পুষৰলা ভেংকট সিন্ধু (Pusarla Venkata Sindhu; জন্ম: ৫ জুলাই ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৩ চনৰ ১০ আগষ্টত সিন্ধু ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক বিজয়ী প্ৰথম ভাৰতীয় একক খেলুৱৈ হিচাপে পৰিগণিত হয়। পি. ভি. সিন্ধুৱে গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত জাপানৰ নোজমি ওকুহাৰাক ২১-১৯, ২১-১০ ব্যৱধানত পৰাজিত কৰি মহিলাৰ বেডমিণ্টন একক ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰে। ফাইনেলত তেওঁ বিশ্বৰ প্ৰথম স্থান অধিকাৰী কেৰ'লিনা মেৰিণৰ বিৰুদ্ধে প্ৰথম খেলত ২১-১৯ ৰ অগ্ৰগতি লাভ কৰে, দ্বিতীয় খেলত ১২-২১ ব্যৱধানত পৰাজিত হয় আৰু তৃতীয় তথা অন্তিম খেলতো ১৫-২১ ব্যৱধানত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। তেওঁ হৈছে অলিম্পিকৰ মহিলা বেডমিণ্টনত ৰূপৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা। তদুপৰি তেওঁ অলিম্পিকত ৰূপৰ পদক লাভ কৰা ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহিলা। ২০১২ চনৰ ২১ ছেপ্তেম্বৰত তেওঁ ৱৰ্ল্ড ফেডাৰেচন ৰেংকিঙৰ শীৰ্ষ ২০টা স্থানত স্থান লাভ কৰিছিল। ২০১৩ চনৰ ১০ আগষ্টত তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক অৰ্জন কৰে। ২০১৫ চনৰ ৩০ মাৰ্চত সিন্ধুক ভাৰত চৰকাৰে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে বিভূষিত কৰে।
শৈশৱ আৰু প্ৰাথমিক প্ৰশিক্ষণ
পুষৰলা ভেঙ্কট সিন্ধু পি. ভি. ৰমন আৰু পি. বিজয়াৰ কন্যা; - উভয়েই পূৰ্বৰ ভলিবল খেলুৱৈ আছিল। ইয়াৰোপৰি পিতৃ ৰমনে তেওঁৰ ক্ৰীড়াৰ বাবে চৰকাৰৰ পৰা অৰ্জুন পদকো লাভ কৰিছিল। তেওঁৰ পিতৃ পেছাদাৰী ভলিবল খেলিছিল যদিও, সিন্ধুৱে ২০০১ অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়ন পুল্লেলা গোপীচান্দৰ সাফল্যত অনুপ্ৰাণিত হৈ ভলিবলৰ সলনি বেডমিণ্টন আকোঁৱালী লয়। তেওঁ আঠ বছৰ বয়সৰ পৰাই বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে। সিন্ধুৱে প্ৰথমে ছেকেন্দ্ৰাবদৰ ইণ্ডিয়ান ৰেলৱেৰ সংকেত প্ৰকৌশল আৰু টেলিযোগাযোগ ইনষ্টিটিউটৰ বেডমিণ্টন ক'ৰ্টত মেহবুব আলীৰ ওচৰত খেলাৰ প্ৰাৰম্ভিক শিক্ষা লয়। পিছত পুল্লেলা গোপীচান্দৰ বেডমিণ্টৱ একাডেমীত যোগদান কৰে। যদিও সিন্ধুৰ কৰ্মজীৱন সম্বন্ধে 'দ্য হিন্দু'ৰ এজন সংবাদদাতাই লিখিছে: "এয়া সত্য যে তেওঁৰ বাসভৱনৰ পৰা ৫৬ কিমি দূৰত্ব স্বত্বেও তেওঁ দৈনিক সঠিক সময়ত ক'চিং কেম্পত প্ৰৱেশ কৰিছিল, এয়া সম্ভৱতঃ এজন ভাল বেডমিণ্টন খেলুৱৈ হোৱাৰ বাবে তেওঁৰ প্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁৰ প্ৰবল ইচ্ছাৰ প্ৰতিফলন। " গোপীচান্দেও এই প্ৰতিনিধিৰ মতামতকে সমৰ্থন কৰি কৈছিল, "সিন্ধুৰ খেলাৰ সকলোতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে তেওঁৰ মনোভাৱ আৰু কেতিয়াও নমনাৰ মনোবল"
সন্মান
ৰাষ্ট্ৰীয়
- মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা(২০১৫-১৬), ভাৰতৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান।
- পদ্মশ্ৰী, ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। (২০১৫)১
- অৰ্জুন বঁটা (২০১৩)২৩
অন্যান্য
- FICCI Breakthrough Sportsperson of the Year 2014৪
- NDTV Indian of the Year 2014।৫
- ২০১৫ চনৰ মাকাও অপেন চেম্পিয়নশ্বিপছ জয় কৰা বাবে ভাৰতীয় বেডমিণ্টন সংস্থাৰ তৰফৰ পৰা।৬
- ২০১৬ মালায়েছিয়া মাষ্টাৰ্ছ বিজয়ৰ বাবে "ভাৰতীয় বেডমিণ্টন সংস্থা"ৰ তৰফৰ পৰা।৭
২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত ৰূপৰ পদক লাভ কৰা বাবে
- চলমান খানৰ তৰফৰ পৰা, অলিম্পিকলৈ যোগ্যতা লাভ কৰা বাবে।৮
- তেলংগানা চৰকাৰৰ তৰফৰ পৰা।৯
- দিল্লী চৰকাৰৰ পৰা।১০
বাহ্যিক সংযোগ
- P. V. Sindhu at Olympic Gold Quest
- P. V. Sindhu at Gopichand Badminton Academy
- P. V. Sindhu at tournamentsoftware.com
তথ্যসূত্ৰ
- ↑ Padma Awards 2015. Press Information Bureau
- ↑ (13 August 2013). Arjuna Award for Virat Kohli, PV Sindhu; Ronjan Sodhi gets Khel Ratna. NDTV Sports
- ↑ (13 August 2013). Arjuna Award for Virat Kohli, PV Sindhu; Ronjan Sodhi gets Khel Ratna. NDTV Sports
- ↑ FICCI announces the Winners of India Sports Awards for 2014. IANS. news.biharprabha.com
- ↑ Amjad Ali Khan, Satish Gujral honored with NDTV Indian of the Year Award. IANS. news.biharprabha.com
- ↑ (30 November 2015). BAI announces cash award of Rs. 10 lakh for Sindhu. The Hindu
- ↑ (24 January 2016). Badminton Association of India Awards PV Sindhu Rs 5 lakh for winning Malaysia Masters. NDTV Sports
- ↑ (17 August 2016). Rio Olympics 2016: Salman Khan to present Rs 1 lakh cheque to each Indian athelete. The Indian Express
- ↑ www.ndtv.com/telangana-news/telangana-to-give-rs
- ↑ indianexpress.com/sports/rio-2016-olympics/from-
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি. ভি. সিন্ধু” প্ৰবন্ধৰ সংশোধন ৬১৮৮৩০ (২২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।