গগন নাৰং (Gagan Narang; জন্ম: ৬ মে' ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১২ চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ৩০ জুলাই ২০১২ তাৰিখে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ৭০১.১ ৰ চূড়ান্ত স্ক'ৰ লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল।১২৩৪৫ তেওঁ লণ্ডন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় আছিল। তেওঁ অলিম্পিক গ'ল্ড কুৱেষ্ট নামৰ অলাভজনক সংস্থা এটাৰ দ্বাৰা সমৰ্থিত আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
গগনৰ জন্ম হৈছিল ভীমসেন নাৰঙৰ ঔৰষত আৰু অমৰজিতৰ গৰ্ভত ১৯৮৩ চনৰ ৬ মে' তাৰিখে চেন্নাইৰ এটা পঞ্জাবী হিন্দু অৰোৰা পৰিয়ালত।৬৭ তেওঁৰ দেউতাক আছিল এয়াৰ ইণ্ডিয়াৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য মেনেজাৰ।৮ গগনৰ পৰিয়ালৰ মূল আছিল হাৰিয়ানাৰ পানীপথ জিলাৰ চিমলা গুজৰান গাঁও।৯ অৱশ্যে তেওঁৰ দেউতাকৰ চাকৰিসূত্ৰে তেওঁলোক পানীপথৰ পৰা হাইদৰাবাদলৈ সলনি হয় আৰু তেওঁ তাতে ডাঙৰ দীঘল হৈছিল।১০ তেওঁ স্কুলীয়া শিক্ষা গীতাঞ্জলি ছিনিয়ৰ স্কুলৰ পৰা লাভ কৰি হায়দৰাবাদৰে ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেচনৰ স্নাতক ডিগ্ৰী লাভ কৰে।১১১২ ১৯৯৭ চনত তেওঁ দেউতাকৰ পৰা এয়াৰ পিষ্টল লাভ কৰি শ্বুটিংত আগ্ৰহী হয়। তেওঁ বেগমপেটত থকা ঘৰৰ পিছফালে শ্বুটিং অনুশীলন কৰিছিল।১২ তেওঁৰ দেউতাকৰ মতে, গগনে দুবছৰ বয়সতে শ্বুটিং ক্ষমতাৰ দেখুৱাইছিল যেতিয়া তেওঁ পুতলা পিষ্টলেৰে গুলী মাৰি বেলুন এটা ফুটাইছিল।৮
কেৰিয়াৰ
নাৰঙে ২০০৩ চনৰ ২৬ অক্টোবৰত হায়দৰাবাদত অনুষ্ঠিত এফ্ৰো এছিয়ান গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে।১৩ তেওঁ ২০০৬ আৰু ২০১০ চনৰ শ্বুটিং বিশ্বকাপত এয়াৰ ৰাইফলত সোণৰ পদক লাভ কৰে।
জাৰ্মানীৰ হানোভাৰত অনুষ্ঠিত প্ৰাক-অলিম্পিক প্ৰতিযোগিতাত গগনে এয়াৰ ৰাইফলৰ বিশ্ব অভিলেখকৈ অধিক ৭০৪.ত স্ক'ৰ কৰিছিল; সেইসময়ৰ বিশ্ব অভিলেখ আছিল অষ্ট্ৰিয়াৰ থমাছ ফাৰ্নিকে ২০০৬ বিশ্বকাপত কৰা ৭০৩.১ স্ক'ৰ। গগন নাৰঙে ২০০৬ চনৰ কমনৱেলথ গেমছত ৪টা সোণৰ পদক লাভ কৰিছিল।
২০০৮ চনৰ আৰম্ভণিতে চীনত অনুষ্ঠিত বিশ্বকাপত স্বৰ্ণ জয় কৰাৰ পিছত নাৰঙে ২০০৮ চনৰ আইএছএছএফ বিশ্বকাপ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। গগনে অৰ্হতা ৰাউণ্ডত এটা নিখুঁত ৬০০ শ্বট কৰিছিল। তেওঁ চূড়ান্ত ৰাউণ্ডত ১০৩.৫ স্ক'ৰ কৰি বিশ্ব অভিলেখ কৰি মুঠ ৭০৩.৫ স্ক'ৰ লাভ কৰিছিল।১৪১৫ ২০০৮ চনৰ ৪ নৱেম্বৰত তেওঁ অষ্ট্ৰিয়াৰ থমাছ ফাৰ্নিকৰ অভিলেখ ভংগ কৰে, যিটো ২০০৬ চনত স্পেইনৰ গ্ৰানাডাত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত স্থাপিত হৈছিল। গগনে কৈছিল যে তেওঁৰ বিজয় বিশেষ তাৎপৰ্যপূৰ্ণ আছিল কাৰণ তেওঁৰ অনুপ্ৰেৰণাৰ উৎস বাৰাক অ'বামা সেই একেদিনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।১৬
২০১০ চনৰ আগষ্টত নাৰঙে তেওঁক সন্মানীয় খেল ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে তিনিবাৰকৈ উপেক্ষা কৰাৰ পিছত ৰাজহুৱাভাৱে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু তেওঁ অনুপ্ৰেৰণাৰ অভাৱৰ বাবে ২০১০ চনৰ কমনৱেলথ গেমছত অংশগ্ৰহণ নকৰে বুলি ভাবুকি দিছিল।১৭ অৱশ্যে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ তীব্ৰ চাপত তেওঁ পিছত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।১৮
নাৰঙে ২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত ৪টা সোণৰ পদক লাভ কৰিছিল। পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল একক প্ৰতিযোগিতাত তেওঁ এটা নিখুঁত ৬০০ শ্বট কৰিছিল যিটো এটা নতুন অভিলেখ আছিল।১৯ গগনে ২০১০ এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰিছিল। তেওঁ অভিনৱ বিন্দ্ৰা আৰু সঞ্জীৱ ৰাজপুতৰ সৈতে মিলি দলীয় প্ৰতিযোগিতাত ভাৰতৰ হৈ আন এটা ৰূপৰ পদক লাভ কৰিছিল। এছিয়ান গেমছৰ আৰম্ভণিৰ দিনা তেওঁ এই দুয়োটা ৰূপৰ পদক জিকিছিল।২০
২০১২ চনৰ লণ্ডন অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত নাৰঙে মুঠ ৭০১.১ স্ক'ৰ লাভ কৰি ব্ৰঞ্জৰ পদক১ লাভ কৰে আৰু সেই বছৰৰ অলিম্পিকত ভাৰতৰ প্ৰথম পদক বিজয়ী হৈ পৰে। তেওঁ আছিল ভাৰত হৈ অলিম্পিকত পদক অৰ্জন কৰা তৃতীয় শ্বুটাৰ। ৭০১.৫ স্ক'ৰ অৰ্জন কৰা ইটালীৰ ৰূপৰ পদক বিজয়ী নিকোলো কাম্প্ৰিয়ানিৰ পিছত আছিল গগন, আনহাতে ৰোমানিয়াৰ স্বৰ্ণ পদক বিজয়ী এলিন জৰ্জ মোলডোভানু স্ক'ৰ আছিল ৭০২.১।২ অৱশ্যে তেওঁ ৰয়েল আৰ্টিলাৰী বেৰেকত পুৰুষৰ ৫০ মিটাৰ ৰাইফলত তিনিটা স্থানৰ বাবে ফাইনেলৰ যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয়।২১
২০১৪ চনত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত নাৰঙে ক্ৰমান্বয়ে ৫০ মিটাৰ ৰাইফল প্ৰ'ণ আৰু ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ১টা ৰূপৰ পদক আৰু ১টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।২২২৩
বঁটা আৰু স্বীকৃতি
তেওঁৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে নাৰঙক ২০১১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।২৪ গগন নাৰঙক ২০১০ চনৰ সন্মানীয় ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। এয়া ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা।২৫ ২০১১ চনৰ ২৯ আগষ্টত তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে তেওঁক এই বঁটা প্ৰদান কৰে।২৬ লগতে গগন নাৰঙক ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিঁৰ আয়োজকসকলে ২০১২ চনৰ ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিঁত চেকাৰ্ড ফ্লেগ ল'ৰাবলৈ আমন্ত্ৰণ জনাইছিল।২৭
২০১২ চনৰ অলিম্পিকত ব্ৰঞ্জ পদক লাভ কৰাৰ বাবে স্বীকৃতি
- ১ কোটি টকাৰ নগদ ধনৰ পুৰস্কাৰ হাৰিয়ানা ৰাজ্য চৰকাৰৰ দ্বাৰা।
- ৫০ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰৰ দ্বাৰা।২৮
- ৫০ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ ৰাজস্থান ৰাজ্য চৰকাৰৰ দ্বাৰা।২৯
- ২০ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ ভাৰতৰ তীখা মন্ত্ৰালয় দ্বাৰা।
- ২ কিলোগ্ৰাম সোণ চাহাৰা ইণ্ডিয়া পৰিৱাৰৰ তৰফৰ পৰা।
বাহ্যিক সংযোগ
- আন্তৰ্জাতিক শ্বুটিং স্পোৰ্ট ফেডাৰেচনত গগন নাৰঙৰ প্ৰ'ফাইল
তথ্যসূত্ৰ
- ↑ Gagan Narang wins India's first medal at London 2012 Olympics
- ↑ Olympics 2012: Gagan Narang shoots a bronze, India wins first medal
- ↑ Olympics 2012: 10m Air Rifle Final Scores
- ↑ Ten spectacular feats of Gagan Narang
- ↑ Harish, Kotian. (26 May 2020). How I slayed my demons and won an Olympic medal. Rediff.com
- ↑ Das, N Jagannath. (31 July 2012). Gagan's dream realised: Parents. The New Indian Express
- ↑ Gagan Narang. Sports Reference
- ↑ Subrahmanyam, V. V. (31 July 2012). Nerve-wracking moments.. and joy!. দ্য হিন্দু
- ↑ Lohumi, Bhanu P. (31 July 2012). Narang's village bursts into celebrations. The Tribune (Chandigarh)
- ↑ Deswal, Deepender. (31 July 2012). We want to honour Gagan. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (14 August 2012). Royal reception for Gagan. দ্য হিন্দু
- ↑ Unnikrishnan, M.S. (1 April 2006). UNCOMMON WEALTH. The Tribune (Chandigarh)
- ↑ (26 October 2003). Gagan Narang wins India's first gold a Rediff.com article about Afro-Asian Games
- ↑ (5 November 2008). Narang wins World Cup, sets world record. The Times of India
- ↑ (5 November 2008). Gagan Narang shoots to world record, wins world cup. IBN Live
- ↑ (5 November 2008). Narang wins World Cup gold with new record. Rediff
- ↑ (8 August 2010). Gagan Narang threatens to skip Commonwealth Games. The Times of India
- ↑ (17 August 2010). Gagan Narang to participate at Commonwealth Games. হিন্দুস্তান টাইমছ. Press Trust of India
- ↑ (5 October 2010). Gagan Narang grabs gold in 10m air rifle an article on Commonwealth Games 2010
- ↑ (13 November 2010). Asian Games: Gagan Narang provides India with silver lining on opening day An article on Asian Games 2010
- ↑ Olympics: Shooters Narang, Rajput fail to qualify. The Times of India
- ↑ (28 July 2014). I'm happy to win a CWG medal in new event: Narang an article on Commonwealth Games 2014
- ↑ (29 July 2014). Sanjeev Rajput wins silver, Gagan Narang takes bronze an article on Commonwealth Games 2014
- ↑ (25 January 2011). Padma Shree for Gagan Narang
- ↑ (22 July 2011). Gagan Narang gets Khel Ratna award, Zaheer gets Arjuna. The Times of India
- ↑ (18 August 2011). Gagan Narang to be conferred Khel Ratna on Aug 29. Rediff.com
- ↑ (29 October 2012). A tribute to a champion. The Hindu
- ↑ (31 July 2012). Rs50 lakh cash reward to Gagan for bagging Olympic medal. The Times of India
- ↑ (13 August 2012). Rajasthan announces cash awards for Olympic winners Vijay Kumar, Sushil Kumar, Mary Kom, Saina Nehwal and others. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গগন নাৰং” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৬৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।