অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভৃংগেশ্বৰ শৰ্মা

ভৃংগেশ্বৰ শৰ্মা ( Bhringeswar Sarma) এগৰাকী অসমীয়া ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক। তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত 'দৈনন্দিন' শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ পাইছে।

হালনাগাদ: ১৪ এপ্ৰিল ২০২৫ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ভৃংগেশ্বৰ শৰ্মা ( Bhringeswar Sarma) এগৰাকী অসমীয়া ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক।১ তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত 'দৈনন্দিন' শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ পাইছে।২ তেখেতে বৰ্তমানলৈকে ৬খন গল্প সংকলন, ২খন উপন্যাস আৰু ১খন প্ৰবন্ধ সংকলন আৰু চাৰিখন হাস্য-ব্যংগ পুথি প্ৰকাশ কৰিছে।

জন্ম আৰু শিক্ষা

ভৃংগেশ্বৰ শৰ্মাৰ জন্ম হয় ১৯৬৩ চনৰ ৮ জুনত, পাঠশালাত। বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰপৰা উচ্চ মাধ্যমিক আৰু বজালী মহাবিদ্যালয়ৰপৰা পি.ইউ. পাছ কৰে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰপৰা এম.বি.বি.এছ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰপৰা কাণ, নাক, ডিঙি অৰ্থাৎ ENT বিভাগত এম.এছ ডিগ্ৰী লাভ কৰে।২

সাহিত্যৰাজি

হাস্য-ব্যংগ

  • দৈনন্দিন-১ (হাস্য-ব্যংগ,২০০৭)
  • দৈনন্দিন-২ (হাস্য-ব্যংগ,২০১০)
  • দৈনন্দিন-৩ (হাস্য-ব্যংগ,২০১৪)
  • দৈনন্দিন-৪ (হাস্য-ব্যংগ,২০১৬)

গল্প সংকলন

উপন্যাস

  • বুকুত এবুকু আশা, (উপন্যাস, ১৯৯০)
  • তেজে ধোৱা সময়, (উপন্যাস, ২০১২)
  • আবেলিৰ ৰামধেনু, (উপন্যাস, ২০২১)

প্ৰবন্ধ সংকলন

  • দেউতাৰ বাবে এখন ৰচনা (নিবন্ধ সংকলন, ২০১৪)

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ (১ মে', ২০১৮). সাক্ষাৎকাৰ – ডাঃ ভৃংগেশ্বৰ শৰ্মা. সাক্ষাৎকাৰ. ফটাঢোল
  2. ↑ ১৮ আগষ্ট, ২০১৭. ডা° ভৃংগেশ্বৰ শৰ্মাৰ স’তে এক বাৰ্তালাপ. দ্বীপজ্যোতি বৰা. সাহিত্য ডট অৰ্গ
  3. ↑ List of Awardees. Munin Barkotoki Memorial Trust

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকমুনীন বৰকটকী বঁটা বিজয়ীঅসমীয়া চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৃংগেশ্বৰ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫০৩৬০৩ (১৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।