মইনা গোস্বামী (Maina Goswami; জন্ম: ) হৈছে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু নাট্যকাৰ। সুলেখক মইনা গোস্বামী দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত। শিক্ষকতাৰ কালছোৱাত তেখেতে অৰ্জন কৰিছিল বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা আৰু উপলব্ধি। ১তেওঁ সচেতন সতীৰ্থ আৰু কঠীয়া আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত। কেইবাখনো নাটক, শিশুগ্ৰন্থকে ধৰি তেওঁৰ মুঠ প্ৰকাশিত গ্ৰন্থ চৈধ্যখন। সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ, গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ, মোক বন্ধু কৰি লোৱা, সূৰ্য এদিন সকলোৰে বাবে উদয় হ'ব আদি তেওঁৰ কেইখনমান গ্ৰন্থ। ২৩
সাহিত্যকৰ্ম
- মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ
- মই ভাল দেউতা হ'ব নোৱাৰিলোঁ
- সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ
- গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ
- মোক বন্ধু কৰি লোৱা
- সূৰ্য এদিন সকলোৰে বাবে উদয় হ'ব
তথ্যসূত্ৰ
- ↑ ঈশান. (৬ জুলাই,২০২১). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. you tube. কথাবৃক্ষ- Books, Movies and Thoughts
- ↑ মইনা গোস্বামী. (জানুৱাৰী,২০১৩). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. আঁক-বাঁক. ISBN 978-93-82726-16-6
- ↑ মইনা গোস্বামী. মই ভাল দেউতা হ'ব নোৱাৰিলোঁ. আঁক-বাঁক. ISBN 978-93-90610-18-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মইনা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩০২১২২ (৩০ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।