সুশীল কুমাৰ (Sushil Kumar; জন্ম: ২৬ মে’, ১৯৮৩) এজন ভাৰতীয় মল্লযোদ্ধা। ২০১০ চনৰ ৱ’ৰ্ল্ড চেম্পিয়নস্বিপৰ ৬৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত স্বৰ্ণ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক পোৱা সুশীল কুমাৰ একমাত্ৰ ভাৰতীয়১। ২০১২ চনৰ অলিম্পিকৰ চূড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল১।
১৯৫২ চনৰ হেলচিংকি অলিম্পিকত কে. দি. যাদৱে অৰ্জন কৰা মল্লযুদ্ধৰ ব্ৰঞ্জৰ পদকটিৰ পছত বেইজিঙৰ পদকটো আছিল মল্লযুদ্ধত ভাৰতৰ দ্বিতীয় অলিম্পিক পদক২। ২০০৯ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰে৩। ২০১০ চন ৩ অক্টোবৰত কমনৱেলথ খেলৰ কুইনচ বেটন ৰীলেত শেষৰজন বেটন বাহক হিচাপে সুশীল কুমাৰে ৰাজকুমাৰ চাৰ্লছক কুইনচ বেটন অৰ্পণ কৰিছিল।৪৫
জীৱনী
দক্ষিণ পশ্ছিম দিল্লীৰ নজফগড়ৰ ওচৰৰ বাপৰ’লা৬ নামৰ গাঁৱৰ এটা জাত (Jat)৭ পৰিয়ালত সুশীলৰ জন্ম। সুশীলৰ দেউতাক দীৱান সিং এজন বাছ ড্ৰাইভাৰ আৰু মাক কমলা দেৱী এগৰাকী গৃহিণী। সুশীলক মল্লযুদ্ধৰ বাবে সম্পৰ্কীয় ককায়েক সন্দীপ আৰু দেউতাকে উৎসাহিত কৰিছিল, দেউতাক দীৱান সিং নিজেও এজন মল্লযোদ্ধা (পেহেলৱান) আছিল। সন্দীপে মল্লযুদ্ধ বাদ দিছিল কিয়নো পৰিয়ালটোৱে এজনতকৈ অধিক ব্যক্তিক ইয়াৰ বাবে সুবিধা পদান কৰিবলৈ অসমৰ্থ আছিল। ১৪ বছৰ বয়সৰ পৰা ছত্ৰাচল ষ্টেডিয়ামৰ অখাৰা(মল্লযুদ্ধৰ পাঠশালা)ত কুমাৰে মল্লযুদ্ধৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। মল্লযুদ্ধৰ বাবে অতি কম পুঁজি আৰু পুৰণি প্ৰশিক্ষণ পদ্ধতিৰে ২০০৮ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত প্ৰস্তুতিৰ বাবে লগা সুষম আহাৰ কুমাৰক নিজৰ পৰিয়ালেই গাখীৰ, ঘিঁউ, শাক পাচলি যোগানেৰে পূৰণ কৰিব লগা হৈছিল।৮৯ সুশীল এজন নিৰামিষভোজী।১০১১
বৰ্তমান তেওঁ ভাৰতীয় ৰেলৱেৰ এজন সহকাৰী বাণিজ্যিক মেনেজাৰ২।
২০২১ চনৰ ৪ মে'ত ছত্ৰচল ষ্টেডিয়ামত হোৱা কাজিয়াত প্ৰাক্তন কনিষ্ঠ ৰাষ্ট্ৰীয় কুস্তি চেম্পিয়ন সাগৰ ধনখৰৰ হত্যাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সুশীল কুমাৰক গ্ৰেপ্তাৰ কৰে।১২১৩১৪ গ্ৰেপ্তাৰৰ পিছত, দিল্লী আৰক্ষীয়ে তেওঁক ৰোহিণী আদালতত উপস্থিত কৰে আৰু আদালতে তেঁওক ছদিনৰ বাবে দিল্লী আৰক্ষীৰ অধীনলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।১৫১৬১৭
ক্ৰীড়াজীৱন
১৪ বছৰ বয়সৰ পৰা ছত্ৰাচল ষ্টেডিয়ামৰ অখাৰাত সুশীলৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। প্ৰথমে সুশীলৰ গুৰু আছিল ভাৰতীয় মল্লযুদ্ধা যশবীৰ আৰু ৰামপাল, পাছত অৰ্জুন বঁটা বিজয়ী শতপাল আৰু ভাৰতীয় ৰেলৱেৰ কেম্পত জ্ঞান সিং সুশীলৰ প্ৰশিক্ষক হয়।২ দুজন ব্যক্তিৰ মাজত এখন বিছনা আৰু বিছজনৰ ব্যক্তিয়ে একোটা কোঠাত থকাৰ দৰে কঠিন পৰিস্থিতিৰ মাজেৰে সুশীলে প্ৰশিক্ষণ কাল পাৰ কৰিব লগা হৈছিল।১৮ ১৮ বছৰ বয়সত সুশীল মল্লযুদ্ধৰ ৰাজ্যিক চেম্পিয়ন হয়।
প্ৰথমটো ঊল্লেখনীয় সফলতা আহে ১৯৯৮চনৰ বিশ্ব কেডেত খেল(World Cadet Games)ত যেতিয়া সুশীলে তেওঁৰ শাখাত স্বৰ্ণ পদক লাভ কৰে। তাৰ পাছত ২০০০ চনত এচিয়ান জুনিয়ৰ মল্লযুদ্ধ চেম্পিয়নশ্বিপত পুনৰ স্বৰ্ণ পদক দখল কৰে।
২০০৩ চনত সুশীলে এচিয়ান মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ চিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে, আৰু কমনৱেলথ মল্লযুদ্ধত স্বৰ্ণ জয় কৰে। ২০০৩ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত তেওঁ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। অৱশ্যে ২০০৪ চনৰ এথেন্স অলিম্পিকৰ ৬০ কেজি শাখাত ১৪শ স্থান দখলেৰে সুশীল বেয়াকৈ ব্যৰ্থ হয়। ২০০৫ আৰু ২০০৭ চনত সুশীলে পুনৰ কমনৱেলথ মল্লযুদ্ধৰ খিতাপ দখল কৰে। ২০০৭চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত সপ্তম স্থান লাভ কৰাৰ পাছত ২০০৮ চনৰ বেইজিং অলিম্পিকত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক দখল কৰে। ২০১২ চনৰ লণ্ডন অলিম্পিকত কাজাখাস্তানৰ এজন যোদ্ধাক হৰুৱাই ৰূপৰ পদক দখল কৰে। সুশীল ব্যক্তিগত শাখাত দুটা পদক পোৱা প্ৰথমজন ভাৰতীয় অলিম্পিয়ান।১৯
বেইজিং অলিম্পিক ২০০৮
৬৬কেজি শাখাৰ প্ৰথম খেলতে ইউক্ৰেইনৰ এণ্ড্ৰি ষ্টেডনিকৰ হাতত সুশীল পৰাস্ত হয়,২০আৰু ৰিপিচেজ (repechage) ৰাউণ্ড খেলিব লগা হয়, প্ৰথম ৰিপিচেজ ৰাউণ্ডত আমেৰিকাৰ ড’গ স্ক’ৱাব আৰু দ্বিতীয় ৰিপিচেজ ৰাউণ্ডত বেলাৰুচৰ এলবাৰ্ট বেটয়’ৰ্ভক পৰাস্ত কৰে। তাৰ পাছত ২০ আগষ্ট ২০০৮ তাৰিখে ব্ৰঞ্জ পদকৰ বাবে হোৱা খেলত কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ ৩:১ত পৰাস্ত কৰি পদক দখল কৰে।২১ সুশীলে জনোৱা মতে ৭০মিনিটৰ ভিতৰত খেলিব লগা এইকেইখন খেলৰ সময়ত তেওঁ কাষত কোনো মালিচ কৰি দিয়া মানুহ নাছিল, টীম মেনেজাৰ এচিয়ান গেমছৰ পদকজয়ী কাৰ্টাৰ সিঙেই সুশীলক মালিচ কৰিব লগা হৈছিল।২২
বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপ ২০১০, ম’স্কো
২০১০ চনৰ ১২ চেপ্টেম্বৰত, ম’স্কোত অনুষ্ঠিত বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত প্ৰথমজন ভাৰতীয় হিচাপে স্বৰ্ণ পদক দখল কৰি সুশীলে ইতিহাস সৃষ্টি কৰে।
সুশীলে এই প্ৰতিযোগিতাত ৬৬কেজিৰ ফ্ৰী ষ্টাইল শাখাত স্থানীয় এলান গ’গায়েভক ৩:১ৰ ব্যৱ্ধানত পৰাস্ত কৰে। তাৰ আগতে এখন ৰোমাঞ্চকৰ খেলত ইউৰোপৰ চেম্পিয়ন আজেৰবাইজানৰ জাব্ৰেইল হাচান’ভক ৪:৩অত পৰাস্ত কৰে (২:৩ত পিছ পৰি থকা সুশীলে শেষৰ ৫ছেকেণ্ডত ২ পইণ্ট অৰ্জন কৰে)। প্ৰথম ৰাউণ্ডত বাই পোৱা সুশীলে দ্বীতীয় ৰাউণ্ডত গ্ৰীচৰ এক্ৰিতিদিছ এনাষ্টাচিঅ’চক ৬:০ত পৰাস্ত কৰে, তাৰ পাছত প্ৰি-কোৱাৰ্টাৰত জাৰ্মানীৰ মাৰ্টিন চেবাষ্টিনক ৪:১ত আৰু কোৱাৰ্টাৰত মংগোলিয়াৰ বুয়ানজাভ বেটজ’ৰিগক ৯:১ত বিধ্বস্ত কৰে।
কমনৱেলথ গেমছ ২০১০, দিল্লী
দিল্লী কমনৱেলথ গেমছত ১০ অক্টোবৰ ২০১০ তাৰিখে সুশীলে স্বৰ্ণ পদক লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ হেনিৰিক বাৰ্নেচক ৭:০ত পৰাস্ত কৰি ৬৬কেজিৰ ফ্ৰী ষ্টাইল শাখাৰ এই পদক সুশীলে নিজৰ নামত কৰে। দক্ষিণ আফ্ৰিকীয় মল্লযুদ্ধাজনে সুশীলৰ আগত চাৰে তিনি মিনিটতকৈ অধিক সময় তিষ্টি থাকিব নোৱাৰে আৰু দ্বিতীয় ৰাউণ্ডৰ মাজতে ৰেফাৰীয়ে খেল সমাপ্ত বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেল খেলত সুশীলে জিম্বিয়াৰ ফামাৰা জাৰজাওক মাত্ৰ ৯ছেকেণ্ডত২৩ আৰু কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ মহম্মদ চলন্তক ৪৬ ছেকেণ্ডত ১০:০ৰ ব্যৱধানত পৰাস্ত কৰিছিল।
লণ্ডন অলিম্পিক ২০১২
চূড়ান্ত খেলত জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৰ(Tatsuhiro Yonemitsu) হাতত পৰাস্ত হোৱাৰ পাছত পুৰুষৰ ৬৬কেজিৰ ফ্ৰি ষ্টাইল শাখাত সুশীলে ৰূপৰ পদক লাভ কৰে। তাৰ আগয়ে ছেমিফাইনেলত সুশীলে কাজাখাস্তানৰ আক্জুৰেক টানাটাৰ’ভ(Akzhurek Tanatarov) পৰাস্ত কৰিছিল।২৪.
ইয়াৰ আগতে সুশীলে লণ্ডন অলিম্পিকৰ আৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় ধ্বজ্জা বাহক হিচাপে ভাৰতীয় দলক নেতৃত্ব দিছিল।২৫
টেলিভিচন
সুশীলক ২০১২ চনত এম. টিভিৰ ৰ’ডীজ ৯ (Roadies 9)ত দেখিবলৈ পোৱা গৈছিল।
সন্মান আৰু স্বীকৃতি
- অৰ্জুন বঁটা, ২০০৫ চনত।
২০০৮ চনৰ বেইজিং অলিম্পিকৰ ব্ৰঞ্জ পদকৰ বাবে।
- ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা (যুটিয়াভাৱে), ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান।
- ভাৰতীয় ৰেল মন্ত্ৰালয়ৰ পৰা ৰ নগদ বঁটা লগতে মুখ্য টিকেটিং ইন্সপেক্টৰ পদৰ পৰা সহকাৰী বাণিজ্যিক মেনেজাৰ পদলৈ পদোন্নতি।২৬
- দিল্লী চৰকাৰ পৰা ৰ নগদ বঁটা।২৬
- হাৰিয়ানা চৰকাৰৰ পৰা ৰ নগদ বঁটা।২৬
- ভাৰত চৰকাৰৰ তীখা মন্ত্ৰালয়ৰ পৰা ৰ নগদ বঁটা।২৬
- আৰ. কে. গ্ল’বেলৰ পৰা ৰ নগদ বঁটা।২৬
- মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ৰ নগদ বঁটা।
- এম.টি.এন.এল.ৰ পৰা ৰ নগদ বঁটা।
২০১০ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকৰ বাবে
- ভাৰতীয় ৰেলৱেৰ পৰা ৰ নগদ বঁটা আৰু পদোন্নতি।
- ভাৰত চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ পৰা ৰ নগদ বঁটা।
- দিল্লী চৰকাৰৰ পৰা ৰ নগদ বঁটা।
২০১২ চনৰ লণ্ডণ অলিম্পিকৰ ৰূপৰ পদকৰ বাবে
- দিল্লী চৰকাৰৰ পৰা ৰ নগদ বঁটা।
- হাৰিয়ানা চৰকাৰৰ পৰা ৰ নগদ বঁটা।
- ভাৰতীয় ৰেলৱেৰ পৰা ৰ নগদ বঁটা।
- হাৰিয়ানা চৰকাৰৰ পৰা মল্লযুদ্ধ একাডেমিৰ বাবে শোণিপাটত মাটি প্ৰদান।
- অ’.এন.জি.চি.ৰ পৰা ৰ নগদ বঁটা।২৭.
তথ্যসূত্ৰ
- ↑ (2008-08-20). Kumar claims 63kg bronze. The Official Website of the Beijing 2008 Olympic Games
- ↑ Masand, Ajai. (2008-08-20). Meet Sushil Kumar, the shy guy. Hindustan Times
- ↑ Mary Kom, Vijender and Sushil get Khel Ratna
- ↑ CBC, 2010 Commonwealth Games, Opening Ceremonies, airdate 3 October 2010, 9:00am-12:30pm (Eastern), c. 2h20m mark, CBC Television main network
- ↑ "CWG Opening ceremony: Live Blog", Geetika Rustagi, 3 October 2010 (accessed 5 October 2010)
- ↑ (August 12, 2012). Sushil’s journey: From mud pits to Olympic podiums. The Hindu
- ↑ Lord of the ring. http://indiatoday.intoday.in/story/sushil-kumar-lord-of-the-ring/1/113853.html
- ↑ Ganesan, Uthra. (2008-08-21). Najafgarh hails golden bronze boy. Express India
- ↑ (2008-08-20). Sushil puts Boprala on wrestling map of the world. Sify
- ↑ Sengupta, Somini. (2008-08-25). 3 Olympic medals for a new India. The New York Times
- ↑ A sporty edge. The Telegraph
- ↑ Sharma, Poonam. (15 May 2021). Non-bailable warrant issued against wrestler Sushil Kumar in Chhatrasal Stadium murder case. India Today
- ↑ (15 May 2021). Chhatrasal stadium brawl: Non-bailable warrants issued against Sushil Kumar, 6 others. The Times of India
- ↑ (18 May 2021). Chhatrasal brawl case: Olympic medallist Sushil Kumar files anticipatory bail plea. The Times of India
- ↑ (23 May 2021). Sushil kumar Arrest: छह दिन की रिमांड पर भेजे गए पहलवान सुशील कुमार, रोहिणी कोर्ट में किया गया था पेश. TV9 Hindi
- ↑ Olympic medalist Sushil Kumar remanded to 6 days police custody in Chhatrasal murder case. Republic World
- ↑ Sushil Kumar and associate Ajay remanded to 6 days Police custody in Sagar Rana murder case. India Today
- ↑ Chakravertty, Shreya. (2008-08-21). 20 to a room, two to a bed: This is where the medal came from. The Indian Express
- ↑ Sushil finally qualifies for London Olympics. IBN Live
- ↑ (2008-08-20). Grappler Sushil Kumar wins bronze. The Times Of India
- ↑ (2008-08-20). Bout Result Men's FR 66 kg Bronze /Bout No.92 /Mat B. The Official Website of the Beijing 2008 Olympic Games
- ↑ Sengupta, Abhijit. (2008-08-28). Lessons from Beijing. The Hindu
- ↑ (10 October 2010). [http:// timesofindia.indiatimes.com/cwgarticleshow/6722578.cms Somdev Devvarman wins 29th CWG gold for India]. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Sushil Kumar Enters Olympic Final
- ↑ Olympics 2012: Sushil Kumar promises a fight by Indian wrestlers
- ↑ (2008-08-20). Rewards pour in for Sushil Kumar. The Hindu
- ↑ (July 16, 2012). ONGC announces 25 lakh rupees for each Olympics Gold. ONGC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীল কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০২৮৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।