প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য বড়ো ভাষাৰ প্ৰথমজন গৱেষক তথা ইণ্ডো-তিব্বতীয় ভাষাৰো গৱেষক। সাহিত্যাচাৰ্য প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই বড়োৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে।১ তেওঁ বি বৰুৱা কলেজৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৬২ চনত অধ্যক্ষ হয়।২ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অংশকালীন অধ্যাপকৰূপেও যোগদান কৰিছিল। ২০১৮ চনৰ ১২ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।২ ৩
জন্ম
প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯২৫ চনত নলবাৰীৰ দীঘেলীত। ৪
শিক্ষা
ক) অসমীয়া বিষয়ত স্নাতকোত্তৰ(১৯৫১)।
খ) পি এইচ ডি
কৰ্মৰাজি
কাকত সম্পাদনা
- দৈনিক অসমীয়া
- নতুন অসমীয়া
সাহিত্য কৰ্ম
(১) কবিতা সংকলন:-
- সৰা ফুল
- কুঁৱলীৰ আঁৰে আঁৰে
(২) গ্ৰন্থ:-
- A Descriptive Analysis of the Boro Language৫
- Aspect of North East Indian Languages (2003)
- অসমৰ জনজাতি৬
- অসমীয়া
সন্মান
- কামৰূপ ৰত্ন৭
- প্ৰজ্গা ভূষণ
- বডোফা উপেন ব্ৰহ্ম বঁটা
- কৃষ্ণকান্ত সন্দিকৈ সাহিত্য বঁটা
- আনন্দৰাম বৰুৱা বঁটা
- সৰ্বেশ্বৰ বৰদলৈ বঁটা
- গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা
- সাহিত্যচাৰ্য
- ডি লিট১
তথ্যসূত্ৰ
- ↑ ৰাভা হাকাচাম, উপেন. (১ম প্ৰকাশ, জানুৱাৰী ২০১৩). ভাষা-সাহিত্যৰ স্ৰষ্টা-দ্ৰষ্টা আৰু সমাজ-নিৰ্মাতা. আঁক বাক প্ৰকাশন
- ↑ (12 Nov 2018). সাহিত্যাচাৰ্য ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু নাই. অসমীয়া প্ৰতিদিন
- ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২৫
- ↑ ভৰালী, হেমন্ত কুমাৰ. অসম কোষ
- ↑ Pramod Chandra Bhattacharya. (1977). A Descriptive Analysis of the Boro Language. Department of Publication, Gauhati University. পৃ. 404
- ↑ Pramod Chandra Bhattacharya. (1962). Asamara janajāti. Asama Sāhitya Sabhā. পৃ. 350
- ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫২৬৭৬৬ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।