অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভিনৱ বিন্দ্ৰা

অভিনৱ বিন্দ্ৰা (Abhinav Bindra; জন্ম: ২৮ ছেপ্তেম্বৰ ১৯৮২) দেৰাডুনত জন্মগ্ৰহণ কৰে। এয়া আছিল ১৯৮০ বৰ্ষৰ পাছত ভাৰতৰ প্ৰথম স্বৰ্ণ বিজয়, সেইবাৰ পুৰুষ ফিল্ড হকী দলে স্বৰ্ণ পদক জিকিছিল। বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৪১ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অভিনৱ বিন্দ্ৰা (Abhinav Bindra; জন্ম: ২৮ ছেপ্তেম্বৰ ১৯৮২) দেৰাডুনত জন্মগ্ৰহণ কৰে। তেওঁ হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছত স্বৰ্ণ পদক বিজয়ী এজন ভাৰতীয় শ্বুটাৰ। তেওঁ সাধৰণতে ১০ মিটাৰ এয়াৰ ৰাইফল বিভাগত প্ৰতিদণ্ডিতা কৰে। বিন্দ্ৰা ২০০৮ বেইজিং অলিম্পিক গেমছত প্ৰথম ভাৰতীয় ক্ৰীড়াবিদ হিচাপে ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক জিকে।১ এয়া আছিল ১৯৮০ বৰ্ষৰ পাছত ভাৰতৰ প্ৰথম স্বৰ্ণ বিজয়, সেইবাৰ পুৰুষ ফিল্ড হকী দলে স্বৰ্ণ পদক জিকিছিল।২৩ বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ। ২০০৮ বেইজিং গেমছৰ আগেয়ে তেওঁ ২০০৬ আইএছএছএফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিকিছিল। ইয়াৰোপৰি বিন্দ্ৰাই ২০১৪ কমনৱেলথ গেমছতো স্বৰ্ণ জিকিছে।

কৰ্মজীবন

প্ৰাথমিক বছৰ

বিন্দ্ৰা ১৯৮২ চনৰ ২৮ ছেপ্টেম্বৰত পঞ্জাবি শিখ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ শিক্ষা জীবন আৰম্ভ হয় দি ডন স্কুলত। দুবছৰৰ পিছত তাৰ পৰা চণ্ডীগড়ৰ ছেণ্ট ষ্টিফেন স্কুলত ভৰ্তি হয় আৰু ২০০০ চনত তাৰ পৰাই গেজুৱেছন সম্পন্ন কৰে।

উল্লেখযোগ্য আন্তৰ্জাতিক কৰ্ম

১৫ বছৰ বয়সত বিন্দ্ৰা ১৯৯৮ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰে, তেওঁ আছিল এই গেমছৰ ইতিহাসৰ সকলোতকৈ কনিষ্ঠ ক্ৰীড়াবিদ। ২০০১ মিউনিখ বিশ্ব কাপত তেওঁ নতুন যুব অভিলেখেৰে ব্ৰঞ্জ পদক জিকে, স্ক'ৰ আছিল ৫৯৭/৬০০। ইয়াৰোপৰি বিন্দ্ৰা ২০০০ গ্ৰীষ্মকালীন অলিম্পিকৰো সকলোতকৈ কনিষ্ঠ অংশগ্ৰহণকাৰী আছিল। ২০০১ চনলৈকে তেওঁ বিভিন্ন আন্তৰ্জাতিক প্ৰতিযোগিতাত ৬টা স্বৰ্ণ পদক জিকে। ২০০০ চনত বিন্দ্ৰা অৰ্জুন পুৰস্কাৰ আৰু ২০০১ চনত ৰাজীব গান্ধী খেলৰত্ন পুৰস্কাৰেৰে ভূষিত হয়। তেওঁ ২০০২ মানচেষ্টাৰ কমনৱেলথ গেমছত এয়াৰ ৰাইফল বিভাগত পুৰুষৰ দ্বৈত ইভেণ্টত স্বৰ্ণ পদক জিকে। লগতে ব্যক্তিগত ইভেণ্টতো ৰূপৰ পদক জিকে। ২০০৪ এথেন্স অলিম্পিকত বিন্দ্ৰাই অলিম্পিক অভিলেখ ভঙ্গ কৰা সত্ত্বেও কোনো পদক জিকিব নোৱাৰিলে। তেওঁ ৫৯৭ নম্বৰ লাভ কৰি তৃতীয় স্থানত থাকে, আনহাতে কিনান জু (৫৯৯ নতুন অলিম্পিক অভিলেখ) প্ৰথম আৰু উ. লি. জি. (৫৯৮) দ্বিতীয় স্থানত থাকে। ফাইনেলত, অভিনৱে ৯৭.৬ পয়ণ্টত শেষ খেল সামৰে আৰু ১০০তকৈ কম নম্বৰ পোৱা তেওঁ একমাত্ৰ খেলুৱৈ হিচাৰে তৃতীয় স্থানৰ পৰা সপ্তম স্থানলৈ অৱনমিত হয়। ২৪ জুলাই ২০০৬ত, বিন্দ্ৰাই প্ৰথম ভাৰতীয় শ্বুটাৰ হিচাপে ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জিকে। ইয়াৰ আগেয়ে ১৯৬২ চনত কাৰণি সিঙে ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জিকিছিল। ২০০৬ মেলব'ৰ্ন কমনৱেলথ গেমছৰ দ্বৈত বিভাগত স্বৰ্ণ তথা একক বিভাগত ব্ৰঞ্জ পদক লাভ কৰে। আঘাতৰ বাবে বিন্দ্ৰাই দোহাত অনুষ্ঠিত ২০০৬ এছিয়ান গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিছিল।

ব্যবসায়িক কৰ্মজীবন

অভিনৱ বিন্দ্ৰা যুক্তৰাষ্ট্ৰেৰ কলোৰাডো বিশ্ববিদ্যালয়ৰ পৰা ব্যবসায় প্ৰশাসন বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে। বৰ্তমান তেওঁ অভিনৱ ফাৰটুৰিষ্টিকছৰ চি.অ' হিচাপে দায়িত্ব পালন কৰি আছে।

পুৰস্কাৰ আৰু স্বীকৃতি

তথ্যসূত্ৰ

  1. ↑ India Best21. (23 June 2016). List of India's best Sportspeople. IndiaBest21
  2. ↑ Abhinav Bindra wins 10m air rifle gold
  3. ↑ Medalists – India, The official website of the Beijing 2008 Olympic Games
  4. ↑ Padma Awards-2009

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়া শ্বুটাৰঅলিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিনৱ বিন্দ্ৰা” প্ৰবন্ধৰ সংশোধন ৩৭৯৭০৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।