অতুল চন্দ্ৰ শইকীয়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ট্ৰেড ইউনিয়নৰ নেতা আছিল। তেওঁ আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পুত্ৰ আৰু তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ অসম বিধানসভাৰ সদস্য আছিল।
জন্ম আৰু বংশ পৰিচয়
অতুল চন্দ্ৰ শইকীয়াৰ জন্ম হৈছিল ১৯২৩ চনৰ ১৩ আগষ্টত। মাতৃৰ নাম চন্দ্ৰপ্ৰভা শইকীয়ানী১ আৰু পিতৃৰ নাম দণ্ডিনাথ কলিতা। অৱশ্যে বিয়াৰ আগতেই গৰ্ভৱতী হোৱা চন্দ্ৰপ্ৰভাৰ দণ্ডিনাথৰ লগত সামাজিক বাধাৰ বাবে বিয়া নহ’ল। পিতৃগৃহতেই চন্দ্ৰপ্ৰভাই পুত্ৰ অতুলক জন্ম দিছিল আৰু মাকৰ লগতে ককাক-আইতাকৰ ছত্ৰছায়াত অতুল ডাঙৰ দীঘল হৈছিল।২১
শিক্ষাজীৱন
তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষা লাভ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ তেওঁ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল।১ তাৰপিছত কলিকতালৈ স্নাতকোত্তৰ পঢ়িবলৈ গৈছিল আৰু তাতে তেওঁ অমূল্য বৰুৱাক সহপাঠী হিচাপে পাইছিল।১ সোণাৰাম হাইস্কুলত শিক্ষাগ্ৰহণ কৰি থকা সময়ত তেওঁ সহপাঠীৰূপে পাইছিল পুৰোধা ব্যক্তি ভূপেন হাজৰিকাক। অতুল শইকীয়াৰ পুত্ৰ অতনু শইকীয়াই লোৱা এটি সাক্ষাৎকাৰত ভূপেন হাজৰিকাই কৈছিল,
অতুল মোৰ বন্ধুৱেই নহয়, একেলগে একে মাকৰ পেটত জন্মা দুজন ল’ৰাৰ নিচিনা আছিলোঁ আমি দুয়ো।.... অতুল বৰ ভাল বক্তা আছিল। অসমীয়াৰ লগতে বাঙালী আৰু ইংৰাজীতো সাৱলীল বক্তৃতা দিব পাৰিছিল।১
লগতে তেওঁ অতুল সম্পৰ্কে কৈছিল,
দপদপীয়া মাকৰ দপদপীয়া সন্তান।৩
কলিকতাৰ সময়
১৯৪৬ চনৰ সাম্প্ৰদায়িক দাংগাৰ সময়ত অতুল চন্দ্ৰ শইকীয়া কোলকাতাত আছিল আৰু তেওঁ “দৈনিক লোকসেৱক’’ নামৰ কাকত এখনৰ উপ-সম্পাদক আছিল। দাংগাৰ সময়ত কলিকতাৰ ছাত্ৰাবাসত বহুতো ছাত্ৰ আবদ্ধ হৈ পৰিছিল। সেইসকলৰ মাজত অমূল্য বৰুৱাও আছিল। এইখিনি সময়ত অতুল চন্দ্ৰ শইকীয়াই দাংগাৰ মাজতে ছাত্ৰাবাসৰ ছাত্ৰসকলক খাদ্য আৰু পানীৰ যোগান ধৰিছিল আৰু ছাত্ৰসকলক উদ্ধাৰ কৰিবলৈ এখন ভান লৈ গৈছিল। এইখন ভানতে অমূল্য বৰুৱাও আছিল, কিন্তু হোষ্টেলৰ কোঠালিত গুৰুত্বপূৰ্ণ বস্তু এৰি অহাত পুনৰ সেই বস্তুটো ল’বলৈ যোৱা অমূল্য বৰুৱাৰ আক্ৰমণকাৰীৰ হাতত মৃত্যু হৈছিল।১৩
দাংগাৰ মাজতে ডেলহাউচী স্কোৱেৰত থকা কলিকতা অনাতাঁৰ কেন্দ্ৰত অসমীয়া অনুষ্ঠান “অল ইণ্ডিয়া ৰেডিঅ’, কলিকতা, এতিয়া অসমীয়া অনুষ্ঠান মুকলি কৰা হৈছে’’ বুলি মুকলি কৰিছিল অতুল শইকীয়াই।৩১ তেওঁ দেৱকান্ত বৰুৱা সম্পাদিত “দৈনিক অসমীয়া কাকত’’ৰো উপ-সম্পাদক আছিল।১
স্বাধীনতা সংগ্ৰাম আৰু কাৰাবাস
১৯ বছৰ বয়সতে শইকীয়াই ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত আন্দোলনত অংশ লোৱাৰ বাবে মাতৃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সৈতে একেলগে কাৰাবাস খাটিছিল।১
ৰাজনীতিত
অতুল চন্দ্ৰ শইকীয়াই ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ তেওঁ বিধায়ক নিৰ্বাচিত হৈছিল। কাৰ্যকাল আছিল ১৯৭২ চনৰ পৰা ১৯৭৮ চন।১
শ্ৰমিক নেতা
১৯১৯ চনত গঠিত আন্তৰ্জাতিক শ্ৰমিক সংঘৰ আন্দোলন ভাৰতলৈয়ো বিয়পি পৰিছিল। লালা লাজপত ৰায়, বৰাহগিৰি ভেংকট গিৰি শ্ৰী পাদ অমৃত ডাংগে, জৰ্জ ফাৰ্ণাণ্ডেজ আদি সৰ্বভাৰতীয় নেতৃত্বত এই আন্দোলন পৰৱৰ্তী পৰ্যায়ত অসমলৈ বিয়পি পৰিছিল। অসমত এই আন্দোলনত নেতৃত্ব দিছিল ৰবীন শইকীয়া আৰু অতুল শইকীয়াই। অসমৰ পৰিবহণ, চাহ উদ্যোগ, ৰিফাইনাৰী আদিৰ শ্ৰমিকক একত্ৰিত কৰি অসম চাহ মজদুৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘ আৰু অসম ৰাজ্যিক পৰিবহণ শ্ৰমিক সংস্থা গঠনত আগভাগ লৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৫০টি শ্ৰমিক সংগঠনৰ নেতৃত্ব দিছিল।ভাৰতীয় শ্ৰমিক সমাজৰ প্ৰতিনিধি হিচাপে জেনেভাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ আন্তৰ্জাতিক সন্মিলনত ভাগ লৈছিল। ১৯৮০ চনৰ ২২ জানুৱাৰীত জাপানৰ ট’কিওত হোৱা আন্তৰ্জাতিক চেমিনাৰত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল। তাত তেওঁ ১৯৮০ বৰ্ষৰ ট্ৰেড ইউনিয়নৰ ভূমিকা শীৰ্ষক প্ৰতিবেদন পাঠ কৰিছিল। তদুপৰি তেওঁ শ্ৰমিক কল্যাণৰ বাবে আমেৰিকা, জাপান, ছোভিয়েট ৰাছিয়া আদি দেশো ভ্ৰমণ কৰিছিল।১
মৃত্যু
১ জুন ১৯৮২ চনত অতুল চন্দ্ৰ শইকীয়াৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতুল চন্দ্ৰ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬১১২৫০ (৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।