অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰুতিমালা দুৱৰা

শ্ৰুতিমালা দুৱৰা (Srutimala Duara) এগৰাকী অসমৰ লেখিকা আৰু গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা। লগতে শ্ৰুতিমালা দুৱৰা হৈছে এগৰাকী আবৃত্তিকাৰ আৰু অভিনেত্ৰী। তেওঁ ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত এগৰাকী।

হালনাগাদ: ১৫ জুন ২০২৪ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শ্ৰুতিমালা দুৱৰা (Srutimala Duara) এগৰাকী অসমৰ লেখিকা আৰু গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা। লগতে শ্ৰুতিমালা দুৱৰা হৈছে এগৰাকী আবৃত্তিকাৰ আৰু অভিনেত্ৰী। তেওঁ ইংৰাজী ভাষা ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত এগৰাকী। শ্ৰুতিমালা দুৱৰাই অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰে। শ্ৰুতিমালা দুৱৰা বহুকেইখন উপন্যাস, চুটিগল্প তথা শিশু গ্ৰন্থৰ লেখক। দ্য টাইমছ অৱ ইণ্ডিয়া, দ্য হিন্দু আৰু দ্য আছাম ট্ৰিবিউন কাকতত তেওঁ লিখা-মেলা কৰে।১৯৯৫ চনত শিশুসকলক উদ্দেশ্যি ৰচনা কৰা সাধুকথাৰ দেশ শীৰ্ষক তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ পায়। ইফালে ১৯৯৬ চনত প্ৰকাশ পোৱা তেওঁৰ সাধুকথাৰ টোপোলা নামৰ গ্ৰন্থখন নেছনেল বুক ট্ৰাষ্টে ১৯৯০ ৰ পৰা ১৯৯৮ বৰ্ষৰ শ্ৰেষ্ঠ ভাৰতীয় শিশু সাহিত্য হিচাপে স্বীকৃতি দিয়ে। ২০১৫ চনত লায়ন্স ক্লাবে নাৰীশক্তি বঁটা আৰু ২০১৬ চনত ইণ্টাৰনেচনেল হিউমেন ৰাইটছ কাউন্সিল, অসম শাখাই ৱমেন অৱ দ্য ইয়েৰ বঁটাৰে শ্ৰুতিমালা দুৱৰাক বিভূষিত কৰে। শ্ৰুতিমালা দুৱৰা দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ এগৰাকী ভাষ্যকাৰ।১

কৰ্মজীৱন আৰু সাহিত্যিক জীৱন

শ্ৰুতিমালা দুৱৰাই অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু ইংৰাজী ভাষা দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰে। শ্ৰুতিমালা দুৱৰাৰ প্ৰকাশিত ইংৰাজী চুটিগল্পৰ সংকলনসমূহৰ ভিতৰত দ্য ছানছেট এণ্ড আদাৰ ষ্টৰিজ হৈছে প্ৰথম সংকলন। এই গ্ৰন্থখন ১৯৯৮ চনত প্ৰকাশ পায়। যথাক্ৰমে ১৯৯৯ আৰু ২০০৪ চনত প্ৰকাশ পোৱা ৱেইটিং ফৰ দ্য লাষ্ট ব্ৰেথ আৰু দ্য ঝুলন ইভিনিং তেওঁৰ আন দুখন গল্প সংকলন। দুৱৰাই ২০০১ চনত তেওঁৰ প্ৰথমখন ইংৰাজী উপন্যাস ট্ৰেভেলিং উইথ ড্ৰীমছ প্ৰকাশ কৰি উলিয়ায়। ২০০৩ চনত তেওঁৰ দুখনকৈ উপন্যাস ক্ৰমে মায়াজ পাৰ্টি আৰু এছেজ ইন দ্য ছীজ প্ৰকাশ পায়। ইয়াৰ লগতে সাধুকথাৰ দেশ, সাধুকথাৰ বাগিচা আদি অসমীয়াত শিশু গ্ৰন্থও ৰচনা কৰিছে। শ্ৰুতিমালা দুৱৰা বৰ্তমান গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকাৰূপে কৰ্মৰত। ১তেওঁ নৰ্থ ইষ্ট ৰাইটাৰ ফৰামৰ সম্পাদিকা হিচাপে কৰ্যনিৰ্বাহ কৰি আছে।২

তেওঁৰ দ্বাৰা ৰচিত এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ শীৰ্ষক এটি প্ৰবন্ধ নৱম শ্ৰেণীৰ Beehive পুথিত সন্নিৱিষ্ট কৰা হৈছে। তেওঁ দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ এগৰাকী ভাষ্যকাৰ হিচাপেও পৰিচিত। ১

সাহিত্যৰাজি

চুটিগল্প

  1. দ্য ছানছেট এণ্ড আদাৰ ষ্টৰিজ (১৯৯৮)
  1. ৱেইটিং ফৰ দ্য লাষ্ট ব্ৰেথ (১৯৯৯)
  2. দ্য ঝুলন ইভিনিং (২০০৪)

উপন্যাস

  1. ট্ৰেভেলিং উইথ ড্ৰীমছ (২০০১)
  1. মায়াজ পাৰ্টি (২০০৩)
  2. এছেজ ইন দ্য ছীজ (২০০৩)

শিশুগ্ৰন্থ

  1. সাধুকথাৰ দেশ (১৯৯৫)
  1. সাধুকথাৰ বাগিচা (১৯৯৬)
  2. সাধুকথাৰ টোপোলা (১৯৯৬)

আত্মজীৱনীমূলক ৰচনা

২০২২ চনৰ নৱেম্বৰ মাহত শ্ৰুতিমালা দুৱৰাই My Journey through Cancer নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনি প্ৰকাশ কৰে৷ কৰ্কট ৰোগৰ লগত তেওঁৰ সংগ্ৰামৰ কথা বিশেষ গ্ৰন্থখনত লিপিবদ্ধ হৈছে৷ গ্ৰন্থখনৰ প্ৰকাশক হৈছে WissenMonk Publishing.(ৱাইছেনমংক পাব্লিছিং)৷ উল্লেখ্য যে, শ্ৰুতিমালা দুৱৰা অভেৰিয়ান কৰ্কট ৰোগত আক্ৰান্ত হৈছিল৷ ৩

বঁটা

নেছনেল বুক ট্ৰাষ্টে ১৯৯০ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত শিশু সাহিত্যলৈ লেখিকাগৰাকীয়ে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক শ্ৰেষ্ঠ ভাৰতীয় শিশু সাহিত্য বঁ‌টা প্ৰদান কৰে। তেখেতৰ সাধুকথাৰ টোপোলা গ্ৰন্থখন শ্ৰেষ্ঠ শিশু সাহিত্য বিবেচিত হয়। ২০১৫ চনত লায়ন্স ক্লাবে নাৰীশক্তি বঁটা আৰু ২০১৬ চনত ইণ্টাৰনেচনেল হিউমেন ৰাইটছ কাউন্সিল, অসম শাখাই ৱমেন অৱ দ্য ইয়েৰ বঁটাৰে শ্ৰুতিমালা দুৱৰাক বিভূষিত কৰে।

মৃত্যু

২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে দিনৰ ১১ বাজি ১৫ মিনিটত গুৱাহাটীত শ্ৰুতিমালা দুৱৰাৰ মৃত্যু হয়৷ তেখেত বিগত কিছুবছৰৰ পৰা অভেৰিয়ান কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল৷৪৩

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃ. ২৪৯. ISBN 978-81-950015-4-5
  2. ↑ Srutimala Duara. www.newf.co.in
  3. ↑ (27th feb 2023). Prominent Academician Srutimala Duara Passes away. News Live
  4. ↑ (27th Feb 2023). Noted Academician Srutimala Duara passes away. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰুতিমালা দুৱৰা” প্ৰবন্ধৰ সংশোধন ৪২৩১৫১ (১৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।