অভিজিৎ ৰাভা (Abhijit Rabha) ভাৰতীয় বন সেৱাৰ (আই এফ এছ) এজন অসমীয়া বিষয়া। অসমৰ ৰাভা সম্প্ৰদায়ৰ মাজৰপৰা আই এফ এছৰ বিষয়া হোৱা তেওঁ প্ৰথমজন ব্যক্তি।১ অসমৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ হেৰুওৱা জীৱন-ঐতিহ্য ঘূৰাই অনাৰ কামৰ বাবে তেওঁ অধিক পৰিচিত। অভিজিৎ ৰাভাৰ দেউতাক প্ৰশাসনিক বিষয়া হিচাপে চাকৰিৰ পোষ্টিঙৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাই ভ্ৰমি ফুৰিব লগা হৈছিল আৰু তেওঁৰ জন্ম হৈছিল অসমৰ ধুবুৰীত।২ তেওঁৰ প্ৰাথমিক শিক্ষাৰ তত্ত্বাৱধায়ক আছিল এজন শৰণাৰ্থী শিক্ষক আৰু শশৈৱৰ বন্ধুসকল আছিল শৰণাৰ্থী৷২
কেৰিয়াৰ
ৰাভাই আশীৰ দশকত ভাৰতীয় বন সেৱাত যোগদান কৰি অসম বন সংমণ্ডলত সেৱা আগবঢ়াই আহিছে। নগাঁৱত তেওঁ যেতিয়া সহকাৰী বন সংৰক্ষক হৈ আছিল, তেতিয়া তেওঁ অঞ্চলটোত চলি থকা অবৈধভাৱে চলি থকা কাঠৰ ব্যৱসায় বন্ধ কৰিবলৈ সক্ষম হৈছিল।৩
তেওঁ প্ৰজেক্ট টাইগাৰৰ প্ৰথমজন উপ-ক্ষেত্ৰ সঞ্চালক হিচাপে দহ বছৰতকৈ অধিক সময় সেৱা আগবঢ়াইছিল আৰু তাৰ পাছত মানস ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক হিচাপে সেৱা আগবঢ়াইছিল।১ এই সময়ছোৱাত তেওঁ উদ্যানখনৰ বাবে প্ৰথম বৈজ্ঞানিক পৰিচালনা পৰিকল্পনা তৈয়াৰ কৰিছিল আৰু ভিএইচএফ ৰেডিঅ’, জিপিএছ মেপিং আৰু দীৰ্ঘ দূৰত্বৰ টহল দিয়া আদি ব্যৱস্থাৰ দৰে আধুনিক সঁজুলি আৰু পৰিৱৰ্তন আনিছিল।১
তেওঁৰ আন এটা গুৰুত্বপূৰ্ণ অৱদান হ'ল চোৰাং চিকাৰী হিচাপে কৰ্মৰত স্থানীয় লোকসকলৰ জীৱন সলনি কৰা। তেওঁ তেনে প্ৰায় ৭৫ জনক লোকক প্ৰশিক্ষণ দি বনৰক্ষী হিচাপে চাকৰিত মকৰল কৰাইছিল।
প্ৰত্যাহ্বান
চোৰাংচিকাৰী আৰু বন্যপ্ৰাণী মাফিয়াৰ বিৰুদ্ধে ৰাভাই গ্ৰহণ কৰা কঠোৰ কাৰ্য ব্যৱস্থাই তেওঁৰ বিৰুদ্ধে বহু শত্ৰুৰ সৃষ্টি কৰিছিল। তেনে শত্ৰুৰপৰা অহা কেইবাটাও আক্ৰমণৰ চেষ্টাৰপৰা তেওঁৰ জীৱন ৰক্ষা পৰিছিল।১
২০১২ চনৰ মাৰ্চ মাহত কাৰ্বি আংলঙত জৈৱ-বৈচিত্ৰ্যৰ জৰীপ চলাই থকাৰ সময়তে তেওঁক কাৰ্বি পিপলছ লিবাৰেচন টাইগাৰছ (কেপিএলটি)য়ে অপহৰণ কৰে। অৱশ্যে কিছুদিন পাছত তেওঁক নিৰাপদে মুকলি কৰি দিয়া হয়।৪
স্বীকৃতি
মানস ৰাষ্ট্ৰীয় উদ্যানক পুনৰ জীৱন্ত কৰি তোলা আৰু চোৰাং চিকাৰ হ্ৰাস কৰাত ৰাভাই আগ বঢে়াৱা অৱদানৰ বাবে দি চেঞ্চুৰি নেচাৰ ফাউণ্ডেচনে তেওঁক প্ৰশংসা কৰিছিল।১ তেওঁ অসমৰ পৰিৱেশ আৰু বন বিভাগত বন্যপ্ৰাণী শাখাৰ বিশেষ প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন বিষয়া হিচাপে কাম কৰিছিল। পাছলৈ তেওঁক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত নিযুক্তি দিয়া হয়।১
তথ্যসূত্ৰ
- ↑ Abhijit Rabha – Sanctuary Wildlife Service Award Profile. Sanctuary Nature Foundation
- ↑ Born to be Wild!
- ↑ (2 April 2015). A success story in Manas after 10 years. The Times of India
- ↑ (14 March 2012). Karbi militants abduct senior forest official in Assam. Assam Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিজিৎ ৰাভা” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৯২ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।