অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনীল ছেত্ৰী

সুনীল ছেত্ৰী (Sunil Chhetri; জন্ম: ৩ আগষ্ট ১৯৮৪) এজন ভাৰতীয় ফুটবল খেলুৱৈ। আই-লীগত তেওঁ বাংগালুৰু এফ চি দলৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ভাৰতৰ জাতীয় ফুটবল দলৰ তেওঁ বৰ্তমান অধিনায়ক।

হালনাগাদ: ২ নৱেম্বৰ ২০২৫ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুনীল ছেত্ৰী (Sunil Chhetri; জন্ম: ৩ আগষ্ট ১৯৮৪) এজন ভাৰতীয় ফুটবল খেলুৱৈ। আই-লীগত তেওঁ বাংগালুৰু এফ চি দলৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ভাৰতৰ জাতীয় ফুটবল দলৰ তেওঁ বৰ্তমান অধিনায়ক। ছেত্ৰী হৈছে সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত চতুৰ্থ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ'ল দিয়া খেলুৱৈ,১২ আৰু ২০২১ চনৰ জুনলৈকে সৰ্বকালৰ ১৩তম সৰ্বাধিক গ'ল দিয়া খেলুৱৈ। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ বাবে সৰ্বকালৰ সৰ্বাধিক গ'ল দিয়া খেলুৱৈ।৩৪৫

অন্ধ্ৰপ্ৰদেশৰ ছেকেন্দ্ৰাবাদত (বৰ্তমান তেলংগানাৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰা ছেত্ৰীয়ে ২০০২ চনত মোহন বাগান দলৰ হৈ নিজৰ পেছাদাৰী কেৰিয়াৰৰ সূচনা কৰে।৬ তাৰ পাছত তেওঁ জে চি টি মিল্‌ছ দললৈ যায় আৰু ৪৮খন খেলত ২১টা গ'ল দিয়ে।৬ ২০১০ চনৰ মেজৰ লীগ ছকাৰৰ বাবে তেওঁ কান্‌ছাছ চিটী ৱিজাৰ্ড্‌ছ দলৰ সৈতে চুক্তিবদ্ধ হৈ বিদেশী দলত চুক্তিবদ্ধ হোৱা ভাৰতীয় উপমহাদেশৰ তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়।৭ অৱশ্যে অলপ দিনৰ ভিতৰতে তেওঁ পুনৰ আই-লীগলৈ ঘূৰি আহি চিৰাগ ইউনাইটেড আৰু মোহন বাগানৰ হৈ খেলে। প্ৰিমেৰিয়া লিগাৰ দল স্প'ৰ্টিং ক্লাব ডি পৰ্তুগালৰ সৈতে চুক্তিবদ্ধ হৈ তেওঁ পুনৰ বিদেশলৈ যায়। তেওঁ ক্লাবটোৰ ৰিজাৰ্ভ দলৰ হৈ খেলাৰ সুবিধা পায়।৮

ভাৰতৰ জাতীয় ফুটবল দলৰ হৈ ছেত্ৰীয়ে ভাল প্ৰদৰ্শন আগবঢ়াই সুনাম অৰ্জন কৰে। তেওঁ ২০০৭, ২০০৯ আৰু ২০১২ চনৰ নেহৰু কাপৰ লগতে ২০১২ চনৰ SAFF চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ জয়লাভত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। ২০০৮ চনৰ এ এফ চি চেলেঞ্জ কাপতো তেওঁ ভাল প্ৰদৰ্শন আগবঢ়ায় আৰু ভাৰতে জয়লাভ কৰি ২৭ বছৰত প্ৰথমবাৰলৈ এ এফ চি এছিয়ান কাপলৈ যোগ্যতা অৰ্জন কৰে।৯ ২০১১ চনৰ এ এফ চি এছিয়ান কাপতো তেওঁ ভাৰতৰ হৈ দুটা গ'ল দিয়ে।১০

২০০৭, ২০১১, ২০১৩ আৰু ২০১৪ চনত মুঠ চাৰিবাৰ তেওঁ AIFF বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে।১১ ছনী ছিক্স চেনেলত ফিফা বিশ্বকাপ ২০১৪ৰ তেওঁ ধাৰাভাষ্যকাৰ গোটৰ অংশ আছিল।

সন্মান

২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ১২ লাভ কৰে।১৩১৪

ক্লাব

ডেম্পো এচ চি

  • আই-লীগ(১):২০০৯-১০

চাৰ্চিল ব্ৰাদাৰ্চ এচ চি

  • আই-লীগ(১):২০১২-১৩

বাংগালুৰু এফ চি

  • আই-লীগ(১):২০১৩-১৪
  • ইণ্ডিয়ান ফেডাৰেচন কাপ(১):২০১৪-১৫

জাতীয় দল

  • নেহৰু কাপ (৩): ২০০৭, ২০০৯, ২০১২
  • এ এফ চি চেলেঞ্জ কাপ (১): ২০০৮
  • SAFF চেম্পিয়নশ্বিপ (১): ২০১১

ব্যক্তিগত

  • AIFF বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ (৪): ২০০৭, ২০১১, ২০১৩, ২০১৪
  • এ এফগ চি চেলেঞ্জ কাপৰ অতি মূল্যৱান খেলুৱৈ (১): ২০০৮
  • নেহৰু কাপত সৰ্বাধিক গ'ল দিওঁতা (১): ২০১২
  • SAFF চেম্পিয়নশ্বিপত সৰ্বাধিক গ'ল দিওঁতা (১): ২০১১
  • SAFF চেম্পিয়নশ্বিপত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ (১): ২০১১

তথ্যসূত্ৰ

  1. ↑ (13 June 2017). Captain Fantastic Chhetri strike seals India's 1–0 win over Kyrgyzstan.. Business Standard
  2. ↑ (10 June 2018). Captain fantastic Sunil Chhetri seals 2018 Intercontinental Cup for India. Deccan Chronicle Holdings Limited
  3. ↑ (3 November 2016). Sunil Chhetri: No better place than Doha for Indian football's Asian revival. Gulf Times
  4. ↑ (20 October 2016). AFC Cup 2016: Sunil Chhetri – The captain who leads by example. www.sportskeeda.com. Sportskeeda
  5. ↑ (3 November 2016). We're upbeat: Sunil. The Telegraph
  6. ↑ Sunil Chhetri. National-Football-Teams
  7. ↑ Wiebe, Andrew. Wizards sign Indian forward Chhetri. Major League Soccer
  8. ↑ (21 August 2013). Sunil Chhetri joins Sporting Clube de Portugal 'B' side. IBN Live
  9. ↑ AFC Challenge Cup '08: India Win The AFC Challenge Cup '08. Goal.com
  10. ↑ Sengupta, Somnath. India In AFC Asian Cup 2011: Performance Review. The Hard Tackle
  11. ↑ (27 December 2014). Sunil Chhetri named 2014 AIFF Player of the Year. Times of India
  12. ↑ আৰ্কাইভ কপি
  13. ↑ www.indiatoday.in/sports/other-sports/story/neer
  14. ↑ navbharattimes.indiatimes.com/sports/other-sport

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ফুটবল খেলুৱৈপদ্মশ্ৰী বঁটা বিজয়ীঅৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীল ছেত্ৰী” প্ৰবন্ধৰ সংশোধন ৫৪৬৭৫৪ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।