অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰফুল্ল মহন্ত

ড০ প্ৰফুল্ল মহন্ত (Prafulla Mahanta ১৯৪১-২০২২) অসম, ভাৰতৰ এগৰাকী লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজ বিজ্ঞানী, আৰু অধ্যাপক। অসমৰ জাতীয় সত্তা, মধ্যবিত্ত আৰু জনজাতীয় শ্ৰেণীৰ ইতিহাস আৰু বাস্তৱতা সম্বন্ধে বিস্তৃত আলোচনাৰ লগতে কিছুসংখ্যক গৱেষণামূলক গ্ৰন্থও তেখেতে লিখি থৈ গৈছে৷ ১৯৬০ চনত…

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

ড০ প্ৰফুল্ল মহন্ত (Prafulla Mahanta ১৯৪১-২০২২) অসম, ভাৰতৰ এগৰাকী লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজ বিজ্ঞানী, আৰু অধ্যাপক। অসমৰ জাতীয় সত্তা, মধ্যবিত্ত আৰু জনজাতীয় শ্ৰেণীৰ ইতিহাস আৰু বাস্তৱতা সম্বন্ধে বিস্তৃত আলোচনাৰ১ লগতে কিছুসংখ্যক গৱেষণামূলক গ্ৰন্থও তেখেতে লিখি থৈ গৈছে৷ ১৯৬০ চনত শিক্ষকতাৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰা ড০ প্ৰফুল্ল মহন্তই ১৯৯৮ চনৰ পৰা ২০০৫ চনলৈকে অসমৰ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা সঞ্চালক পদত অধিষ্ঠিত হৈছিল।২ ২০০৭ চনত তেখেতে 'নতুন সময়' নামৰ কাকতখনত সম্পাদক হিচাপে জড়িত হয়৷৩ ৪ ১

অজিত কুমাৰ ভূঞা আৰু জীতেন্দ্ৰ লাল শৰ্মাই সম্পাদনা কৰা ড০ প্ৰফুল্ল মহন্ত: জীৱন আৰু অণ্বেষণ চিন্তাবিদগৰাকীৰ জীৱন আৰু কৰ্ম সম্পৰ্কে আলোচনা কৰা হৈছে৷ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, সমাজনায়ক শংকৰদেৱ-ঐতিহাসিক প্ৰেক্ষাপট, জনগোষ্ঠীত চেতনা-আত্ম প্ৰতিষ্ঠাৰ প্ৰশ্ন৫ আদি হৈছে ড০ প্ৰফুল্ল মহন্তৰ কেইখনমান উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ৷ তেখেতৰ দ্বাৰা লিখিত 'অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস' গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্যৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে বিবেচনা কৰা হয়৷৪ ১

জন্ম আৰু শৈশৱ

ড০ প্ৰফুল্ল মহন্তই ১৯৪১ চনত নগাঁৱৰ জাজৰি বগৰীগুৰিৰ৬ হেমাৰবড়ি সত্ৰত জন্মলাভ কৰিছিল। তেখেতৰ পিতৃ থুলেশ্বৰ মহন্ত আৰু মাতৃৰ নাম কিৰণ মহন্ত।৭

শিক্ষা

ড০ প্ৰফুল্ল মহন্তই নগাঁৱৰ খালৈগাঁও প্ৰাথমিক বিদ্যালয়ৰ১ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে৷ ইয়াৰ পিছত তেখেতে গোসাঁইবড়ি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল৷ তেখেতে সপ্তম শ্ৰেণীৰ পৰা শিক্ষা লাভ কৰে জাজৰি হাইস্কুলত৷ এইখন বিদ্যালয়ৰ পৰাই তেখেতে ১৯৫৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৬০ চনত তেখেতে নগাঁও মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয়৷ ইয়াৰ পিছত তেখেতে নগাঁৱৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত৫ নামভৰ্তি কৰি ১৯৬২ চনত শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৬৩ চনত যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা ড০ প্ৰফুল্ল মহন্তই বিটি ডিগ্ৰী গ্ৰহণ কৰে আৰু তাৰ ঠিক তিনি বছৰৰ পাছত ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ ১

১৯৮৭ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে৷ অসমৰ বিশিষ্ট সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ তত্ত্বাৱধানত৫ গৱেষণা কৰা ড০ প্ৰফুল্ল মহন্তৰ গৱেষণাৰ বিষয় আছিল-“অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ, বিকাশ আৰু ব্ৰিটিছ আমোলাৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰত তেওঁলোকৰ ভূমিকা (১৮২৮-১৯৪৭)”৷৮

কৰ্ম জীৱন

শিক্ষকতা

ড০ প্ৰফুল্ল মহন্তই ১৯৬০ চনত কঁহিগুৰি এম.ভি., এল.পি. স্কুলত এবছৰৰ বাবে শিক্ষকতা কৰি কৰ্মজীৱনৰ পাতনি মেলে৷ তেখেতে ইয়াৰ পিছত ১৯৬১-৬২ চনত বৰপাথৰি বাপুজী হাইস্কুলত ডেৰ বছৰৰ বাবে শিক্ষকতা কৰে৷ ১৯৬২ চনতে পুনৰ নগাঁৱৰে কুঁজিদাহ হাইস্কুলত তেখেতে সাতমাহৰ বাবে শিক্ষকতা কৰে৷ ১৯৬৬ চনত ড০ প্ৰফুল্ল মহন্তই ডিফু চৰকাৰী হাইস্কুলত অসমীয়া বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰে৷ পৰৱৰ্তী সময়ত তেখেতে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদত অধিষ্ঠিত হয়৷ ১৯৬৮ চনত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ পদ ত্যাগ কৰি তেখেতে বছৰৰ শেষভাগত মৰিয়নি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে৷ ১৯৬৮ চনৰ পৰা ১৯৯৪ চনলৈকে তেখেতে মৰিয়নি মহাবিদ্যালয়ত প্ৰায় ২৬ বছৰ কাল শিক্ষাদান কৰে৷ ১৪৫

ড০ প্ৰফুল্ল মহন্তই ১৯৯৪ চনত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা,অসম (ABILAC)ত জ্যেষ্ঠ গৱেষক হিচাপে যোগদান কৰে৷ ১৯৯৮ চনত তেখেত অনুষ্ঠানটিৰ সঞ্চালক পদত অধিষ্ঠিত হয় আৰু ২০০৫ চনৰ ৩১ ডিচেম্বৰত প্ৰতিষ্ঠানটিৰ পৰা অৱসৰ লয়৷৪১

শিক্ষকতা আৰু অধ্যাপনাৰ জীৱনৰ পিছত ২০০৭ চনত তেখেতে “নতুন সময়” নামৰ সাপ্তাহিক বাতৰি কাকতখনৰ সম্পাদক হিচাপে যোগদান কৰে। অৱশ্যে ডেৰ বছৰমানৰ পাছতেই বাতৰি কাকতখনৰ প্ৰচাৰ আৰু বিতৰণ বন্ধ হৈ যায়৷১

শিক্ষাদানৰ শৈলী

উল্লেখ্য যে, মৰিয়নি মহাবিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত তেখেতৰ শিক্ষণ-শৈলীয়ে ছাত্ৰ-ছাত্ৰীসকলক আকৃষ্ট কৰিছিল৷ তেখেত জনপ্ৰিয় হৈছিল৷ মহন্ত ছাৰৰ ক্লাছ শিক্ষাৰ্থীসকলে৫পৰাপক্ষত ক্ষতি নকৰিছিল৷

সাহিত্যিক জীৱন

এগৰাকী সমাজ বিজ্ঞানী, গৱেষক আৰু চিন্তাবিদ হিচাপে পৰিচিত ড০ প্ৰফুল্ল মহন্তই নিজৰ তাত্ত্বিক, গৱেষণাধৰ্মী সাহিত্যকৃতিৰে অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি আগবঢ়াই থৈ গৈছে৷ বিশেষকৈ তেখেতৰ দ্বাৰা লিখিত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসখনক অসমৰ বৌদ্ধিক সমাজ কীৰ্তিস্তম্ভ৪ হিচাপে আখ্যা দিয়া হয়৷১অধ্যাপক অখিল ৰঞ্জন দত্তৰ মতে-তেওঁৰ 'অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস অসমীয়া ভাষাত তথা অসমৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ এখন মহাকাব্যিক গ্ৰন্থ৷ মধ্যবিত্ত শ্ৰেণীক লৈ এনেধৰণৰ গ্ৰন্থ প্ৰণয়ন হোৱা নাই৷'' বিশেষ গ্ৰন্থখনৰ ইংৰাজী অনুবাদ চলি আছে বুলি অসমৰ প্ৰকাশন গোষ্ঠী এটাই ৰাজহুৱাকৈ জানিবলৈ দিছে৷১

ৰচনাৰাজি

  • অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস
  • সমাজনায়ক শংকৰদেৱ-ঐতিহাসিক প্ৰেক্ষাপট
  • জনগোষ্ঠীয় চেতনাঃ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন
  • অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ
  • সমাজ সংস্কৃতি ইতিহাস ইত্যাদি
  • জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা
  • আধুনিক অসমীয়া সাহিত্যঃ সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য
  • বড়োভূমিৰ উচুপনি
  • বিষয়ঃ জনজাতিৰ মৰ্মবেদনা
  • ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যা শংকৰদেৱ আৰু বড়ো জাতি
  • ঐতিহাসিক প্ৰেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰৱেশৰ সমস্যা
  • খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল
  • হিন্দুবাদ-বৰ্ণবাদ বিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্ৰত জনজাতীয় চেতনা

উপন্যাস

  • সোণাইৰ সোঁত
  • ইতিহাসে ৰিঙিয়ায়
  • মিলিত প্ৰয়াস (আমাৰ প্ৰতিনিধি’ত প্ৰকাশিত)

সামাজিক জীৱন

ড০ প্ৰফুল্ল মহন্তই মৰিয়নি মহাবিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত মৰিয়নিৰ সমাজ-জীৱনৰ লগত জড়িত হৈ পৰিছিল৷ মৰিয়নিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ'ৰাৰ লগত জন্মৰে পৰা জড়িত হৈ আছিল৷ মৰিয়নি আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ লগতে অসমৰ একাধিক ঠাইৰ সভা-সমিতি, আলোচনা-চক্ৰ আদিত তেখেতে যোগদান কৰিছিল৷৫

ব্যক্তিগত জীৱন

ড০ প্ৰফুল্ল মহন্ত আৰু তেখেতৰ পৰিয়ালটোৱে পাছলৈ কামৰূপ (মহানগৰ) জিলাৰ বেলতলাৰ ভেটাপাৰাৰ জ্যোতি পথত বাস কৰিছিল৷ ১ ড০ প্ৰফুল্ল মহন্তৰ পত্নী হৈছে চেনিচম্পা মহন্ত৷ তেওঁলোকৰ সন্তান তিনিটি৷ দুগৰাকী পুত্ৰ হৈছে মন্ময় মহন্ত আৰু ড°ৰাহুল মহন্ত৷ আনহাতে একমাত্ৰ কন্যা হৈছে কৃশাংগী ঋতুপৰ্ণা

তেখেতে একধৰণৰ আপোচবিহীন ব্যক্তিত্ব বৰ্তাই ৰাখিছিল ৷ তেখেত এগৰাকী উৎসাহী মনৰো ব্যক্তি আছিল৷ ৫ ড০ প্ৰফুল্ল মহন্তই কিতাপৰ লগত ভালেখিনি সময় পাৰ কৰিছিল৷ মৰিয়নি মহাবিদ্যালয়ত থকাৰ সময়তে তেখেতে এটা ব্যক্তিগত বৃহৎ পুথিভৰাঁল স্থাপন কৰিছিল৷ মহাবিদ্যালয়খনৰ আৱাস গৃহত বাস কৰা ড০ মহন্তই এই কিতাপসমূহ স্বেচ্ছাই বিভিন্নজনক পঢ়িবলৈ দিছিল৷ ঘৰত থকা সময়ছোৱাতো তেখেতে গ্ৰন্থ-অধ্যয়ন আৰু লিখা-মেলাৰ মাজেৰে সময় অতিবাহিত কৰিছিল৷ ৫

বঁটা আৰু স্বীকৃতি

  • অম্বিকাচৰণ চোধুৰী ইতিহাস চেতনা বঁটা
  • বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা, অসম সাহিত্য সভা৯
  • জগদ্ধাত্ৰী-হৰমোহন দাস সাহিত্য বঁটা(২০২৪)

অজিত কুমাৰ ভূঞা আৰু ড০ জীতেন্দ্ৰ লাল শৰ্মাই সম্পাদনা কৰা ড০ প্ৰফুল্ল মহন্ত: জীৱন আৰু অণ্বেষণত চিন্তাবিদগৰাকীৰ জীৱন আৰু কৰ্ম সম্পৰ্কে আলোচনা কৰা হৈছে৷ ১

মৃত্যু

২০২২ চনৰ আগষ্ট মাহৰ পৰা ড০ প্ৰফুল্ল মহন্তৰ স্বাস্থ্যৰ উদ্বেগজনকভাৱে অৱনতি ঘটে১০৷ তেখেত শয্যাশায়ী হ'বলগীয়া হয়৷ পৰৱৰ্তী সময়ত চিকিৎসাৰ অৰ্থে তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ উত্তৰণ নঘটিল৷ ২০২২ চনৰ ২ ছেপ্টেম্বৰৰ পুৱতি নিশা প্ৰায় ২ বাজি ৫০ মিনিটত, প্ৰায় ৮২ বছৰ বয়সত ড০ প্ৰফুল্ল মহন্তৰ দেহাৱসান ঘটে৷৪

২০১৮ চনৰ ২৩ মাৰ্চত তেখেতে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে নিজৰ দেহটো চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ অৰ্থে দান কৰি ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি থৈ যায়৷ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে তেখেতৰ দেহটো গুৱাহাটীৰ চাংসাৰিস্থিত এইমছ (গুৱাহাটী)য়ে গ্ৰহণ কৰে৷ নিজৰ চকুহালো তেখেতে দান কৰিছিল যদিও চকুৰ সংক্ৰমণৰ বাবে সেয়া পাছত সম্ভৱ নহ'ল৷১

তথ্যসূত্ৰ

  1. ↑ ৰিপ'ৰ্টাৰ. (৩ ছেপ্টেম্বৰ, ২০২২). প্ৰথিতযশা সমাজবিজ্ঞানী ড০ প্ৰফুল্ল মহন্তৰ দেহাৱসান. নিয়মীয়া বাৰ্তা. পৃ. ৫ আৰু ১৫
  2. ↑ অজিত কুমাৰ ভূঞা আৰু জিতেন্দ্ৰলাল শৰ্মা. (২০২১). ড° প্ৰফুল্ল মহন্ত জীৱন আৰু অন্বেষণ,. পৃ. ১১২
  3. ↑ নীৰৱে আঁতৰি গ’ল এগৰাকী সাৰস্বত অসমীয়া
  4. ↑ ৰিপ'ৰ্টাৰ. (৩ ছেপ্টেম্বৰ, ২০২২). কৃতবিদ্য চিন্তাবিদ, গৱেষক ড০ প্ৰফুল্ল মহন্তৰ দেহাৱসান. দৈনিক অসম. পৃ. ১ আৰু ৬
  5. ↑ ষ্টাফ ৰিপ'ৰ্টাৰ. (৩ ছেপ). বিশিষ্ট সমাজ বিজ্ঞানী, পণ্ডিত ড০ প্ৰফুল্ল মহন্তৰ দেহাৱসান. দৈনিক জনমভূমি. পৃ. ১ আৰু ৮
  6. ↑ অসমীয়া প্ৰতিদিন. (Aug 1, 2022). বিশিষ্ট লেখক, বুদ্ধিজীৱি ড০ প্ৰফুল্ল মহন্ত গুৰুতৰভাৱে অসুস্থ. অসমীয়া প্ৰতিদিন
  7. ↑ ‘ড° প্ৰফুল্ল মহন্ত জীৱন আৰু অন্বেষণ’ গ্ৰন্থ উন্মোচন
  8. ↑ মাই নিউজ, ই-পৰ্টেল
  9. ↑ অসমীয়া প্ৰতিদিন
  10. ↑ (৩০ আগষ্ট ২০২২). গুৰুতৰভাৱে অসুস্থ বিশিষ্ট লেখক ড° প্ৰফুল্ল মহন্ত, আজিও বঞ্চিত প্ৰাপ্যৰ পৰা. ইটিভি ভাৰত

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদইতিহাসবিদভাৰতৰ ইতিহাসবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল মহন্ত” প্ৰবন্ধৰ সংশোধন ৬০২৪৮৩ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।