ৰাজ্যৱৰ্ধন সিং ৰাথোড় (Rajyavardhan Singh Rathore; জন্ম: ২৯ জানুৱাৰী ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান। তেওঁ জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ। তেওঁ ২০১৯ চনৰ মে মাহৰলৈকে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল।১
তেওঁ এগৰাকী শ্বুটিং খেলুৱৈ আৰু বৰ্তমানলৈকে ডাবল ট্ৰেপ ইভেণ্টত ২৫ টা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পদক অৰ্জন কৰিছে। তেওঁ ২০০৪ চনৰ এথেন্স অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল।২৩
ইয়াৰ আগতে তেওঁ ভাৰতীয় সেনাৰ দা গ্ৰেনাডিয়েৰ ৰেজিমেণ্টৰ এজন বিষয়া আছিল আৰু ২০১৩ চনত তেওঁ কৰ্ণেল হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ভাৰতীয় সেনা আৰু শ্বুটিঙৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়।
২০১৪ চনৰ নৱেম্বৰ মাহত তেওঁ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰিছিল।৪ ২০১৭ চনত তেওঁ ক্ৰীড়া আৰু যুৱ পৰিকল্পনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰিছিল।৫
তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০০৪ চনত অৰ্জুন বঁটা, ২০০৫ চনত ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা আৰু ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯৭০ চনৰ ২৯ জানুৱাৰী তাৰিখে ৰাজস্থানৰ জাইছলমেৰত ৰাজ্যৱৰ্ধন সিং ৰাথোড়ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কৰ্ণেল লক্ষ্মণ সিং ৰাথোড়। ১৯৯৭ চনত তেওঁ ভাৰতীয় সেনাৰ চিকিৎসক গায়ত্ৰী ৰাথোড়ৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁ ৰাষ্ট্ৰীয় ৰক্ষা একাডেমীৰ ৭৭ তম বেটছৰ ছাত্ৰ আছিল।৬ ৰাষ্ট্ৰীয় ৰক্ষা একাডেমীৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতীয় মিলিটেৰী একাডেমীত নামভৰ্তি কৰে। ইয়াত তেওঁ বেষ্ট অল ৰাউণ্ডাৰ জেণ্টেলমেন কেডেট হিচাপে চৰ্ড অফ অনাৰ লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ শিখ ৰেজিমেণ্টৰ সোণৰ পদক লাভ কৰিছিল।
ভাৰতীয় সেনা
১৯৯০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ নৱম গ্ৰেনাডিয়াৰছ ৰেজিমেণ্টত যোগদান কৰে। ১৯৯২ চনৰ ১৫ ডিচেম্বৰত তেওঁ লেফ্টটেনেন্ট আৰু ১৯৯৫ চনত কেপ্তেইনলৈ পদোন্নতি লাভ কৰিছিল।৭৮ তেওঁ কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু৯ ২০০০ চনৰ ১৫ ডিচেম্বৰত মেজৰলৈ পদোন্নতি লাভ কৰিছিল।১০ ২০০৪ চনৰ ১৬ ডিচেম্বৰত তেওঁ লেফ্টটেনেন্ট কৰ্ণেল১১ আৰু ২০০৯ চনৰ ১ মে তাৰিখে কৰ্ণেললৈ পদোন্নতি লাভ কৰিছিল।১২
ৰাজনৈতিক জীৱন
২০১৩ চনত তেওঁ কৰ্ণেল হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ভাৰতীয় সেনা আৰু শ্বুটিঙৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়।
২০১৪ চনৰ নৱেম্বৰ মাহত তেওঁ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰিছিল।১৩ ২০১৭ চনত তেওঁ ক্ৰীড়া আৰু যুৱ পৰিকল্পনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰিছিল।১৪
বঁটা আৰু সন্মান
- অৰ্জুন বঁটা, ২০০৪
- মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা, ২০০৫
- পদ্মশ্ৰী, ২০০৫
- অতি বিশিষ্ট সেৱা মেডেল
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Rathore
- ↑ Rathore Medals
- ↑ Wikipedia - Shooting at the 2004 Summer Olympics - Men's double trap
- ↑ Vincent, Pheroze. (10 November 2014). Rajyavardhan Singh Rathore: Olympian finds a place. The Hindu
- ↑ Ravinder, Singh. (3 September 2017). Sports Minister. Times Of India
- ↑ nda.nic.in/ndaaa/eminentpersonality.php
- ↑ (9 October 1993). Part I-Section 4: Ministry of Defence (Army Branch). The Gazette of India. পৃ. 1871
- ↑ (23 March 1996). Part I-Section 4: Ministry of Defence (Army Branch). The Gazette of India. পৃ. 390
- ↑ (10 June 2006). Work smart rather than just hard. Rediff India Abroad
- ↑ (15 December 2001). Part I-Section 4: Ministry of Defence (Army Branch). The Gazette of India. পৃ. 1464
- ↑ (3 December 2005). Part I-Section 4: Ministry of Defence (Army Branch). The Gazette of India. পৃ. 2419
- ↑ (27 November 2010). Part I-Section 4: Ministry of Defence (Army Branch). The Gazette of India. পৃ. 2207
- ↑ Vincent, Pheroze. (10 November 2014). Rajyavardhan Singh Rathore: Olympian finds a place. The Hindu
- ↑ Ravinder, Singh. (3 September 2017). Sports Minister. Times Of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজ্যৱৰ্ধন সিং ৰাথোড়” প্ৰবন্ধৰ সংশোধন ২৯২৯৯১ (৩০ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।