অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিৰণ্য চন্দ্ৰ ভূঞা

ড॰ হিৰণ্য চন্দ্ৰ ভূঞা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় গৰাকী উপাচাৰ্য। অসমত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অসমীয়া বিজ্ঞানীসকলৰ ভিতৰত তেওঁ অন্যতম।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ড॰ হিৰণ্য চন্দ্ৰ ভূঞা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় গৰাকী উপাচাৰ্য। অসমত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অসমীয়া বিজ্ঞানীসকলৰ ভিতৰত তেওঁ অন্যতম।১

প্ৰাৰম্ভিক জীৱন

১৯০৫ চনত নগাঁও জিলাৰ ৰহাৰ ওচৰৰ কঁহাৰ গাঁৱত ড॰ হিৰণ্য চন্দ্ৰ ভূঞা জন্ম হয়। তেওঁৰ পিতৃ নগাওঁ জিলাৰ এগৰাকী প্ৰখ্যাত বিজ্ঞান শিক্ষক গোপাল ভূঞা। কলিকতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল। কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা বি এছ চি পৰীক্ষাত পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীসহ উত্তীৰ্ণ হয়। ১৯২৯ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীসহ এম এছ চি লাভ কৰে।

কৰ্মজীৱন

১৯২৯ চনত তেওঁ কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে যোগদান কৰে। ১৯৪৭ চনলৈকে শিক্ষাদান কৰি অৱশেষত গৱেষণাৰ বাবে যুক্তৰাজ্যৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ত যোগ দিয়ে। তাত প্ৰখ্যাত পদাৰ্থবিদ তথা গণিতজ্ঞ ড॰ এন মটৰ তত্ত্বাবধানত গৱেষণা কৰি পি এইচ ডি লাভ কৰে। ১৯৫১ চনত ড॰ হিৰণ্য চন্দ্ৰ ভূঞা কটন কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। ১৯৫৫ চনত অসমৰ শিক্ষাধিকাৰ ৰূপে তেওঁ শ্বিলঙত যোগদান কৰে। তাৰ পৰৱৰ্ত্তী কালত অসম চৰকাৰৰ শিক্ষা সচিব, লোকসেৱা আয়োগৰ সদস্য আৰু অধ্যক্ষ পদতো কাৰ্যনিৰ্বাহ কৰে। ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয়। ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ তেওঁ অসম বিজ্ঞান সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ২

অৱদান

সমগ্ৰ জীৱনজুৰি তেওঁ অসমত বিজ্ঞান চৰ্চাৰ এক অনুকূল পৰিৱেশ সৃষ্টি কৰাত অৱদান আগবঢ়ায়।৩৪

তথ্যসূত্ৰ

  1. ↑ www.assamtribune.com/scripts/dainik.asp?id=dec23 link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  2. ↑ আৰ্কাইভ কপি
  3. ↑ www.assamtribune.com/scripts/dainik.asp?id=dec23 link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰণ্য চন্দ্ৰ ভূঞা” প্ৰবন্ধৰ সংশোধন ৫৬৯৮১৭ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।