অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শৈলেন ভৰালী

শৈলেন ভৰালী (Sailen Bharali) একবিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক আৰু অধ্যাপক। উপন্যাস আৰু নাট্য সমালোচক ৰূপে তেওঁৰ বিশেষ পৰিচিতি আছে। অসমৰ অংকীয়া নাটকে ধৰি বিভিন্ন দেশী-বিদেশী নাটক সম্পৰ্কে তেওঁ ঐতিহাসিক সমালোচনা আগবঢ়াইছে।

হালনাগাদ: ২৩ মে’ ২০২৪ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শৈলেন ভৰালী (Sailen Bharali) একবিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক আৰু অধ্যাপক।১ উপন্যাস আৰু নাট্য সমালোচক ৰূপে তেওঁৰ বিশেষ পৰিচিতি আছে। অসমৰ অংকীয়া নাটকে ধৰি বিভিন্ন দেশী-বিদেশী নাটক সম্পৰ্কে তেওঁ ঐতিহাসিক সমালোচনা আগবঢ়াইছে। ‘গডোৰ প্ৰতীক্ষাত’ নাম দি ছেমুৱেল বেকেটৰ বিখ্যাত নাটক ৱেইটিং ফৰ গ’ড’ ৰ তেওঁ অসমীয়া ভাঙনি কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহুকেইখন সন্মিলনত ভৰালীয়ে অসমৰ হৈ যোগাদান কৰিছে।

সংক্ষিপ্ত জীৱনী

১৯৪২ চনৰ ১ জানুৱাৰী তাৰিখে, নলবাৰীৰ বৰবুকিয়া গাঁৱত ড° শৈলেন ভৰালীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল অভয় ৰাম ভৰালী আৰু মাক অৱলা চৌধুৰী ভৰালী। ১৯৬২ চনত ভৰালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়পৰা ইংৰাজীত স্নাতক আৰু ১৯৬৪ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ ১৯৭২ চনত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।২

ভৰালীৰ কৰ্মজীৱন আৰম্ভ হয় গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যাপক ৰূপে, ১৯৬৫ চনত। ১৯৬৯ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে। পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যলয়ৰ অসমীয়া বিভাগলৈ বদলি হয়। ১৯৮৪ চনত তেওঁ এই বিশ্ববিদ্যালয়ৰ ৰীডাৰৰ পদ অলংকৃত কৰে আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে। ১৯৯৩ চনত জৱাহৰলাল নেহৰু অধ্যাপক আছিল।২

১৯৭১ চনৰ এপ্ৰিল মাহত পাৰুল বুজৰবৰুৱাৰ সৈতে শৈলেন ভৰালী বিবাহপাশত আৱদ্ধ হয়। মৃগাংক আৰু হেমাংক তেওঁলোকৰ সন্তানদ্বয়।২

গ্ৰন্থপঞ্জী

  • ট্ৰেজিক আউটলুক ইন আচামিজ ড্ৰামা (১৯৮০, গৱেষণামূলক গ্ৰন্থ)
  • ঐতিহাসিক উপন্যাস (১৯৭৩)
  • সাহিত্যৰ কথা (১৯৭৩)
  • নাটক (১৯৭৩)
  • অসমীয়া লোক-নাট্য পৰম্পৰা (১৯৮৪)
  • উপন্যাস:বিচাৰ আৰু বিশ্লেষণ (১৯৮৬)
  • নাট্যকলা: দেশী আৰু বিদেশী (১৯৮৭)
  • আধুনিক ভাৰতীয় সাহিত্য (২০০২)
  • ট্ৰেজেডি বিচাৰ
  • নাটক আৰু অসমীয়া নাটক (১৯৯০)

তথ্যসূত্ৰ

  1. ↑ শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰণ্য ১০০. কথা. ISBN 81-89148-14-1
  2. ↑ Sailen Bharali. prabook.com/

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৈলেন ভৰালী” প্ৰবন্ধৰ সংশোধন ৪২১৫৩৬ (২৩ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।