বজৰং পুনিয়া (Bajrang Punia; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় ফ্ৰী ষ্টাইল মল্ল যুঁজাৰু। তেওঁ ২০১৮ চনত ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ আৰু অষ্ট্ৰেলিয়াৰ গোল্ড কষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ পুৰুষৰ ফ্ৰী ষ্টাইল মল্লযুঁজ প্ৰতিযোগিতাৰ ৬৫ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল। ভাৰত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৫ চনত অৰ্জুন বঁটা আৰু ২০১৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছে। ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ফ্ৰী ষ্টাইল মল্লযুঁজৰ ৬৫ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।১
প্ৰাৰম্ভিক জীৱন
১৯৯৪ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ ঝাজ্জৰ জিলাৰ খুদান গাঁৱত বজৰং পুনিয়াৰ জন্ম হৈছিল।২৩ তেওঁ সাত বছৰ বয়সত মল্লযুদ্ধ আৰম্ভ কৰিছিল আৰু তেওঁৰ পিতৃয়ে তেওঁক এই ক্ৰীড়াৰ লগত জড়িত হবলৈ উৎসাহিত কৰিছিল।৪ পুনিয়া এক গ্ৰাম্য অঞ্চলত ডাঙৰ দীঘল হৈছিল। তেওঁৰ পৰিয়ালৰ পৰম্পৰাগত ক্ৰীড়াৰ বাবে ধন নাছিল। তাৰ পৰিৱৰ্তে তেওঁ কুস্তি আৰু কাবাডীৰ দৰে ক্ৰীড়াত অংশগ্ৰহণ কৰিব লগা হৈছিল।৫ পুনিয়াৰ দেউতাক এজন মল্লযোদ্ধা আছিল আৰু কম বয়সতে তেওঁৰ পৰিয়ালে তেওঁক স্থানীয় বোকা কুস্তি বিদ্যালয়ত ইয়াক আয়ত্ত কৰিবলৈ পঠিয়াইছিল। বজৰং পুনিয়াই মল্লযুঁজৰ অনুশীলনৰ বাবে আনুষ্ঠানিক শিক্ষা আধাতে সমৰিছিল। ২০১৫ চনত তেওঁৰ পৰিয়াল চনিপতলৈ যায় যাতে তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এক আঞ্চলিক কেন্দ্ৰত যোগদান কৰিব পাৰে। বৰ্তমান তেওঁ ৰাজপত্ৰিত বিষয়া অ'এছডি স্পৰ্টছৰ পদত ভাৰতীয় ৰে’লত সেৱা আগবঢ়ায়।৩ তেওঁ মল্লযোদ্ধা সংগীতা ফোগাটৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৬
খেলুৱৈ জীৱন
২০১৩ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপ
ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত ছেমি ফাইনেলৰ যুঁজত বজৰঙে উত্তৰ কোৰিয়াৰ হোৱাং ৰিয়ং-হাকৰ হাতত ৩-১ স্কৰত পৰাস্ত হৈ পুৰুষৰ ফ্ৰীষ্টাইল ৬০ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল
ৰাউণ্ড অফ ১৬ত তেওঁ জাপানৰ শোগো মাইদাৰ মুখামুখি হয় আৰু তেওঁক ৩-১ স্কৰত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল ইৰাণৰ মোৰাদ হাছান যাক তেওঁ ৩-১ স্কৰত পৰাস্ত কৰি ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে।৭
২০১৩ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপ
হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত প্ৰতিযোগিতাত বজৰঙে পুৰুষৰ ফ্ৰীষ্টাইল ৬০ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰিপেচেজ ৰাউণ্ডৰ জৰিয়তে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। তাত তেওঁ মঙ্গোলিয়াৰ এনখচাইখানি নিয়াম-ওচিৰক ৯-২ ব্যৱধানত পৰাস্ত কৰে।
ৰাউণ্ড অফ ৩২ত তেওঁ বুলগেৰিয়াৰ ভ্লাদিমিৰ ডুবভৰ মুখামুখি হৈছিল যিয়ে তেওঁক ৭-০ স্কৰত পৰাস্ত কৰিছিল। বুলগেৰিয়ান গ্ৰেপলাৰে চূড়ান্ত বাউটৰ বাবে যোগ্যতা অৰ্জন কৰাৰ লগে লগে বজৰঙে জাপানৰ শোগো মাইদাৰ মুখামুখি হয় আৰু ৱাকঅভাৰ অৰ্জন কৰে। তেওঁৰ পৰৱৰ্তী প্ৰতিদ্বন্দ্বী আছিল ৰোমানিয়াৰ ইভান গাইডা, আৰু ৰোমানিয়ানৰ বিৰুদ্ধে ১০-৩ স্কৰৰ জয়ৰ সৈতে বজৰঙে ব্ৰঞ্জৰ পদকৰ যুঁজত স্থান অৰ্জন কৰিছিল।
২০১৪ কমনৱেলথ গেমছ
স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত প্ৰতিযোগিতাত তেওঁ পুৰুষৰ ফ্ৰীষ্টাইল ৬১ কিলোগ্ৰাম শাখাত কানাডাৰ ডেভিদ ট্ৰেম্বলেৰ হাতত ১-৪ ব্যৱৱধাৰাত পৰাজিত হোৱাৰ পিছত ৰূপৰ পদক অৰ্জন কৰে।
ৰাউণ্ড অফ ১৬ত বজৰঙে ইংলেণ্ডৰ ছাছা মেডিআৰ্কিকৰ মুখামুখি হৈছিল আৰু তেওঁক ৪-০ স্কৰত পৰাস্ত কৰিছিল। তেওঁ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মাৰ্নো প্লেটজিৰ মুখামুখি হৈছিল আৰু ৪-১ স্কৰত বিজয়ী হৈছিল। নাইজেৰিয়ান মল্লযোদ্ধা আমাছ ডেনিয়েল ছেমি ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল আৰু তেওঁক ৩-১ স্ক'ৰলাইনত পৰাস্ত কৰিছিল।৮৯
২০১৪ এছিয়ান গেমছ
দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত প্ৰতিযোগিতাত তেওঁ পুৰুষৰ ফ্ৰীষ্টাইল ৬১ কিলোগ্ৰাম শাখাত ইৰাণৰ মাছুদ এচমেইলপুৰজুইবাৰীৰ হাতত ১-৩ ব্যৱৱস্থিত পৰাজিত হোৱাৰ পিছত ৰূপৰ পদক অৰ্জন কৰে।
ৰাউণ্ড অফ ১৬ত তেওঁ মঙ্গোলিয়াৰ টুভশিনটুলগা টুমেনবিলেগৰ মুখামুখি হয় আৰু তেওঁক ৩-১ স্কৰত পৰাস্ত কৰে। তেওঁৰ কোৱাৰ্টাৰ ফাইনেলৰ প্ৰতিদ্বন্দ্বী আছিল তাজিকিস্তানৰ ফাৰখোদি উচমনজোদা যাক তেওঁ ৪-১ স্কৰত পৰাস্ত কৰি ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। ছেমি ফাইনেলত জাপানৰ নৰিয়ুকি টাকাতচুকাক ৪-১ স্কৰত পৰাস্ত কৰিছিল।১০
২০১৪ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপ
কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত প্ৰতিযোগিতাত বজৰঙে পুৰুষৰ ফ্ৰীষ্টাইল ৬১ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে আৰু ইৰাণৰ মাছুদ এচমাইলপোৰৰ হাতত ০-৪ স্কৰত পৰাজিত হয়।
ৰাউণ্ড অফ ১৬ত বজৰঙে দক্ষিণ কোৰিয়াৰ লী চেউং-চুলক লগ পাইছিল যাক তেওঁ ৩-১ স্কৰত পৰাস্ত কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাপানৰ নৰিয়ুকি টাকাতচুকাৰ মুখামুখি হয় যাক তেওঁ ৩-১ স্কৰত পৰাস্ত কৰি ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। তাত তেওঁ মঙ্গোলিয়াৰ নজমান্দাখ লমগাৰ্মাক ৩-১ স্কৰত পৰাস্ত কৰিছিল।১১
২০১৫ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ
বজৰঙে লাছ ভেগাছত অনুষ্ঠিত প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা নাছিল আৰু পঞ্চম স্থান লাভ কৰিছিল।১২
২০১৭ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপ
২০১৭ চনৰ মে মাহত তেওঁ দিল্লীত অনুষ্ঠিত এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছিল।৩
প্ৰ' ৰেছলিং লীগ
নতুন দিল্লীত অনুষ্ঠিত নিলামত বজৰং জেএছডব্লিউৰ মালিকানাধীন বেংগালুৰ ফ্ৰেঞ্চাইজিৰ দ্বিতীয় অধিগ্ৰহণ আছিল। মল্লযোদ্ধাজনক ২৯.৫ লাখ টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰা হৈছিল।১৩
২০১৮ কমনৱেলথ গেমছ
অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত তেওঁ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিলোগ্ৰাম শাখাত সোণৰ পদক জিকিছিল। তেওঁ ৱেলছৰ কেন চাৰিগক কাৰিকৰী শ্ৰেষ্ঠতাৰ দ্বাৰা অতিক্ৰম কৰি স্বৰ্ণ জয় কৰিছিল।১৪
২০১৮ এছিয়ান গেমছ
২০১৮ চনৰ ১৯ আগষ্টত জাকাৰ্তাত অনুষ্ঠিত পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিগ্ৰা শাখাত তেওঁ সোণৰ পদক জিকিছিল। তেওঁ জাপানী মল্লযোদ্ধা টাকাটানি দাইচিক ১১-৮ স্কৰত পৰাস্ত কৰিছিল।১৫১৬
২০১৮ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ
বজৰঙে ২০১৯ ৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ৰূপৰ পদক জিকিছিল। সেই ৰূপৰ পদকৰ পিছত তেওঁ ৬৫ কিলোগ্ৰাম শাখাত বিশ্বৰ নম্বৰ ১ ৰেংক লাভ কৰিছিল।১৭
২০১৯ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ
বজৰঙে বিশ্ব চেম্পিয়নশ্বিপত দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জ জয় কৰে। ইয়াৰ ফলত ৬৫ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্লযুঁজ প্ৰতিযোগিতাত টকিঅ' ২০২০ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।
২০২০ ৰোম ৰেংকিং শৃংখলা
১৮ জানুৱাৰীত বজৰঙে ৰেংকিং শৃংখলাত ৬৫ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত ফাইনেলত জৰ্ডান অলিভাৰক ৪-৩ স্কৰত পৰাস্ত কৰে।১৮
২০২০ টকিঅ' অলিম্পিক
২০২১ চনৰ ৬ আগষ্টত তেওঁ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ৬৫ কেজি শাখাত প্ৰি-কোৱাৰ্টাৰ ফাইনেল মেচখন এৰ্নাজাৰ আকমাতালিয়েভৰ বিৰুদ্ধে আৰু মৰ্টেজা ঘিয়াচি চেকাৰ বিৰুদ্ধে তেওঁৰ কোৱাৰ্টাৰ ফাইনেল খেলত বিজয়ী হয়।১৯২০ ব্ৰঞ্জৰ পদকৰ খেলখনত তেওঁ তেওঁৰ প্ৰতিদ্বন্দ্বীক ৮-০ ৰ ব্যৱধানত জয়লাভ কৰিছিল।
বঁটা আৰু সন্মান
- অৰ্জুন বঁটা, ২০১৫২১
- পদ্মশ্ৰী, ২০১৯২২
- মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা, ২০১৯২৩
- ফিকি ইণ্ডিয়া স্পৰ্টছ এৱাৰ্ড ২০২০২৪
২০২০ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে
- ভাৰত চৰকাৰৰ পৰা ₹৩০ লাখ টকা২৫
- হাৰিয়ানা চৰকাৰৰ পৰা ₹২.৫ কোটি২৬
- ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰা ২৫ লাখ টকা২৭
- ভাৰতীয় অলিম্পিক সংস্থাৰ পৰা ₹২৫ লাখ টকা২৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ TokyoAugust 7, Rohan Sen; August 7, 2021UPDATED:; Ist, 2021 16:30. Tokyo 2020: Wrestler Bajrang Punia beats Daulet Niyazbekov to win bronze, adds 6th medal in India's tally. India Today
- ↑ Saini, Ravinder. (31 July 2014). Silver medallist Bajrang's native village erupts in joy. The Tribune. Tribune News Service
- ↑ Wins gold medal in Asian Wrestling Championship; father seeks DSP’s post for grappler, The Tribune, 14-May-2017
- ↑ Glasgow 2014 - Bajrang Bajrang Profile. g2014results.thecgf.com
- ↑ Blaine Henry. (June 1, 2020). Bajrang Punia: In The Middle of Difficulty Lies Opportunity. Fight-Library.com
- ↑ Indian wrestler Bajrang Punia married Sangeeta Phogat Haryana, olympics.com, accessed 6 August 2021
- ↑ International Wrestling Database. www.iat.uni-leipzig.de
- ↑ (17 September 2013). Bajrang Kumar wins bronze at World Wrestling Championships. CNN-IBN
- ↑ (17 September 2013). Bajrang wins bronze at World Wrestling Championships. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Athletes_Profile · Biographies · Sports. www.incheon2014ag.org
- ↑ International Wrestling Database. www.iat.uni-leipzig.de
- ↑ International Wrestling Database. www.iat.uni-leipzig.de
- ↑ (2015-11-04). JSW bag Narsingh at Pro Wrestling League auction - Times of India. The Times of India
- ↑ CoastApril 13, India Today Web Desk Gold; April 13, 2018UPDATED; Ist, 2018 14:18. CWG 2018: Wrestler Bajrang Punia bags Gold in Men's Freestyle 65kg category. India Today
- ↑ (2018-08-20). Wrestler Bajrang Punia brings India first Asian Games gold. The Indian Express
- ↑ Wrestling Results Book. 2018 Asian Games
- ↑ (2018-08-20). Bajrang becomes number one in world in 65kg. The Pioneer
- ↑ Bajrang Punia wins gold at Rome Ranking Series event. India Today. Ist
- ↑ Wrestling Schedule & Results - 6 Aug · Tokyo 2020. .
- ↑ Bajrang Punia won bronze medal in Tokyo olympics 2020 category sportstar.thehindu.com. Retrieved 6 August 2021
- ↑ (29 August 2015). JSW-supported Bajrang Punia and Babita Kumari receive Arjuna Award. www.sportskeeda.com
- ↑ Bajrang Punia: The Padma honour more than makes up for the Khel Ratna snub - Times of India ►. The Times of India
- ↑ [./ Rajiv Gandhi Khel Ratna Awards]
- ↑ (9 December 2020). Bajrang Punia, Elavenil Valarivan bag top honours at FICCI India Sports Awards. The Hindu
- ↑ Sharma, Nitin. (12 July 2021). Rs 6 crore or Rs 25 lakh for Olympics gold? Home state key to cash prize. Indian Express
- ↑ Basu, Hindol. (23 July 2021). Tokyo Olympics: Indians to get highest cash award for winning medals. Times of India
- ↑ (7 August 2021). Raining rewards for Olympic gold medallist Neeraj Chopra! Haryana, Punjab, BCCI announce cash awards for star javelin thrower. Financial Express
- ↑ (24 July 2021). Tokyo Olympics: Coaches of gold winners to get ₹12.5 lakh from IOA, Chanu coach to get ₹10 lakh. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বজৰং পুনিয়া” প্ৰবন্ধৰ সংশোধন ৫৬৯৩৯৬ (১৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।