অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবীন দেৱচৌধুৰী

ড০ ৰবীন দেৱচৌধুৰী (Rabin Devchaudhary, ১৯৪১-২০২১) আছিল অসম, ভাৰতৰ এগৰাকী পুৰাতত্ত্ববিদ, লেখক, অধ্যাপক, আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান৷ সংগ্ৰহালয়ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত স্মৰণযোগ্য৷ ১৯৭০ চনত অসম ৰাজ্যিক সংগ্ৰহালয়ত তেখেতে সহকাৰী কিউৰেটৰ হিচাপে…

হালনাগাদ: ২ নৱেম্বৰ ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ড০ ৰবীন দেৱচৌধুৰী (Rabin Devchaudhary, ১৯৪১-২০২১) আছিল অসম, ভাৰতৰ এগৰাকী পুৰাতত্ত্ববিদ, লেখক, অধ্যাপক, আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান৷ সংগ্ৰহালয়ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত স্মৰণযোগ্য৷ ১৯৭০ চনত অসম ৰাজ্যিক সংগ্ৰহালয়ত তেখেতে সহকাৰী কিউৰেটৰ হিচাপে যোগদান কৰিছিল ৷ ড০ দেৱচৌধুৰীয়ে আমেৰিকা যুক্তৰাজ্য, ভূটান, ৰাছিয়া, জাপানকে ধৰি দেশ-বিদেশৰ অনেক ঠাইত প্ৰদৰ্শনীত অংশ লোৱাৰ লগতে বক্তৃতাও প্ৰদান কৰে ৷ তেখেত ইণ্ডিয়া আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল ৷ ইয়াৰ লগতে তেখেতে তিনিবাৰকৈ ভাৰতীয় সংগ্ৰহালয় সন্থাৰ সভাপতিৰ দায়িত্ব চম্ভালে ৷ ১

জন্ম আৰু শিক্ষা

'ড০ ৰবীন দেৱচৌধুৰীৰ জন্ম হৈছিল ১৯৪১ চনৰ অসমৰ পাটাছাৰকুছিত ৷ ১৯৫৯ চনত তেখেতে পাটাছাৰকুছি বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু কিছু সময়ৰ বাবে পাটাছাৰকুছি বিদ্যাপীঠ, নমাটি হাইস্কুল, আৰু পাটাছাৰকুছি বালিকা বিদ্যালয়ত শিক্ষকতা কৰে ৷ ১৯৬৬ চনত ড০ ৰবীন দেবচৌধুৰীয়ে মধ্য প্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰাচীন ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু প্ৰত্নতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৭০ চনত পুনে বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে ৷ তেখেতৰ গৱেষণাৰ বিষয় আছিল- প্ৰাক্-টাই-আহোম জনগোষ্ঠী যুগৰ ব্ৰহ্মপুত্ৰ নদ উপত্যকাৰ প্ৰত্নতত্ত্ব ১৷ ১৯৭৩ চনত তেখেতে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা মিউজিঅ'লজী বিষয়ত ডিপ্লমা গ্ৰহণ কৰে ৷

কৰ্মজীৱন

১৯৭০ চনত ড০ ৰবীন দেৱচৌধুৰীয়ে অসম ৰাজ্যিক সংগ্ৰহালয়ত সহকাৰী কিউৰেটৰ হিচাপে যোগ দিয়ে আৰু ১৯৮৩ চনত সঞ্চালকৰ পদত অধিষ্ঠিত হয় ৷ ১৯৯৮ চনত তেখেত ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালকৰ পদত বহে ৷ তাৰ আগতে তেখেতে কিছুদিন কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ দায়িত্ব চম্ভালে ৷ ১৯৯৮ চনৰ ২১ ডিচেম্বৰত তেখেতে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালকপ্ৰধানৰূপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰে ৷ তেখেতে দেশ-বিদেশৰ বিভিন্ন ঠাইত বক্তৃতা আৰু প্ৰদৰ্শনী আদতি অংশ ল'বৰ বাবে আমেৰিকা যুক্তৰাজ্য, জাপান, ভূটান, জাপান, ৰাছিয়া, ফ্ৰান্স, থাইলেণ্ড, চিংগাপুৰ, মালয়ছিয়া১ ভ্ৰমণ কৰে ৷

ড০ ৰবীন দেৱচৌধুৰী ভাৰতীয় কলা ইতিহাস কংগ্ৰেছৰ (Indian Art History Congress) প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে মনোনীত হৈছিল৷ ইয়াৰোপৰি তেখেত আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ মুখপত্ৰ কলাৰো সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল ৷ তেখেতে তিনিবাৰকৈ ভাৰতীয় সংগ্ৰহালয় সন্থাৰ সভাপতিৰ দায়িত্ব চম্ভালিছিল৷ ১ ২০০৪ চনত ড০ দেৱচৌধুৰীয়ে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা সঞ্চালক প্ৰধানৰূপে অৱসৰ লয়৷

অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে ড০ ৰবীন দেৱচৌধুৰীয়ে শিক্ষানুষ্ঠানখনৰ সাংস্কৃতিক অধ্যয়ন বিভাগত অধ্যাপনা কৰিছিল৷

বঁটা

ভাৰতীয় সংগ্ৰহালয় সন্থাই ড০ ৰবীন দেৱচৌধুৰীক জীৱনজোৰা সাধনাৰ বঁটাৰে সন্মানিত কৰে ৷ ১

ব্যক্তিগত জীৱন

ড০ ৰবীন দেৱচৌধুৰীৰ পত্নীৰ ২০১৬ চনত বিয়োগ হয় ৷ দম্পতীটোৰ এগৰাকী পুত্ৰ, এগৰাকী কন্যা সন্তান আছিল ৷ ১

মৃত্যু

২০২১ চনৰ ২৫ অক্টোবৰ তাৰিখে গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ড০ ৰবীন দেৱচৌধুৰীৰ দেহাৱসান ঘটে ৷ যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ তেখেত ২৩ ছেপ্টেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছিল৷ ২মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮০ বছৰ ৷ ১

তথ্যসূত্ৰ

  1. ↑ (২৬ অক্টোবৰ, ২০২১). পুৰাতত্ত্ববিদ ড০ ৰবীন দেৱচৌধুৰীৰ বিয়োগ. দৈনিক অসম. পৃ. ১ আৰু ৬
  2. ↑ www.pressreader.com/india/the-assam-tribune/2021

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন দেৱচৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৪৬৮৪৯ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।