বনানী (Banani) হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ।১ বোলছবিখনৰ কাহিনী পৰিৱেশ সুৰক্ষা সম্পৰ্কত আৰু ই পৰিৱেশ সম্পৰ্কীয় শ্ৰেষ্ঠ বোলছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
কাহিনী
জনজাতীয় লোকসকলৰ হৈ এজন বন বিষয়াই অবৈধ কাঠ ব্যৱসায়ী আৰু ঠিকাদাৰৰ সন্মুখত বাধা হিচাপে ঠিয় দিয়ে। তেওঁৰ এনে কাৰ্যকলাপৰ ফলত তেওঁৰ কৰ্মস্থান সঘনে বদলি হ'বলৈ ধৰে। তেওঁৰ পত্নীয়ে তেওঁৰ ৰুগীয়া সন্তানক চোৱা-চিতা কৰিবলৈ এঠাইত স্থায়ীভাৱে সংস্থাপন হ'ব বিচাৰে। কালক্ৰমত তেৱোঁ তেওঁৰ স্বামীৰ পক্ষত এই যুঁজত অৱতীৰ্ণ হয়। ১
অভিনয়ত
- বিষ্ণু খাৰঘৰীয়া
- মৃদুলা বৰুৱা
- সুশীল গোস্বামী
- গোলাপ দত্ত
- লক্ষ্মী সিনহা
- মুনিন শৰ্মা
- জ্যোতি ভট্টাচাৰ্য
- শশাংক শেব ফুকন
পুৰস্কাৰ
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – পৰিৱেশ সম্পৰ্কীয় শ্ৰেষ্ঠ বোলছবি
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Banani – 1986 – Assamese film. Chaosmag
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনানী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮৩৪৯ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।