লিয়েণ্ডাৰ পেজ (Leander Paes; সম্পূৰ্ণ নাম: লিয়েণ্ডাৰ আদ্ৰিয়ান পেজ) এজন ভাৰতীয় টেনিছ খেলুৱৈ। ১৯৭৩ চনৰ ১৭ জুনত তেওঁৰ কলিকতাত জন্ম হয়। কলিকতাতেই তেওঁ ডাঙৰ-দীঘল হয়। তেওঁৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল আৰু ১৯৮০ চনৰ এছিয় বাস্কেটবল প্ৰতিযোগিতাত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল। পিতৃ ভাচ পেজ ব্ৰঞ্জপদক জয়ী ১৯৭২ মিউনিক অলিম্পিক দলৰ হকী খেলুৱৈ। লিয়েণ্ডাৰ পেজ তেওঁৰ মাতৃৰ দিশৰ পৰা কবি মাইকেল মধুসূদন দত্তৰ বংশধৰ।
কৰ্মজীৱন
১৯৮৫ চনত লিয়েণ্ডাৰে মাদ্ৰাজৰ ব্ৰিটেনিয়া টেনিছ একাডেমীত যোগদান কৰে। তেওঁ পেশাদাৰী টেনিছ খেলুৱৈ হিচাপে ১৯৯১ চনত প্ৰথমে আত্মপ্ৰকাশ কৰে। ১৯৯১ চনত লিয়েণ্ডাৰ পেজ ইউএচ অপেন আৰু জুনিয়ৰ উইম্বলেডনত জয় লাভ কৰে। ১৯৯২ চনত তেওঁ ৰমেশ কৃষ্ণনৰ লগত বাৰ্চিলনা অলিম্পিকৰ দ্বৈত প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত আগ বাঢ়ে। ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকত ফাৰ্নান্দ মেলিজেনিক পৰাজিত কৰি ব্ৰঞ্জ পদক লাভ কৰে। সেই বছৰ তেওঁ ৱৰ্ল্ড জুনিয়ৰ ৰেংকিংত প্ৰথম স্থান পায়ো। উইম্বলডন জুনিয়ৰ খিতাপ জয়ে পেজক আন্তৰ্জাতিক পৰিচিতি প্ৰদান কৰে। মহেশ ভূপতিৰ লগত তেওঁ বিশ্ব ডাবলচ টেনিছত দীৰ্ঘসময় প্ৰথম স্থান ধৰি ৰাখে।
ভাৰতৰ অন্যতম অনন্য ক্ৰীড়াব্যক্তিত্ব হিচাপে তেওঁক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (১৯৯৬-১৯৯৭) প্ৰদান কৰা হয়। ২০০১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
গ্ৰেণ্ড শ্লাম খিতাপ
পুৰুষৰ ডাবলচ বিভাগ
- ফ্ৰেঞ্চ অপেন ১৯৯৯
- উইম্বলডন ১৯৯৯
- ফ্ৰেঞ্চ অপেন ২০০১
মিশ্ৰ ডাবলচ বিভাগ
- উইম্বলডন ১৯৯৯
- অষ্ট্ৰেলিয়া অপেন ২০০৩
- উইম্বলডন ২০০৩
- উইম্বলডন ২০১০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিয়েণ্ডাৰ পেজ” প্ৰবন্ধৰ সংশোধন ২৯২৯৯৮ (৩০ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।