অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সংযুক্তা পৰাশৰ

সংযুক্তা পৰাশৰ (Sanjukta Parashar) অসম কেডাৰৰ প্ৰথম অসমীয়া মহিলা আই পি এছ। বৰ্তমান তেওঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক পদত অধীস্থিত। ড০ সংযুক্তা পৰাশৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে ৮৫ সংখ্যক স্থান অধিকাৰ কৰিছিল।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৩ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সংযুক্তা পৰাশৰ (Sanjukta Parashar) অসম কেডাৰৰ প্ৰথম অসমীয়া মহিলা আই পি এছ। বৰ্তমান তেওঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক পদত অধীস্থিত। ড০ সংযুক্তা পৰাশৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে ৮৫ সংখ্যক স্থান অধিকাৰ কৰিছিল। তাৰ পিছত প্ৰত্যাহ্বানেৰে ভৰা আৰক্ষী সেৱা নিৰ্বাচন কৰিছিল।১

প্ৰাৰম্ভিক জীৱন

সংযুক্তা পৰাশৰ জলসিঞ্চন বিভাগৰ অভিযন্তা দুলাল চন্দ্ৰ বৰুৱা আৰু অসম স্বাস্থ্য বিভাগৰ কৰ্মচাৰী মীনা দেৱীৰ কন্যা। তেওঁৰ পিতৃ ডিব্ৰুগড় জিলাত কৰ্মৰত আছিল। তাৰ পিছত পৰিয়ালটো লখিমপুৰ জিলালৈ যায়। তাতেই সংযুক্তা পৰাশৰৰ শৈশৱৰ দুটা বছৰ অতিবাহিত হয়। তাৰ পিছত পৰিয়ালটো গুৱাহাটীলৈ যায়। সৰুৰে পৰা তেওঁ খেলা-ধূলাত আগ্ৰহী আৰু মাৰ্চ-পাষ্ট আদিত অংশগ্ৰহণ কৰিছিল।১

শৈক্ষিক জীৱন

সংযুক্তা পৰাশৰে গুৱাহাটীৰ হলী চাইল্ড স্কুলৰ পৰা প্ৰৱেশিকা আৰু নাৰেংগীৰ আৰ্মি স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ইন্দ্ৰপ্ৰস্থ কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰ পাছত তেওঁ দিল্লীৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, এম ফিল আৰু পি এইচ ডি ডিগ্ৰীও লাভ কৰে।২

অৱজাৰ্ভাৰ ৰিচাৰ্ছ ফাউণ্ডেশ্যন (Observer Research Foundation) নামৰ এটা গোটৰ বাবে কাম কৰাৰ সময়ত তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। এই পৰীক্ষাত তেওঁ দেশৰ ভিতৰতে ৮৫তম স্থান দখল কৰি উত্তীৰ্ণ হৈছিল।

কৰ্মজীৱন

২০০৮ চনত সংযুক্তা পৰাশৰক মাকুমৰ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেই সময়ত বড়ো আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলৰ মাজত সংঘৰ্ষ হৈছিল। সেয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দুঘণ্টাৰ পাছতেই ওদালগুৰি জিলালৈ তেওঁক ট্ৰেন্সফাৰ কৰা হৈছিল। বৰ্তমান তেওঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক পদত কাৰ্য্যনিৰ্বাহ কৰি আছে।২

ব্যক্তিগত জীৱন

২০০৮ চনত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত পুৰু গুপ্তাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ড০ পৰাশৰ এটি সন্তানৰ মাতৃও।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংযুক্তা পৰাশৰ” প্ৰবন্ধৰ সংশোধন ৩৮৭৯০৩ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।