অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰেন্দ্ৰ নাথ কলিতা

হৰেন্দ্ৰ নাথ কলিতা (Harendra Nath Kalita) এগৰাকী অসমীয়া লেখক, গল্পকাৰ, শিশু-সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত জনপ্ৰিয় বিজ্ঞান লেখক আৰু সমাজ সংগঠক আছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হৰেন্দ্ৰ নাথ কলিতা (Harendra Nath Kalita) এগৰাকী অসমীয়া লেখক, গল্পকাৰ, শিশু-সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত জনপ্ৰিয় বিজ্ঞান লেখক আৰু সমাজ সংগঠক আছিল। 'আৱাহন' আলোচনীৰ বিশিষ্ট গল্পকাৰ কলিতাই কেইগৰাকীমান বন্ধুৰ সৈতে ১৯৩০ চনত কলিকতাত ইংৰাজীৰপৰা কালজয়ী উপন্যাসসমূহ অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ উদ্দেশ্যে 'মাতৃপূজাৰ অৰ্ঘ্য' নামৰ এক প্ৰকল্প আৰম্ভ কৰে। অসমত সুকীয়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বাবে জনমত গঢ়ি তোলা ব্যক্তিসকলৰ ভিতৰত হৰেন্দ্ৰ নাথ কলিতা অন্যতম আছিল। তেওঁ ১৯৪৩ চনত জন্ম হোৱা কলিকতাৰ 'এছামিজ আৰ্টিষ্ট এছোছিয়েছন'ৰ যুটীয়া সম্পাদকো আছিল।১ তেওঁ ১৯৪০-৪১ চনত কলিকতাৰ এ.এছ.এল. ক্লাবৰ সভাপতিও আছিল। কলিতাই কলিকতাত থকা কালছোৱাত অসমৰ বহু সৰু-বৰ ব্যক্তিক শিক্ষা, চিকিৎসা, পৰ্য্যটন আদি নানা বিষয়ত সহায় কৰিছিল। সেইবাবে বহুতে তেখেতক অসমৰ এম্বেছেদৰ নাম দিছিল।২

জন্ম আৰু বংশ পৰিচয়

হৰেন্দ্ৰ নাথ কলিতাৰ জন্ম হয় ১৯০৮ চনত আৰংগমৌ গাঁও নামৰ ঠাইত।৩

শিক্ষা

১৯২৬ চনত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চ বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ গুৱাহাটীৰ কটন কলেজত আই.এছ.ছি. পঢ়ে। ১৯২৭-২৮ ঢনত তেওঁ কটন কলেজ এ.এছ.এল. ক্লাবৰ (আছামিজ ষ্টুডেণ্টছ লিটাৰেৰি ক্লাব) সম্পাদক আছিল।১ তাৰ পাছত তেওঁ জামালপুৰত ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা লৈ হাওৰাৰ নৰ্থ-ইষ্ট ৰেলৱেত চাৰি-বছৰীয়া এপ্ৰেণ্টিছশ্বিপ সম্পূৰ্ণ কৰে। ৪

চাকৰি জীৱন

কলিতাই হাওৰাৰ নৰ্থ-ইষ্ট ৰেলৱেত ইলেকট্ৰিক ইঞ্জিনিয়াৰিং বিভাগত ১৯৪৬ চনলৈ চাকৰি কৰি ক'লকাতাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত চাকৰি এৰি অসমলৈ গুচি আহে। ভাস্কৰ ইনছিঅ'ৰেন্সৰ অৰ্গেনাইজাৰ হিচাবে গোৱালপাৰাত দুবছৰমান কাম কৰাৰ পাছত তেওঁ গুৱাহাটীলৈ আহি কাঠৰ ব্যৱসায় কৰে।১ দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত তেওঁ নলবাৰী সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয়। ১৯৫৬ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ অধীক্ষক হিচাপে নিযুক্তি লাভ কৰে।৫

সাহিত্যৰাজি

হৰেন্দ্ৰ নাথ কলিতাৰ সাহিত্যৰাজি:৬

  1. আকাশৰ কথা (১৯৬৪, অসম বিজ্ঞান সমিতি)
  2. পৃথিৱীৰ সাধু
  3. চন্দ্ৰ অভিযান
  4. বৈজ্ঞানিক আৱিষ্কাৰৰ কাহিনী
  5. অকণিৰ বেজবৰুৱা
  6. গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদিকথা
  7. অতীতৰ স্মৃতি (গল্প সংকলন)
  8. কৃষক কমল

বঁটা আৰু সন্মান

কলিতাই ‘আকাশৰ কথা’ আৰু ‘পৃথিৱীৰ সাধু’ নামৰ গ্ৰন্থ দুখনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰ লাভ কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ সম্পাদনা-ৰূপশ্ৰী গোস্বামী. হৰেন্দ্ৰ নাথ কলিতা ‘আৱাহন’ত প্ৰকাশিত গল্প আৰু জীৱন আৰু কৃতি. সাৰস্বত প্ৰকাশন
  2. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭
  3. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৬
  4. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭
  5. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭
  6. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭
  7. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰেন্দ্ৰ নাথ কলিতা” প্ৰবন্ধৰ সংশোধন ৫৬৯৯৬২ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।