অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লীল বাহাদুৰ ছেত্ৰী

লীল বাহাদুৰ ছেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ ছেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

হালনাগাদ: ১ আগষ্ট ২০২৫ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

লীল বাহাদুৰ ছেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ ছেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে।১ তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ আন এখন উপন্যাস বাচীন নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে।২ ২০১৬ চনত তেওঁৰ নেপালী ভাষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে নেপালৰ জগদম্বা শ্ৰী পুৰস্কাৰ লাভ কৰিছিল।৩ ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৪

প্ৰাৰম্ভিক জীৱন

১৯৩৩ চনৰ ১ মাৰ্চ তাৰিখে গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভত লীল বাহাদুৰ ছেত্ৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰেম বাহাদুৰ ছেত্ৰী আৰু মাতৃ পৱিত্ৰ দেৱী। তেওঁ প্ৰাৰম্ভিক শিক্ষা শ্বিলঙৰ জেল ৰ'ড বেংগলী হাইস্কুল, গোৰ্খা পাঠশালা আৰু শ্বিলং গৰ্ভমেণ্ট হাইস্কুলত গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ ১৯৫৬ চনত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ দুবছৰ পিছত অৰ্থাৎ ১৯৫৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

কৰ্মজীৱন

তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছয় বছৰকাল নেপালী ভাষাৰ অনুষ্ঠান পৰিবেশন কৰিছিল। ১৯৬২ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯৪ চনত তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী পদত থাকি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মৃত্যু

২০২৫ চনৰ ১৩ মাৰ্চত ৯২ বছৰ বয়সত লীল বাহাদুৰ ছেত্ৰীৰ মৃত্যু হয়৫

সাহিত্য কীৰ্তি

  • বাসীন, ১৯৫৭
  • অতৃপ্ত, ১৯৬৮
  • ব্ৰহ্মপুত্ৰকো ছেও ছাও, ১৯৮৬
  • প্ৰতিধ্বনি হাৰো বিস্মিত্ৰিয়েকা, ২০০৪

চুটি গল্প সংকলন

  • তিন দশক বিছ অভিব্যক্তি, ১৯৮৩
  • লীল বাহাদুৰ ছেত্ৰী কা কাথাহাৰো, ১৯৯৩
  • কাহিলে নাফুকনে গাথ', ২০১৪

প্ৰবন্ধ সংকলন

  • আসাম মা নেপালী ভাষা ৰা তয়েছক' ছাৰহ' গাৰহ', ১৯৬১
  • পূৰ্বাঞ্চল ভাৰতীয় নেপালী কাথা সাহিত্য ৰা পত্ৰকৰিতা ক ইতিবৃত্ত, ১৯৯৭
  • ঝাওৰে পাৰ্টি মা লাগড়া, ১৯৯৯
  • পুৰ্বোত্তৰ ভাৰতীয় নেপালী সাহিত্য ৰা সমাজ ক সংক্ষিপ্ত ঐতিহাসিক দিগ দৰ্শন, ২০০০
  • ছিমল ক ভুৱা, ২০১১

নাটক

  • দবাটো, ১৯৬৭

একাংকিকা

  • চুৰু ক চুৰু, ১৯৮৭
  • মাগ, ১৯৭৮

কবিতা

  • শিৱ স্তুতি, ১৯৪৯

বঁটা আৰু সন্মান

লীল বাহাদুৰ ছেত্ৰীয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুতো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল:

  • দিয়ালু পুৰস্কাৰ, নেপালী সাহিত্য সন্মিলন, দাৰ্জিলিং, ১৯৮২
  • ভানু বঁটা, দাৰ্জিলিং নেপালী একাডেমী, ১৯৮৫
  • ব্ৰহ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা, ১৯৮৭
  • বেদনিধি বঁটা, কাঠমাণ্ডু, ২০০৩
  • আগম সমিতি বঁটা, নেপালী সাহিত্য পৰিষদ, ছিক্কিম, ২০০৫
  • অসম সাহিত্য শিৰোমণি বঁটা, অভিজ্ঞানম স্মৃতি ন্যাস, দুলীয়াজান, ২০১১
  • হৰিভক্ত কাটোৱাল বঁটা, ২০১৩
  • জগদম্বা শ্ৰী পুৰস্কাৰ, নেপাল, ২০১৬
  • পদ্মশ্ৰী, ২০২০৬

ব্যক্তিগত জীৱন

লীল বাহাদুৰ ছেত্ৰী দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল। ধনমায়া ছেত্ৰী আৰু লাৱণ্য ছেত্ৰী তেওঁৰ পত্নী। তেওঁলোকৰ এগৰাকী কন্যা কৃষ্ণা চেত্ৰী আৰু দুজন পুত্ৰ পংকজ আৰু পল্লৱ ছেত্ৰী। বৰ্তমান তেওঁলোক গুৱাহাটীৰ উলুবাৰী অঞ্চলৰ বি বৰুৱা পথৰ মৰখালিত বসবাস কৰে।

তথ্যসূত্ৰ

  1. ↑ Gorkhapatra. Gorkhapatra
  2. ↑ Kunda Dixit. Not lost in translation. Nepali Times
  3. ↑ (20 September 2016). Ram Lal Joshi wins Madan Puraskar, Assam-based Lil Bahadur Chettri gets Jagadamba Shree. The Himalayan Times
  4. ↑ (25 January 2020). Padma Vibhushan for Mary Kom, Padma Bhushan for SC Jamir, Padma Shri for 13 others from Northeast. NENOW
  5. ↑ Dixit, Kunda. (2025-03-14). Lil Bahadur Chettri, 93. nepalitimes.com
  6. ↑ (25 January 2020). Padma Vibhushan for Mary Kom, Padma Bhushan for SC Jamir, Padma Shri for 13 others from Northeast. NENOW

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকপদ্মশ্ৰী বঁটা বিজয়ীনেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীনেপালী ভাষাৰ সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীল বাহাদুৰ ছেত্ৰী” প্ৰবন্ধৰ সংশোধন ৫২৯৩৪১ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।