অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাঞ্চনজংঘা (চলচ্চিত্ৰ)

কাঞ্চনজংঘা হ'ল ২০১৯ চনত মুক্তি পোৱা আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত নিৰ্মাণ কৰা এখন ৰোমাণ্টিক-একছনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত প্ৰযোজিত এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে জুবিন গাৰ্গে।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৬ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কাঞ্চনজংঘা হ'ল ২০১৯ চনত মুক্তি পোৱা আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত নিৰ্মাণ কৰা এখন ৰোমাণ্টিক-একছনধৰ্মী অসমৰ চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত প্ৰযোজিত এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে জুবিন গাৰ্গে।১

অভিনয়ত

  • অনিৰ্বাণ ভট্টাচাৰ্যৰ চৰিত্ৰত জুবিন গাৰ্গ
  • পাঞ্চনাৰ চৰিত্ৰত পিংকী শৰ্মা
  • পবিত্ৰৰ চৰিত্ৰত পবিত্ৰ ৰাভা
  • শশাংকৰ চৰিত্ৰত শশাংক সমীৰ
  • অনিৰ্বাণৰ মাতৃৰ চৰিত্ৰত ৰুণু দেৱী
  • অনিৰ্বাণৰ ভগ্নীৰ চৰিত্ৰত জেৰিনা বৰুৱা
  • প্ৰয়াসৰ চৰিত্ৰত প্ৰয়াস শৰ্মা তামুলী
  • ত্ৰিদীপ লাহন
  • ধৃতিমান ফুকন
  • অসম লোকসেৱা আয়োগৰ বিষয়াৰ চৰিত্ৰত অতনু ভূঞা

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে অন্যান্য শিল্পীয়ে। এলবামটিত মুঠ ৬টা গীত সন্নিবিষ্ট আছে। "কাঞ্চনজংঘা" শীৰ্ষক গানটোৰ কিছু অংশ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কাঞ্চনজংঘা কবিতাটোৰ আবৃত্তি আৰু কিছু অংশ গান হিচাপে সুৰ দিয়া হৈছে। মুক্তিৰ পাছৰে পৰা গোটেইকেইটা গানেই দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kanchanjangha New Assamese Movie by Zubeen Garg. boxofficeassam.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰজুবিন গাৰ্গ অভিনিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঞ্চনজংঘা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৪৬৫৩ (৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।