অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছানিয়া মিৰ্জা

ছানিয়া মিৰ্জা (জন্ম ১৫ নবেম্বৰ, ১৯৮৬, মুম্বাই, মহাৰাষ্ট্ৰ) ভাৰতৰ এগৰাকী টেনিচ খেলুৱৈ। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে ক্ৰমাগত ভাৱে এটা দশক মহিলা টেনিচ সংঘ (ডব্লু’ টি এ)ৰ একক আৰু দ্বৈত শাখাত ভাৰতীয় খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানত থাকে।

হালনাগাদ: ২৬ আগষ্ট ২০২১ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ছানিয়া মিৰ্জা (জন্ম ১৫ নবেম্বৰ, ১৯৮৬, মুম্বাই, মহাৰাষ্ট্ৰ) ভাৰতৰ এগৰাকী টেনিচ খেলুৱৈ। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে ক্ৰমাগত ভাৱে এটা দশক মহিলা টেনিচ সংঘ (ডব্লু’ টি এ)ৰ একক আৰু দ্বৈত শাখাত ভাৰতীয় খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানত থাকে। একক শাখাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত অংকিতা ৰেইনা ছানিয়াৰ স্থানত অধিষ্ঠিত হয়। মাত্ৰ ১৮ বছৰ বয়সতে বিশ্ব টেনিচত লাভ কৰা সফলতাৰ বাবে ছানিয়াক ২০০৬ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা ছানিয়া কনিষ্ঠতম খেলুৱৈ। ২০০৬ চনত ছনিয়াই ডব্লু’ টি এৰ সন্মানীয় "ম’ষ্ট ইম্প্ৰেচিভ নিউ কামাৰ" সন্মান লাভ কৰে।১

১৯৯৯ চনত বিশ্ব জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত ভাগ লৈ ছানিয়াই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ছানিয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা আৰম্ভ কৰে আৰু সফলতা লাভ কৰে। ২০০৩ চনত ছানিয়া ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে ৱিম্বিল্ড’নৰ ছোৱালীৰ দ্বৈত শাখাত প্ৰৱেশ কৰে আৰু বিজয়ী হয়। ২০০৪ চনৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে ২০০৫ চনক ছানিয়াক অৰ্জুন বঁটা প্ৰদান কৰা হয়। ২০০৫ চনৰ শেষলৈকে ছানিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰেংকিং ৪২ হৈছিলগৈ, যিটো ভাৰতীয় মহিলা খেলুৱৈৰ সৰ্বশ্ৰেষ্ঠ আছিল। ২০০৯ চনত ছানিয়া গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম ভাৰতীয় মহিলা হয়। মহেশ ভূপতিৰ সৈতে মিলি ছানিয়াই সেইবাৰৰ অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্স-ডাব’লচ্‌ খিতাপ দখল কৰে।২

ছানিয়াৰ নিজৰ একক কেৰিয়াৰত ছেটলেনা কুজনেট্‌চ’ভা, ভেৰা ভ’নাৰেভা, মেৰিয়ন বাৰ্ট’লি আদি খেলুৱৈৰ উপৰিও প্ৰক্তন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ মাৰ্টিনা হিংগিজ,ডিনাৰা ছাফিনা আৰু ভিক্ট’ৰিয়া আজাৰেংকাক পৰাস্ত কৰিছে। ২০০৭ চনত বিশ্ব ৰেংকিঙত ছানিয়াই ২৭ পৰ্যন্ত আৰোহণ কৰে। হাতৰ গাঁঠিৰ আঘাতৰ বাবে ছানিয়াই একক কেৰিয়াৰ সামৰি, মাত্ৰ দ্বৈত শাখাতে নিজৰ কেৰিয়াৰ সীমাবদ্ধ ৰাখিবলৈ বাধ্য হয়। বৰ্তমান মহিলাৰ দ্বৈত শাখাত ছানিয়া ৰেংকিং ১, ২০১৫ চনৰ এপ্ৰিল মাহত ছানিয়া বিশ্বৰ শীৰ্ষ স্থানত উপনীত হয়।৩

বৰ্তমানলৈকে ছানিয়াই চাৰিটাকৈ গ্ৰেণ্ডশ্লাম খিতাপ দখল কৰিছে (মহিলা দ্বৈত শাখাৰ ৱিম্বিল্ড’ন খিতাপ আৰু তিনিটা আন গ্ৰেণ্ডশ্লামৰ মিক্সড ডাবল্‌চ খিতাপ), ২০১৪ চনত ক্লাৰা ব্লেকৰ সৈতে তেওঁ "ডব্লু’ টি এ টুৰ চেম্পিয়নশ্বিপ (ডব্লু’ টি এ ফাইনেলচ)"ৰ বাবে নিৰ্বাচিত হয় আৰু বিজয়ী হয়।৪ ইয়াৰ উপৰিও ৬টা স্বৰ্ণ পদক সহ ছানিয়াই এচিয়ান গেমচ্‌, কমনৱেল্‌থ গেমচ্‌ আৰু এফ্ৰ’-এচিয়ান গেমচ্‌ত মুঠ ১৪টা পদক দখল কৰিছে।

২০০৫ চনত টাইম (আলোচনী)য়ে ছানিয়াক ""৫০ হিৰ’জ অব এচিয়া"" তালিকাত স্থান দিয়ে।৫ ২০১০ চনত "দা ইক’নমিকচ্‌ টাইমচ্‌"এ "৩৩ ৱ’মেন হু মেড ইণ্ডিয়া প্ৰাউড" তালিকাত স্থান দিয়ে।২ ২০১৪ চনৰ ২৫ নবেম্বৰত ৰাষ্ট্ৰসংঘৰ এচিয়াৰ বাবে "ৱ’মেন গুডৱিল এম্বেচেডৰ" হিচাপে নিযুক্ত হয়।৬

গ্ৰেণ্ড শ্লেম পৰিসংখ্যা

মহিলাৰ দ্বৈত: ৩ (২–১)

ফলাফলবৰ্ষচেম্পিয়নশ্বিপপৃষ্ঠসংগীচূড়ান্ত খেলৰ প্ৰতিপক্ষস্ক’ৰ
ৰানাৰ আপ২০১১ফ্ৰেন্স অ’পেনমাটিএলেনা ভেজনিনাআণ্ড্ৰে হ্লাভাচ্‌ক’ভা লুচি ৰাডেক্কা৪–৬, ৩–৬
বিজয়ী২০১৫ৱিম্বিলড’নঘাঁহমাৰ্টিনা হিংগিছএকাটেৰিনা মাকাৰ’ভা এলেনা ভেজনিনা৫–৭, ৭–৬(৭–৪), ৭–৫
বিজয়ী২০১৫ইউ এচ অ’পেনকঠিনমাৰ্টিনা হিংগিছকেচি ডেলাক’ য়াৰ’শ্লাভা শ্বেড’ভা৬–৩, ৬–৩

মিক্সড্‌ ডাবলচ: ৫ (৩–২)

ফলাফলবৰ্ষচেম্পিয়নশ্বিপপৃষ্ঠসংগীচূড়ান্ত খেলৰ প্ৰতিপক্ষস্ক’ৰ
ৰানাৰ আপ২০০৮অষ্ট্ৰেলিয়ান অ’পেনকঠিনমহেশ ভুপতিচান টিনটিয়ান নেনাড জিম’নজিক৬–৭(৪–৭), ৪–৬
বিজয়ী২০০৯অষ্ট্ৰেলিয়ান অ’পেনকঠিনমহেশ ভুপতিনাটালি ডিকে’ এণ্ডি ৰেম৬–৩, ৬–১
বিজয়ী২০১২ফ্ৰেন্স অ’পেনমাটিমহেশ ভুপতিক্ল’ডিয়া জাঁ-ইগ্নাছিক চাণ্টিয়াগ’ গ’ঞ্জালেজ৭–৬(৭–৩), ৬–১
ৰানাৰ আপ২০১৪অষ্ট্ৰেলিয়ান অ’পেনকঠিনহ’ৰিয়া টেকাওক্ৰিষ্টিনা লাডেন’ভিচ ডেনেয়েল নেষ্ট’ৰ৩–৬, ২–৬
বিজয়ী২০১৪ইউ এচ অ’পেনকঠিনব্ৰুন’ চ’ৱাৰেজএবিগেল স্পিয়েৰ্‌জ চাণ্টিয়াগ’ গ’ঞ্জালেজ৬–১, ২–৬, [১১–৯]

ছোৱালীৰ দ্বৈত: ১ (১–০)

ফলাফলবৰ্ষচেম্পিয়নশ্বিপপৃষ্ঠসংগীচূড়ান্ত খেলৰ প্ৰতিপক্ষস্ক’ৰ
বিজয়ী২০০৩ৱিম্বিলডনঘাঁহএলিচা ক্লেইবান’ভাকেটেৰিনা ব’ম’ভা মিছেলা ৰাজিছেক২–৬, ৬–৩, ৬–২

তথ্যসূত্ৰ

  1. ↑ (২৮ জুলাই ২০১৪). Sania Mirza reaches on career best WTA doubles ranking. পত্ৰিকা
  2. ↑ DAY IN PICS-Sania Mirza. দা টাইমচ্‌ অব ইণ্ডিয়া
  3. ↑ (এপ্ৰিল ১২, ২০১৫). Mirza clinched the World No.1 doubles ranking, the first Indian woman to be No.1. ডব্লু’ টি এ
  4. ↑ Sania Mirza-Bruno Soares Win Mixed Doubles Title. এন ডি টি ভি
  5. ↑ (২ অক্টোবৰ ২০০৫). Sania in Time 2005 Asia heroes
  6. ↑ "Sania Mirza, UN Women's Goodwill ambassador for South Asia","Affairscloud", ২৬ নবেম্বৰ ২০১৪

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ টেনিছ খেলুৱৈমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ীঅৰ্জুন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছানিয়া মিৰ্জা” প্ৰবন্ধৰ সংশোধন ২৯২৫২৭ (২৬ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।