অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নয়নমণি

নয়নমণি (Nayanmoni) ৰাজেন্দ্ৰ চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত আৰু ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা সুপ্ৰভা দেৱীৰ। মূল চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামী আৰু বিদ্যা ৰাৱে। এইখনে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া ছবি।

হালনাগাদ: ১৮ আগষ্ট ২০২৩ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

নয়নমণি (Nayanmoni) ৰাজেন্দ্ৰ চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত আৰু ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন অসমৰ চলচ্চিত্ৰ। ছবিৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা সুপ্ৰভা দেৱীৰ। মূল চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামী আৰু বিদ্যা ৰাৱে। এইখনে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া ছবি।১ পৰিচালক সুপ্ৰভা দেৱীৰ স্বামী দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ অসমীয়া ছবিৰ এজন পৰিচালক আৰু বিতৰক আছিল। স্বামীৰ সৈতে বহুকেইখন অসমীয়া ছবিৰ প্ৰযোজনা কৰা দেৱীয়ে স্বামীৰ মৃত্যুৰ পিছত নয়নমণিৰ যোগে চলচ্চিত্ৰ পৰিচালনাৰ জগতত খোজ দিছিল।২৩

ছবিৰ চিত্ৰনাট্য ৰচক তথা সহযোগী পৰিচালক গুণসিন্ধু হাজৰিকাই এই ছবিৰ কামত ব্যস্ত হৈ থকা অৱস্থাতে কলকাতাত এক দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱাইছিল।১

কাহিনীৰ সাৰাংশ

পৰাগ আৰু অৰূপ দুই ভাই ককাই। পৰাগৰ পত্নী জীনু। অৰূপে ভাল পায় মইনা ওৰফে নয়নমণিক। মাকৰ সন্মতিত দুয়োৰো বিয়া হ’ল আৰু দাম্পত্য জীৱনৰ আৰম্ভণি কৰিলে। মৰম, স্নেহ, পৰিচৰ্যাৰে নয়নমণিয়ে শাহুৱেকক বুৰাই ৰাখিলে। কিন্তু জায়েক জীনুৰ নয়নমণিৰ এই সুখ সহ্য নহ’ল। শাহুৱেকৰ পৰা তাইক আঁতৰাই পঠিয়াবলৈ কূট-কৌশল ৰচনা কৰিলে। লাহেলাহে শাহুৱেকে তাইক বেয়া পোৱা হৈ আহিল আৰু এদিন তাই ঘৰ এৰি গিৰিয়েক আৰু সন্তান দুটি লৈ ভাড়াঘৰত থাকিবলৈ বাধ্য হ’ল।

সময় গৈ থাকে। অৰূপৰ মৃত্যু হয়। অকলশৰীয়া নয়নমণিয়ে অশেষ কষ্টৰে সন্তান দুটি তুলি-তালি ডাঙৰ দীঘল কৰে। অৱশেষত পৰাগ, জীনু আৰু শাহুৱেক অনুতপ্ত হয় আৰু সকলোৱে মাথোন নয়নমণিক বিচাৰিলে।১

অভিনয় শিল্পী

কলা-কুশলী

সঙ্গীত

ছবিৰ সঙ্গীত পৰিচালনা জীতু-তপনৰ। গীত গাইছে বলীউডৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী সুমন কল্যাণপুৰ আৰু ভূপিন্দৰে।৪১

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ৩১১ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 263
  2. ↑ (15-6-2011). Suprabha Devi passes away at 73 - First Assamese woman director, she won accolades over the years. www.telegraphindia.com/
  3. ↑ Debi Suprabha. Encyclopedia of Indian Cinema
  4. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 393

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়নমণি” প্ৰবন্ধৰ সংশোধন ৩৭৪৬৭১ (১৮ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।