ৰফিকুল হোছেইন (Rafikul Hossain) অসমৰ এগৰাকী কবি তথা নাট পৰিচালক। তেখেতে ষাঠিৰ দশকৰ শেষৰ ভাগত কবি হিচাপে আত্মপ্ৰকাশ কৰে।১ ১৯৫৪ চনত অসমৰ গোলাঘাট জিলাৰ বোকাখাতত জন্মলাভ কৰিছিল।
২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১০:৩০ বজাত গুৱাহাটীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে হোছেইনে। ১ ফেব্ৰুৱাৰীত মৰিগাঁৱত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল হোছেইনে। অনুষ্ঠানৰ পিছতে হোটেলৰ বাথৰূমত পিচলি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নাট্যকৰ্মীজন। ততাতৈয়াকৈ তেওঁক মৰিগাঁৱৰ এখন হাস্পতালত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা দিয়া হয় আৰু তাৰ পিছতে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয়। অৱশেষত ৭ ফেব্ৰুৱাৰীত চিকিৎসাধীন অৱস্থাতে তেওঁৰ দেহাৱসান ঘটে।
প্ৰকাশিত গ্ৰন্থৰাজি
১৯৮৪ চনত তেওঁৰ প্ৰথম কবিতা সংকলন 'শৰবিদ্ধ আকাশ' প্ৰকাশ পায়। তাৰ পঁচিশ বছৰৰ পাছত ২০০৯ চনৰ ১০ অক্টোবৰত আঁক-বাঁক প্ৰকাশনৰ পৰা তেওঁৰ দ্বিতীয়খন কাব্য সংকলন "বিষাদ বসন্ত" প্ৰকাশিত হয়। ১৯৯৫ চনত প্ৰকাশ পোৱা "ধোঁৱা দৈৱকী জলাশয়" এতিয়ালৈকে প্ৰকাশিত হুছেইনৰ একমাত্ৰ নাট্য সংকলন।১
২০১৮ চনত প্ৰকাশ হয় তৃতীয়খন কাব্য সংকলন 'চাকিৰ চাংঘৰ'। চতুৰ্থখন কাব্য সংকলন 'গোপনৰ অন্তেষপুৰ' প্ৰকাশ হয় ২০২২ চনত আৰু ২০২৫ চনত কবি নীলাভ সৌৰভে সংকলিত কৰি উলিয়ায় কবিগৰাকীৰ 'ৰফিকুল হোচেইনৰ কবিতা সমগ্ৰ' শীৰ্ষক কবিতা সংকলনখনি।
১৯৮১-৮২ চনত ‘আজন্ম’ নাটকৰে নাট্যসৃষ্টিৰ পথত খোজ দিয়া ৰফিকুল হোছেইনে ১৯৯৫ চনত প্ৰকাশিত তেওঁৰ নাট্য সংকলন ‘ধোঁৱা-দৈৱকী-জলাশয়’ ৰ যোগেদি অসমীয়া নাট্যসাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই যায়। ইয়াৰ উপৰিও "জলপ্ৰপাত"(২০০০), "সপোনৰ বৃন্দাবন" (২০০২), "অৰণ্যত উৰ্মিলা" (২০০৪), আৰু "ৰাতিৰ আকাশ" (২০০৭) শীৰ্ষক পূৰ্ণাংগ নাটক আৰু আঠখন একাংক নাটেৰে তেখেতে নাট্য-সাহিত্যক সমৃদ্ধ কৰিছে।
২০১৫ চনত তেওঁ নিজৰ নাট্য জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত লিখা থিয়েটাৰী গল্প সংকলন ‘এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য’ প্ৰকাশিত হয়।
তথ্যসূত্ৰ
- ↑ (২০০৯). কাব্যগন্থ বিষাদ বসন্ত (বেটুপাত পৃষ্ঠা). আঁক-বাঁক প্ৰকাশন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰফিকুল হুছেইন” প্ৰবন্ধৰ সংশোধন ৫৭৫৩৯৩ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।