ৰত্নাকৰ কন্দলী শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। দৈত্যাৰি ঠাকুৰৰ শঙ্কৰ-মাধৱৰ চৰিতত পোৱা যায় যে মহাপুৰুষ ধুৱাহাট-বেলগুৰিত থাকোঁতে ৰত্নাকৰ কন্দলী নামে এজনে নিতৌ শ্ৰীমদ্ভগৱতগীতা পাঠ কৰিছিল। সম্ভৱতঃ এই ৰত্নাকৰ কন্দলীয়েই কীৰ্তন-ঘোষাৰ অন্তৰ্ভুক্ত হোৱা সহস্ৰনাম বৃত্তান্তৰ ৰচক। ৰত্নাকৰ কন্দলীয়েই সম্ভৱতঃ স্কন্দপুৰণৰ অনুবাদ ব্ৰহ্মগীতা আৰু গীতাকীৰ্তনৰো ৰচক। ১
ৰচনাৱলী
ৰত্নাকৰ কন্দলীৰ ৰচনাৱলী তিনিখন বুলি অনুমান কৰা হয়। সেই কেইখন হ'ল-
- সহস্ৰনাম বৃত্তান্ত
- স্কন্দপুৰণৰ অনুবাদ ব্ৰহ্মগীতা
- গীতাকীৰ্তন ২
তথ্যসূত্ৰ
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক - সৌমাৰ প্ৰকাশ। ২০১৮, গুৱাহাটী, পৃষ্ঠা ১৫৫
- ↑ শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক অনান্য কবিসকল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্নাকৰ কন্দলী” প্ৰবন্ধৰ সংশোধন ৬৩৯৬২৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।