অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমেন দাস (ৰাজনীতিবিদ)

হেমেন দাস (Hemen Das;জন্ম: ২ মাৰ্চ, ১৯৩১) অসমৰ এগৰাকী প্ৰখ্যাত সাম্যবাদী নেতা তথা প্ৰাক্তন বিধায়ক। তেওঁ অসম বিধানসভাৰ সৰভোগ সমষ্টিৰ পৰা চাৰিবাৰকৈ - ১৯৭৮, ১৯৮৩,১৯৮৫ আৰু ১৯৯৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।

হালনাগাদ: ৩ ফেব্ৰুৱাৰী ২০২৫ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হেমেন দাস (Hemen Das;জন্ম: ২ মাৰ্চ, ১৯৩১) অসমৰ এগৰাকী প্ৰখ্যাত সাম্যবাদী নেতা তথা প্ৰাক্তন বিধায়ক। তেওঁ অসম বিধানসভাৰ সৰভোগ সমষ্টিৰ পৰা চাৰিবাৰকৈ - ১৯৭৮, ১৯৮৩,১৯৮৫ আৰু ১৯৯৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।১

প্ৰাৰম্ভিক জীৱন

হেমেন দাসৰ জন্ম হৈছিল ১৯৩১ চনৰ ২ মাৰ্চত বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱত এটা সাধাৰণ পৰিয়ালত। তেওঁৰ পিতৃ প্ৰসাদ চন্দ্ৰ দাস আৰু মাতৃ ৰজনী বালা দাস দুয়ো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল। শৈশৱতেই পকালাগী নৈৰ প্ৰলয়ংকাৰী বানপানী আৰু গৰাখহনীয়াত হেমেন দাসৰ পৰিয়াল গৃহহীন হৈ পৰে। দুবছৰ লোকৰ ঘৰত থাকিবলগীয়া হোৱাৰ পিছত ১৯৪৯ চনত সৰভোগ থানাৰ দক্ষিণ গণকগাঁৱত চাৰিবিঘা মাটি কিনি তাত দুটা খেৰৰ ঘৰ সাজি স্থায়ীভাৱে থাকিবলৈ লয়। এই ঠাই এতিয়াও তেওঁৰ স্থায়ী ঠিকনা হৈ আছে।

শিক্ষা

হেমেন দাসে বৰনগৰ জুৰোৰাম পাঠক হাইস্কুলত শিক্ষা গ্ৰহণ কৰে। লোকৰ ঘৰত থাকি থকা-খোৱাৰ বিনিময়ত তেওঁ ঘৰৰ ল’ৰা-ছোৱালীকেইটাক পঢ়ুৱাই দিবলগীয়া হৈছিল। স্কুলত তেওঁ ছাত্ৰ একতা সভাৰ সম্পাদক হিচাপে মদ আৰু জুৱাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল, যাৰ যোগেদি তেওঁ প্ৰথমবাৰৰ বাবে জনজীৱনৰ সান্নিধ্য লাভ কৰে। পাছত তেওঁ বৰপেটা মাধৱ চৌধুৰী কলেজৰ পৰা ১৯৫৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে।২ কলেজত থাকোঁতে তেওঁ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল আৰু তেল শোধনাগাৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।২

ৰাজনৈতিক জীৱন

হেমেন দাসে ছাত্ৰ অৱস্থাৰ পৰাই বাওঁপন্থী ৰাজনীতিৰ লগত জড়িত হৈ পৰে। ১৯৬৭ চনত তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পাৰ্টিৰ সদস্যপদ লাভ কৰে আৰু একে বছৰতে দলৰ সৰ্বক্ষণ কৰ্মী হৈ পৰে। তেওঁ ১৯৯৫ চনৰ পৰা ২০০৫ চনলৈ চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৮ চনৰ পৰা ২০০১ চনলৈ তেওঁ চাৰিবাৰকৈ সৰভোগ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় কমিটিৰো সদস্য আছিল। হেমেন দাসে কৃষক আন্দোলন, শ্ৰমিক আন্দোলন আৰু জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।২

নিৰ্বাচনী ৰাজনীতি

ফলাফলবছৰদলবিধানসভা সমষ্টিব্য়ৱধান
পৰাজয়১৯৬৭ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)সৰভোগ
পৰাজয়১৯৭২
জয়১৯৭৮+১৬,৯০৭
১৯৮৩+১,৬০৭
১৯৮৫+৭,৬৬৯
পৰাজয়১৯৯১-৩,৪৪৫
জয়১৯৯৬+১৯,৫৩৩
পৰাজয়২০০১-৭,০৩১

স্বৰচিত প্ৰকাশিত গ্ৰন্থ

  • 'অসমত কৃষক আন্দোলন এক চমু আভাস (২০০৯)
  • অসমৰ কমিউনিষ্ট আন্দোলনৰ চমু ইতিহাস (২০০৯)
  • কেইটিমান নিশাৰ কবিতা
  • নানা লেখা (২০১০)
  • বেকীৰ পাৰৰ জুই
  • লুইতত উঠিলে বান (২০১৯)

তথ্যসূত্ৰ

  1. ↑ মৃদুল কুমাৰ সন্দিকৈ, "হেমেন দাসঃ মূল্যবোধৰ ৰাজনীতিৰ এক উদাহৰণ…", অসমীয়া প্ৰতিদিন,২৯। ০৭। ২০১৯ www.asomiyapratidin.in/assam/spcl-wrtng-about-he
  2. ↑ ৰণজিৎ দাস, ড° চুলতান আলী আহমেদ(সঃ), "অক্লান্ত সংগ্ৰামী: হেমেন দাস অভিনন্দন গ্ৰন্থ", বান্ধব প্ৰকাশন (২০২৪)

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিবিদঅসম বিধানসভাৰ সদস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমেন দাস (ৰাজনীতিবিদ)” প্ৰবন্ধৰ সংশোধন ৪৬৮৫৯০ (৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।