অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অখিল ৰঞ্জন দত্ত

ড° অখিল ৰঞ্জন দত্ত (Akhil Ranjan Dutta) অসমৰ এজন সমাজ বিজ্ঞানী আৰু ৰাজনৈতিক প্ৰবন্ধকাৰ। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ এগৰাকী অধ্যাপক আৰু সম্প্ৰতি বিভাগীয় মূৰব্বী হিচাপে কৰ্মৰত। ১৯৭৩ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম লাভ কৰে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ড° অখিল ৰঞ্জন দত্ত (Akhil Ranjan Dutta) অসমৰ এজন সমাজ বিজ্ঞানী আৰু ৰাজনৈতিক প্ৰবন্ধকাৰ। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ এগৰাকী অধ্যাপক আৰু সম্প্ৰতি বিভাগীয় মূৰব্বী হিচাপে কৰ্মৰত। ১৯৭৩ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম লাভ কৰে। তেখেতৰ পিতৃৰ নাম থানেশ্বৰ কলিতা আৰু মাতৃৰ নাম পদ্মাৱতী কলিতা।

শিক্ষা জীৱন

  • অখিল ৰঞ্জন দত্তই ১৯৮৮ চনত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।
  • ১৯৯০ চনত কটন কলেজৰ পৰা অসমৰ ভিতৰত অষ্টম স্থান লাভেৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়।
  • ১৯৯৩ চনত কটন কলেজৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণী প্ৰথম স্থান লাভেৰে ৰাজনীতি বিজ্ঞান বিষয়ত সুখ্যাতিৰে স্নাতক উত্তীৰ্ণ হয়।
  • ক্ৰমে ১৯৯৬ আৰু ১৯৯৯ চনত দত্তই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ আৰু এম. ফিল. ডিগ্ৰী লাভ কৰে।
  • ২০০৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত গৱেষণা কৰি পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।১

কৰ্ম জীৱন

  • ড° দত্তই ১৯৯৭ চনৰ পৰা ২০০১ চনলৈ গোৱালপাৰা মহাবিদ্যালয়ত অধ্যাপনা কৰে।
  • ২০০১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰি সম্প্ৰতি তেখেতে অধ্যাপক হিচাপে কৰ্মৰত। লগতে তেখেতে বৰ্তমান বিভাগীয় মূৰব্বী হিচাপেও দায়িত্ব পালন কৰি আছে।
  • গুৱাহাটীৰ পৰা প্ৰকাশিত সামাজিক-সাংস্কৃতিক আলোচনী 'নতুন পদাতিক'ৰ কাৰ্যবাহী সম্পাদক হিচাপেও তেখেত কৰ্মৰত।

উল্লেখনীয় কৰ্মৰাজি

ড° অখিল ৰঞ্জন দত্তৰ বিভিন্ন গৱেষণামূলক প্ৰবন্ধ সমাজ বিজ্ঞানৰ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা যেনে Economic and Political weekly, Social Change, Indian Journal of Political Science, International Sociological Research আদিত প্ৰকাশ পাইছে। তেওঁ অসমীয়া দৈনিক বিশেষকৈ আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক অসম আদিৰো নিয়মীয়া লেখক। আমাৰ অসমত প্ৰকাশিত 'ধাৰাভাষ্য' আৰু নিয়মীয়া বাৰ্তাত প্ৰকাশিত 'জনসোঁতৰ কথকতা' তেখেতৰ দুটা গুৰুত্বপূৰ্ণ শিতান।

ড° দত্তৰ প্ৰকাশিত মুখ্য গ্ৰন্থসমূহ হৈছে-১

  1. পৰিৱৰ্তনৰ সমস্যা (বি পি সিঙৰ The Problem of Changeৰ অসমীয়াঅনুবাদ) (১৯৯৯)
  2. বিশ্বায়নৰ আলি-দোমোজাত সমাজ-সভ্যতা (২০০৯)
  3. অসমৰ জাতীয় জীৱনত লক্ষ্মীনাথ বেজবৰুৱা (২০১৫)
  4. সম্ভাৱনা- অসম বিধান সভা নিৰ্বাচন ২০১৬
  5. Human Security in North East India: Issues & Policies (সম্পাদনা), (২০০৯)
  6. Political Theory: Issues, Concepts and Debates (সম্পাদনা), (২০১১)
  7. Culture, Ideology, Politics (সম্পাদনা) (২০১২)
  8. Indian Politics: Issues, Institutions and Process (সম্পাদনা) (২০১৩)
  9. The Conscientious Statesman: Gaurisankar Bhattacharyya in Assam Legislative Assembly (সংকলন আৰু সমপাদনা) (২০১৫)
  10. Hindutva Regime in Assam: Saffron in the Rainbow, Sage Publications, New Delhi (২০২১)

সামাজিক ভূমিকা

অধ্যাপনা আৰু গৱেষণাৰ সমান্তৰালভাৱে ড° দত্তই উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ আৰু সন্মান জড়িত হৈ থকা সামাজিক-ৰাজনৈতিক বিষয়সমূহতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ২০১৯-২০ চনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা পালন কৰিছে।

তথ্যসূত্ৰ

  1. ↑ www.gauhati.ac.in/member.php?name=akhil-ranjan-d link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অখিল ৰঞ্জন দত্ত” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৪০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।