অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যতিন মিপুন

যতীন মিপুন (Jatin Mipun) এজন লেখক আৰু ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমজন মিচিং জনগোষ্ঠীৰ লোক আছিল। 'মিক্‌চিজিলি' (Miksijili) শীৰ্ষক উপন্যাস খনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধাৰী বঁটা লাভ কৰিছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৪ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

যতীন মিপুন (Jatin Mipun) এজন লেখক আৰু ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমজন মিচিং জনগোষ্ঠীৰ লোক আছিল। 'মিক্‌চিজিলি' (Miksijili) শীৰ্ষক উপন্যাস খনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধাৰী বঁটা লাভ কৰিছিল।

জন্ম

১৯৫২ চনৰ ১ আগষ্টৰ দিনা যোৰহাট জিলাৰ নকছাৰী মৌজাৰ অন্তৰ্গত গন্ধীয়া মিচিং গাঁৱত যতীন মিপুনৰ জন্ম হয়।১

শিক্ষা

যতীন মিপুনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব (Sociology) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।২ 'মিচিং সমাজ আৰু সংস্কৃতিৰ পৰিৱৰ্তন আৰু প্ৰগতি’ শীৰ্ষক গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৮ চনৰ এপ্ৰিলত পি.এইচ.ডি. লাভ কৰিছিল।

কৰ্মজীৱন

ধেমাজি মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ প্ৰবক্তা হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰ পিছত ১৯৭৯ চনত ডিফুত প্ৰথম জিলা গৱেষক বিষয়া (District Research Officer) হিচাপে যোগদান কৰিছিল। ১৯৮০ চনত অসম প্ৰশাসনিক সেৱাত যোগদান কৰে আৰু ধুবুৰীত অতিৰিক্ত সহকাৰী আয়ুক্ত (Extra Assistant Commissioner) নিযুক্তি লাভ কৰিছিল।৩ তেওঁ ভাৰতীয় পুলিচ সেৱাত ১৯৮৩ চনত অসম-মেঘালয় কেডাৰত যোগদান কৰিছিল আৰু তেওঁ মিচিং জনগোষ্ঠীৰ পৰা প্ৰথম আছিল। ৩০ ছেপ্তেম্বৰ ১৯৯৭ চনত তেখেতে ৰাজ্যিক অগ্নি-নিৰ্বাপক বিভাগ (State Fire Service) সঞ্চালক হিচাপে যোগদান কৰিছিল। ২০০২ চনৰ ১৪ আগষ্টত আৰক্ষী মহাপৰিদৰ্শকলৈ (Inspector General of Police) পদোন্নতি হৈছিল।

সাহিত্য চৰ্চা

তেখেতে ১৯৬৮ চনৰ পৰাই বিভিন্ন আলোচনী আৰু বাতৰি কাকতত লিখা-মেলা কৰিছিল। 'মিক্‌চিজিলি' (Miksijili) শীৰ্ষক উপন্যাস খনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছিল।১২ এই উপন্যাসখন পৰৱৰ্তী সময়ত নাট্য ৰূপান্তৰণ কৰি দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল। তেওঁ 'বাৰ্তা পখিলী' নামৰ আলোচনীখনৰ মুখ্য সম্পাদক আছিল। ২০০৩ চনত India International Society-য়ে তেখেতক ভাৰত জ্যোতি বঁটা প্ৰদান কৰিছিল।৩

তেখেতে ৰচনা কৰা আন আন গ্ৰন্থ সমূহৰ নাম হৈছে:

  • কাংকনৰ পৃথিৱী
  • অসম দৰ্শন
  • মিপাক মাগ্ব
  • তানি আগম
  • জয়শ্ৰীৰ কথাৰে
  • লজ্জাৰ দেশত লাজ পাই আহিলোঁ
  • কাতি বিহুৰ ৰূপৰেখা
  • বাৰ্তা পখিলীৰ নিৰ্বাচিত গল্প
  • আটাই (অপ্ৰকাশিত)
  • দুপৰ নিশাৰ বাঁহীত (কবিতা সংকলন)
  • The Mishing of Assam,
  • Development of a new lifestyle(গৱেষণামূলক গ্ৰন্থ)

মৃত্যু

২০০৭ চনৰ ১০ জানুৱাৰীত যতীন মিপুনৰ গোৱাত মৃত্যু হয়।১ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু তিনি জন পুত্ৰক এৰি থৈ যায়। তেওঁৰ পত্নী নিলিমা মিপুনো এগৰাকী প্ৰশাসনিক বিষয়া।

তথ্যসূত্ৰ

  1. ↑ (15-01-2007). Jatin Mipun passes away
  2. ↑ The Mising(miris) of Assam development of a new lifestyle
  3. ↑ Jatin Mipun passes away (The Sentinel.16.01.2007)

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়ামিচিং জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যতিন মিপুন” প্ৰবন্ধৰ সংশোধন ৪১৩৩৩৪ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।