অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিৰ্বাণ বৰগোহাঁই

অনিৰ্বাণ বৰগোহাঁই বা অনিৰ্বাণ বি. গোহাঁই (Anirban B. Gohain) অসমৰ এগৰাকী সাংবাদিক, সমাজকৰ্মী, নাট্যকৰ্মী, অভিনেতা, কবি, আবৃত্তিকাৰ আছিল। ধেমাজিৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক আছিল।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অনিৰ্বাণ বৰগোহাঁই বা অনিৰ্বাণ বি. গোহাঁই (Anirban B. Gohain) অসমৰ এগৰাকী সাংবাদিক, সমাজকৰ্মী, নাট্যকৰ্মী, অভিনেতা, কবি, আবৃত্তিকাৰ আছিল। ধেমাজিৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক আছিল।

প্ৰাৰম্ভিক জীৱন

১৯৭৭ চনৰ ২০ ডিচেম্বৰত ধেমাজি জিলাৰ গোগামুখত জন্ম লাভ কৰা অনিৰ্বাণ বি গোহাঁইৰ পিতৃ ভদ্ৰেশ্বৰ গোহাঁই আৰু মাতৃ বুলুমা গোহাঁই। তেওঁ ধেমাজিৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক আছিল। ছাত্ৰ অৱস্থাতে একাডেমী অফ ৰিডাৰ্চ নামৰ এক সংস্থা আৰম্ভ কৰি স্থানীয় পৰ্যায়ত বিভিন্ন সামাজিক কৰ্মৰ সূচনা কৰিছিল। অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ত ভাতৃ যামিনী অনুৰাগৰ সৈতে লগ হৈ তপোবন নামৰ এখন দেৱাল পত্ৰিকাৰ জৰিয়তে ঘৰতে সাহিত্য চৰ্চ্চা আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠনৰ লগত জড়িত হৈ গোগামুখ আৰু ধেমাজি জিলাৰ উন্নয়নৰ হকে নানান কৰ্মসূচী ৰূপায়ণ কৰিছিল।১

শিক্ষা

গোগামুখ নগৰ মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰাৰ পাছত তেওঁ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰে আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

সংবাদ-সেৱা

দৈনিক অগ্ৰদূত কাকতৰ নিয়মীয়া লেখক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰি পিছলৈ অসমীয়া প্ৰতিদিন বাতৰিকাকত আৰু বৈদ্যুতিন মাধ্যম ডিৱাই ৩৬৫ ত সাংবাদিক ৰূপে সেৱা আগবঢ়াইছিল। মৃত্যুৰ সময়লৈকে তেওঁ গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল।

নাট্যকৃতি

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ জৰিয়তে প্ৰশিক্ষণ প্ৰাপ্ত অনিৰ্বাণ বৰগোহাঁই বিভিন্ন নাট্য-সংগঠনৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল। দুমৌৰ নাট্য গোষ্ঠী, গোগামুখ গণ নাট্য বাহিনী (গগনাবা), অসম নাট্য সন্মিলনৰ বিভিন্ন নাট্য অনুষ্ঠাণৰ তেওঁ সক্ৰিয় কৰ্মী আছিল। দেনদুন দ্য থিয়েটাৰৰ তেখেত আছিল পৰিচালন সঞ্চালক। নাট্য পৰিচালক হিচাপে অনিৰ্বাণ বৰগোহাঁয়ে ভাৰতৰ বিভিন্ন ঠাইত নাট্য প্ৰদৰ্শন কৰিছিল। বিশেষকৈ চাহ-জনগোষ্ঠী আৰু মিচিং জনগোষ্ঠীৰ মাজত নাট্য-চেতনা বিকাশ কৰাত তেওঁ‌ ভূমিকা গ্ৰহণ কৰিছিল।

অভিনয়

বিভিন্ন নাটকত অভিনয় কৰাৰ উপৰিও তেওঁ বান্ধোন নামৰ এখন চুটি ছবিত অভিনয় কৰিছিল।

সমাজ-সেৱা

বৃহত্তৰ গোগামুখ অঞ্চল আৰু ধেমাজি জিলাৰ বিভিন্ন অনুষ্ঠাণ আৰু সংগঠনৰ জৰিয়তে তেওঁ আমৃত্যু সমাজ-সেৱাৰ লগত জড়িত হৈ আছিল।

সাহিত্য-সেৱা

কবি আৰু আবৃত্তিকাৰ হিচাপে পৰিচিতি লাভ কৰা অনিৰ্বাণ বৰগোহাঁইৰ কবিতা অসমৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছিল।

সম্পাদনা কৰা কাকত আলোচনী

  • চিনাকি - অসমীয়া, মিচিং আৰু বড়ো ভাষাত প্ৰকাশিত ত্ৰিভাষিক আলোচনী।
  • সোৱণশিৰি- গোগামুখৰ পৰা প্ৰকাশিত বাতৰিকাকত।

মৃত্যু

২০২১ চনৰ ২৬ জুলাইৰ পুৱা হঠাৎ দেখা দিয়া শাৰীৰিক অসুস্থতাৰ বাবে গোগামুখ প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰত ভৰ্ত্তি কৰাৰ পাছতে উন্নত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসা আৰম্ভ হোৱাৰ পূৰ্বেই ২৬ জুলাইৰ পুৱা প্ৰায় ১১.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।২৩ ৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.sentinelassam.com/north-east-india-news/assa
  2. ↑ https://public.app/
  3. ↑ https://www.etvbharat.com/assamese/
  4. ↑ https://www.etvbharat.com/

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিৰ্বাণ বৰগোহাঁই” প্ৰবন্ধৰ সংশোধন ৪৯৪৭০০ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।