ৰিম্পী দাস (Rimpi Das) অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেওঁ ভাৰতীয় হিন্দী টেলিভিছন জগতৰ ধাৰবাহিকত বৰ্তমান যথেষ্ট ব্যষ্ট হৈ আছে। তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলাই ২০০৪ চনত অশোক কুমাৰ বিষয়াৰ পৰিচালিত মনত বিৰিণাৰ জুইৰ জৰিয়তে। তেওঁ বহু কেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে যাৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অজেয় আৰু মন যায় (চলচ্চিত্ৰ) ও আছে। ইয়াৰোপৰি তেওঁ জনপ্ৰিয় অসমীয়া ভি.চি.ডি. ছবি উৰণীয়া মন, ফাগুণী, জোনাকী মন আদিতো অভিনয় কৰিছে।
২০১০ চনত ৰিম্পী দাসে কহিনুৰ থিয়েটাৰৰ জৰিয়তে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত প্ৰৱেশ কৰে। তেওঁৰ হিন্দী টেলিভিছনৰ প্ৰথম ধাৰবাহিক হৈছে বিগ মেজিকৰ জনপ্ৰিয় ধাৰবাহিক আকবৰ বীৰবল, য'ত তেখেতে আনাৰকলিৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল আৰু তেওঁৰ সহ শিল্পী সকল আছিল- কিকু শাৰ্দা, বিশাল কটিয়ান আৰু ডিলনাজ ইৰাণী। ইয়াৰোপৰি তেওঁ সেই চেনেলৰে হাজিৰ জাৱাব বীৰবল ধাৰবাহিকখনত নুৰ জাহানৰ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰে সহ শিল্পী সৌৰভ ৰাজ জৈন, গৌৰব খান্না, আশিস শৰ্মা আৰু মাদিৰাক্ষী মুণ্ডলেৰ সৈতে।
তেওঁ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰবাহিক চিয়া কে ৰামত পাৰ্বতীৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰে।১২৩ বৰ্তমান তেওঁ কালাৰ্ছ ৰ ধাৰবাহিক, মহাকালি– অন্থ হি আৰম্ভ হেত দেৱী গংগাৰ চৰিত্ৰটি ৰূপায়ণ কৰি আছে।
চলচ্চিত্ৰপঞ্জী
| Key | মুক্তিৰ অপেক্ষাত থকা |
| চন | চলচ্চিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|
| ২০০৪ | মনত বিৰিণাৰ জুই | অশোক কুমাৰ বিষয়া | প্ৰথম চলচ্চিত্ৰ |
| ২০০৬ | অধিনায়ক (চলচ্চিত্ৰ) | যতীন বৰা | |
| ২০০৬ | আমি অসমীয়া | ৰাজীৱ ভট্টাচাৰ্য্য | |
| ২০০৮ | মন যায় (চলচ্চিত্ৰ) | এম মনিৰাম | |
| ২০১০ | অচিন চিনাকি | মুন্না আহমেদ | |
| ২০১১ | পলে পলে উৰে মন | তিমথী দাস হাঞ্চে | |
| ২০১৩ | কৰমা কে ৰাতি | জয়ন্ত নাথ | ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ |
| ২০১৪ | অজেয় | জাহ্নু বৰুৱা | |
| ২০১৬ | গানে কি আনে | ৰাজেশ যশপাল | |
| প্ৰযোজনা স্তৰত | অৱতৰন | তৰুণাভ দত্ত |
দূৰদৰ্শন
| চন | ধাৰবাহিক | চৰিত্ৰ | প্ৰচাৰিত চেনেল |
|---|---|---|---|
| ২০১৫ | আকবৰ বীৰবল | আনাৰকলি | বিগ মেজিক |
| ২০১৫ | হাজিৰ জাৱাব বীৰবল | নুৰ জাহান | বিগ মেজিক |
| ২০১৫ | চিয়া কে ৰাম | পাৰ্বতী | ষ্টাৰ প্লাছ |
| ২০১৭ | মহাকালি– অন্থ হি আৰম্ভ হে | দেৱী গংগা | কালাৰ্ছ |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিম্পী দাস” প্ৰবন্ধৰ সংশোধন ৩৯৫৭৭৫ (৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।