰু ক্ৰামনিক উভয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অমান্তি হৈছিল।৫৯৬০ ক্ৰামনিকে তেওঁৰ অনুপস্থিতিৰ বিষয়ে স্পষ্টকৈ কৈছিল, "চাম্প্ৰাছক এখন মেচহে খেলিবলৈ দি উইম্বলডনৰ খিতাপ ৰক্ষা কৰিবলৈ কোৱাটো কি ন্যায়সংগত হ’ব?"৬১

কাচপাৰভে অংশগ্ৰহণ নকৰাৰ বাবে আনন্দে নেদাৰলেণ্ডছৰ গ্ৰ'নিঙেনত অনুষ্ঠিত এই প্ৰতিযোগিতাত শীৰ্ষ স্থানৰ খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰে। তেওঁ তৃতীয় ৰাউণ্ডত ভবিষ্যৎ ফিদে চেম্পিয়ন আলেক্সাণ্ডাৰ খালিফমানক পৰাস্ত কৰি জল্টন আলমাচি, এলেক্সেই চিৰ’ভ আৰু ব'ৰিছ গেলফাণ্ডক সহজে পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৩০ ডিচেম্বৰত নৱম স্থানৰ মাইকেল এডাম্ছৰ সৈতে হোৱা ফাইনেলত আনন্দে প্ৰথম চাৰিটা গেম ড্ৰ’ কৰে। ২৩ দিনত ২১টা গেম খেলাৰ পিছত আনন্দক দেখাদেখিকৈ ভাগৰুৱা যেন লাগিছিল। তেওঁ অৱশেষত এখন ব্লিটজ গেমত বিজয়ী হৈ ৩–২ ৰ ফলাফলত বিজয়ী হয়।৬২৬৩৬৪

এডাম্ছক পৰাস্ত কৰাৰ লগে লগে আনন্দে সদলবলে চুইজাৰলেণ্ডৰ লাউছানত থকা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি মিউজিয়ামলৈ যাত্ৰা কৰে। তাত তেওঁ কাৰপভৰ সৈতে ফিদে বিশ্ব খিতাপৰ ছটা গেমৰ মেচ খেলিব লাগিব। প্ৰি-মেচ প্ৰস্তুতিৰ বাবে মাত্ৰ চাৰি ঘণ্টা সময় পোৱা আনন্দে প্ৰথম গেমটো হেৰুৱাইছিল। কাৰপভে ৩১নং চালত সাহসিকতাৰে ৰাণীক উৎসৰ্গা কৰি আনন্দক আচৰিত কৰিছিল। কিন্তু আনন্দে দ্বিতীয় গেমত ৪২টা চালত কাৰপভক পৰাস্ত কৰিছিল। তৃতীয় গেম অমীমাংসিত হয়। চতুৰ্থ গেম হেৰুৱাৰ পিছত মেচখনক প্লে'অফ পৰ্যায়লৈ নিবলৈ আনন্দে শেষ গেমটোত জয়লাভ কৰাটো প্ৰয়োজন আছিল। বগা ৰঙেৰে খেলি তেওঁ "ট্ৰম্প'স্কী আক্ৰমণ"ৰে খেল আৰম্ভ কৰিছিল। কাৰপভে ভালদৰে ৰক্ষা কৰি আছিল, কিন্তু ২৮নং চালত..Qd8? দি এক মাৰাত্মক ভুল কৰিলে। ফলত তেওঁ এটা শক্তি হেৰুৱাই পৰাজিত হ'ল।৬৫

প্ৰথম ৰেপিড প্লে’অফ গেমত আনন্দে কিছুমান সুবিধা লাভ কৰিছিল, কিন্তু এটা ভুল গণনাৰ (৪০...a4?) ফলত তেওঁ পৰাজিত হৈছিল। কাৰপভে দ্বিতীয় গেমতো বিজয়ী হৈ ৫–৩ৰ ফলাফলত বিশ্ব খিতাপ ৰক্ষা কৰিবলৈ সক্ষম হয়।৬৬৬৭

মেচৰ পিছত আনন্দে প্ৰতিযোগিতাৰ ন্যায়সংগততাৰে পুনৰ প্ৰশ্ন তুলিলে।

    • "এইখন যেন এক মাৰাথন শেষ কৰাৰ পিছত মোক ১০০ মিটাৰ দৌৰিবলৈ কোৱাৰ দৰে....কাৰপভে তেওঁৰ প্ৰত্যাহ্বানকাৰীৰ শৱটো শৱপেটিকাত আনি তেওঁক দিয়াৰ বাবে অপেক্ষা কৰি আছিল। কাৰপভৰ বাহিৰে আন কোনোবা জিকিলে সেয়া এক বিশ্ব চেম্পিয়নশ্বিপ, অন্যথা এয়া নহয়।" ৬১

কাৰপভে আনন্দৰ মানসিকতাৰ উল্লেখ কৰি কৈছিল যে, " ডাঙৰ মেচ জয় কৰাৰ গুণ তেওঁৰ নাই।" ৬৮ আনফালে, কাচপাৰভে এই মেচক এজন "ক্লান্ত খেলুৱৈ আৰু এজন বয়স্ক খেলুৱৈৰ মাজৰ মেচ" বুলি গুৰুত্ব দিয়া নাছিল।৬৯

১৯৯৮ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপ মেচ
খেলুৱৈৰেটিং123456R1R2মুঠ
আনাট’লি কাৰপভ ৰাছিয়া274510½1½0115
বিশ্বনাথন আনন্দ ভাৰত276501½0½1003

২০০০ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপ

২০০০চনৰ ২৫ নৱেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈকে ভাৰতৰ নতুন দিল্লী আৰু ইৰানৰ তেহৰানত ১০০ খেলুৱৈৰ এখন একক-অপসাৰণ প্ৰকাৰৰ টুৰ্নামেণ্ট অনুষ্ঠিত হৈছিল। ২০০০ চনৰ ফিদে বিশ্বকাপ জিকাৰ পিছত বিশ্বনাথন আনন্দে টুৰ্নামেণ্টত প্ৰথম স্থানত বাছনি পোৱাৰ লগতে শীৰ্ষ প্ৰাৰ্থী হিচাপে প্ৰবেশ কৰে। তেওঁ ভেছেলিন টোপালভ, ব’ৰিছ গেলফাণ্ড, আৰু এলেক্সেই চিৰভৰ সৈতে অন্যতম প্ৰাৰ্থী আছিল।৭০ ১৯৯৯ চনত বিশ্ব চেম্পিয়নশ্বিপৰ সংস্কৰণটোত অংশ নোলোৱাৰ পিছত আনন্দে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছিল। তেতিয়া তেওঁ গেৰী কাস্পাৰভৰ সৈতে এখন শীৰ্ষ মেচৰ আলোচনা কৰিছিল যদিও ই ব্যৰ্থ হৈছিল।৭১ এই প্ৰতিযোগিতাত কাস্পাৰভ আৰু ভ্লাডিমিৰ ক্ৰামনিকে অংশগ্ৰহণ নকৰিলে। আনন্দৰ দ্বিতীয় সহায়ক আছিল স্পেনীয় গ্ৰেণ্ডমাষ্টাৰ এলিজবাৰ উবিলাভা।

নিজ ভূমিৰ হৈ হৰ্ষোল্লাস কৰা দৰ্শকৰ মাজত আনন্দে আৰম্ভণি পৰ্যায়বোৰ সহজে পাৰ কৰে। তেওঁ ভিক্টৰ বলগান, ছম্বাট লপুটিয়ান, আৰু বাৰ্তলোমেই মাচিয়েকাক পৰাস্ত কৰাৰ পিছত কোৱাৰ্টাৰ ফাইনেলত পুৰ্বৰ চেম্পিয়ন আলেকজেণ্ডাৰ খালিফম্যানৰ সৈতে চাৰিখন মেচৰ ড্ৰ কৰে। তাৰ পিছত ১৫ মিনিটৰ টাইব্ৰেক গেমত জিকি আনন্দ অগ্ৰসৰ হয়।৭২ চেমিফাইনেলত মাইকেল এডামছৰ বিৰুদ্ধে আনন্দে গেম ১ ড্ৰ কৰে আৰু গেম ২ত এডামছৰ পজিচনেল ভুল (২০...c5?)ৰ সুযোগ লৈ ৩৬ চালত বিজয় নিশ্চিত কৰে।৭৩

ফাইনেল মেচ

২০০০ চনৰ ২০ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ তেহৰানত অনুষ্ঠিত চূড়ান্ত মেচত আনন্দে চিৰভৰ বিৰুদ্ধে খেলিছিল। গেম ১ ড্ৰ হোৱাৰ পিছত গেম ২ত আনন্দে ৰুই ল’পেজ ওপেনিঙৰ এক উত্তপ্ত লাইনত প্ৰবেশ কৰে আৰু ৪১তম চালত চিৰভক জুগজোৱাং পৰিস্থিতিত পেলাই বিজয়ী হয়। গেম ৩ত চিৰভৰ নাওৰ উৎসৰ্গা প্ৰত্যাখ্যান কৰি আনন্দে মেচৰ দখল লয় আৰু গেম ৪ত বিজয়ৰ সৈতে বিজয় নিশ্চিত কৰে।৭৪

এই টুৰ্নামেণ্টত আনন্দে কোনোধৰণৰ পৰাজয় নোহোৱাকৈ অগ্ৰসৰ হৈছিল—৮খন বিজয় আৰু ১২খন ড্ৰ। এই বিজয়ৰ লগে লগে আনন্দ পূৰ্ব এচিয়াৰ প্ৰথম বিশ্ব চেম্পিয়ন আৰু ববী ফিছাৰৰ পিছত চোভিয়েট ইউনিয়নৰ বাহিৰৰ প্ৰথম চেম্পিয়ন হিচাপে পৰিচিত হয়।৭৫ এই বিজয়ৰ বাবে তেওঁ $৫,২৮,০০০ পুৰস্কাৰ লাভ কৰে।৭৩ ভাৰতলৈ উভতি অহাৰ পিছত আনন্দক ভাৰত চৰকাৰে পদ্মভূষণ সন্মান প্ৰদান কৰে।

বিশ্ব চেম্পিয়নশ্বিপ মেচ ২০০০
খেলুৱৈৰেটিং1234Points
এলেক্সেই চিৰভ, স্পেইন2746½000½
বিশ্বনাথন আনন্দ, ভাৰত2762½1113½

২০০৫

আনন্দে ২০০৫ চনৰ ফিদে বিশ্ব দবা চেম্পিয়নশ্বিপত পিটাৰ শ্বিদলাৰৰ সৈতে সমান সমান স্কৰ কৰি দ্বিতীয় স্থান লাভ কৰে। এই প্ৰতিযোগিতাখনত ভেছেলিন টোপাল’ভে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে।

তথ্যসূত্ৰ

  1. ↑ V. Anand. Chess games
  2. ↑ (2017-09-02). Viswanathan Anand returns to chess World Cup after 15 years, eyes Candidate spot. Hindustan Times
  3. ↑ Anand's FIDE rating chart
  4. ↑ (7 August 2022). Russian former deputy PM Dvorkovich re-elected chess federation president. Reuters
  5. ↑ (7 August 2022). Anand elected Fide vice-president, Arkady wins second term. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  6. ↑ Ананд сохраняет титул. FIDE
  7. ↑ Candidates' R13: Anand Draws, Clinches Rematch with Carlsen
  8. ↑ All time Top 100 Ranklist by Highest ELO Rating. chess-db.com
  9. ↑ (31 May 2012). Viswanathan Anand: The Lightning Kid
  10. ↑ (10 April 2008). Lightning kid
  11. ↑ (21 August 2006). Outlook India: Anand world's best rapid chess player. Outlook India
  12. ↑ (5 November 2012). London Speaker Bureau: Viswanathan Anand's biography. London Speakers Bureau
  13. ↑ (29 December 2017). Viswanathan Anand wins World Rapid Chess Championship; watch his crowning moment. The Indian Express
  14. ↑ Vishy Anand Strikes At Warsaw: Rapid King Also Blitz King
  15. ↑ (21 April 2020). Anand ambassador of WWF India. ChessBase India
  16. ↑ (31 May 2012). Viswanathan Anand: Who is he?. ইণ্ডিয়া টুডে
  17. ↑ Omar, Paurush. (7 August 2022). Grandmaster Viswanathan Anand elected as the deputy president of FIDE. Mint
  18. ↑ (31 May 2012). Viswanathan Anand: Who is he?. India Today
  19. ↑ (2008-10-01). Vishy Anand: 'Chess is like acting'. Chess News
  20. ↑ (2008-10-01). Vishy Anand: 'Chess is like acting'. Chess News
  21. ↑ Ninan, Susan. (28 May 2015). Super mom who shaped Anand's career no more. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  22. ↑ (11 December 1969). A Tamil entertainment ezine presenting interesting contents and useful services. Nilacharal
  23. ↑ (15 September 2014). Long Story Short with Leslie Wilcox: Viswanathan Anand. PBS Hawai‘i
  24. ↑ (15 September 2014). Long Story Short with Leslie Wilcox: Viswanathan Anand. PBS Hawai‘i
  25. ↑ Muthalaly, Susan. (25 May 2007). Don Bosco 'boys' reminisce about their good old days. দ্য হিন্দু
  26. ↑ (12 August 2009). Vishwanathan Anand: The King of 64 Squares. MSN
  27. ↑ (14 April 2011). Aruna and Anand have a baby boy. ChessBase
  28. ↑ (4 April 2021). Anand number one in the news
  29. ↑ (10 August 2010). Chess News – NYT: India swoons over its chess champ. ChessBase
  30. ↑ (6 August 2010). Vishwanathan Anand joins Olympic Gold Quest. হিন্দুস্তান টাইমছ
  31. ↑ (7 August 2010). Anand joins board of Olympic Gold Quest. Rediff.com
  32. ↑ (10 August 2010). Chess News – NYT: India swoons over its chess champ. ChessBase
  33. ↑ (25 December 2010). Anand at Ahmedabad for Chess world record. IndiaVoice
  34. ↑ (19 May 2010). Chess News – Anand in Playchess – the helpers in Sofia. ChessBase
  35. ↑ (20 May 2010). Kasparov, Kramnik came to Viswanathan Anand's aid. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  36. ↑ Moore, Matthew. (30 October 2008). Chess world title: Viswanathan Anand beats Vladimir Kramnik. The Daily Telegraph
  37. ↑ (8 November 2010). Obamas meet India's high and mighty. Rediff.com
  38. ↑ Viswanathan Anand's Mother Sushila Passes Away · Chess News. NDTVSports.com
  39. ↑ Viswanathan Anand's Mother Sushila Passes Away · Chess News. NDTVSports.com
  40. ↑ (15 April 2021). Viswanathan Anand's father dies
  41. ↑ Priyadarshan Banjan. (19 February 2015). Vishy Anand: a passionate portrait – part three. Chess News. ChessBase
  42. ↑ Priyadarshan Banjan. (27 December 2014). Vishy Anand: a passionate portrait (2). ChessBase
  43. ↑ Efim Geller vs Viswanathan Anand (1987)
  44. ↑ World Chess Championship 1991–93 Candidates Matches . Retrieved 15 April 2007
  45. ↑ 1994–96 FIDE Candidates Matches, Mark Weeks' Chess Pages
  46. ↑ World Chess Championship 1994–95 PCA Candidates Matches . Retrieved 15 April 2007
  47. ↑ Hari Hara Nandanan. (15 May 2010). Why this nice guy always wins. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  48. ↑ Chessvine article, "Vishy Anand and Magnus Carlsen"
  49. ↑ Advanced Chess matches
  50. ↑ Fischer, Johannes. (20 August 2007). Mainz 2007 – Anand wins Rapid Final. ChessBase
  51. ↑ (17 August 2007). Mainz 2007 – Aronian wins Chess960 world championship. ChessBase
  52. ↑ ChessBase . Retrieved 15 April 2007
  53. ↑ ChessBase . Retrieved 15 April 2007
  54. ↑ 1993 Groningen PCA Qualifier chess results
  55. ↑ Candidates Matches: 1994–1995 cycle
  56. ↑ Byrne, Robert. (3 October 1995). The New York Times: Lasparov Steamrolls a Lackluster Anand. The New York Times
  57. ↑ The Week In Chess 53
  58. ↑ (Scroll.in) When Viswanathan Anand's father lost a bet against him becoming world chess champion
  59. ↑ The Week In Chess 139
  60. ↑ The Week In Chess 161
  61. ↑ (Outlook India) Castle In The Air? Twice against the Super-Ks, Anand has faltered at the summit
  62. ↑ The Week In Chess 164
  63. ↑ The Week In Chess 165
  64. ↑ The Week In Chess 165
  65. ↑ (ChessBase) 20 years ago: Anand and Karpov fight for the World Championship
  66. ↑ Anatoly Karpov vs Viswanathan Anand, WCC 1998: 1-0
  67. ↑ The Week In Chess 166
  68. ↑ (Gulf News) Karpov's critical remark fired me up, says Vishy Anand
  69. ↑ 1998 Karpov – Anand FIDE Title Match
  70. ↑ Rao, Rakesh. (17 December 2000). Anand has the edge. দ্য হিন্দু
  71. ↑ The Week In Chess: Anand-Kasparov Match not this year
  72. ↑ The Week In Chess: Anand-Kasparov Match not this year
  73. ↑ The Week In Chess 320: Viswanathan Anand wins FIDE Championship
  74. ↑ (16 December 2000). Anand capitalises on Adams' fumble. দ্য হিন্দু
  75. ↑ (31 December 2000). Anand's crown of glory. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ীঅৰ্জুন বঁটা বিজয়ীভাৰতৰ দবা খেলুৱৈপদ্মবিভূষণ বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বনাথন আনন্দ” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৬১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।