মুনমী ফুকন (ইংৰাজী ভাষা: Moonmi Phukan) অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, ছুটি ছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে৷
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|
| ২০১১ | ৰামধেনু | মুনিন বৰুৱা | অতিথি শিল্পী |
| ২০১২ | ৰ’দ্ | গৌতম বৰুৱা | |
| ২০১৬ | দূৰদৰ্শন এটি যন্ত্ৰ (২০১৬) | ৰাজেশ ভূঞাঁ | |
| ২০১৭ | তুমি আহিবানে (২০১৭) | প্ৰেৰণা বৰবৰুৱা | |
| লংকা কান্দ | |||
| দাদাগিৰি | |||
| ইমন |
ভ্ৰাম্যমাণ থিয়েটাৰ
অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত মুনমীয়ে অভিনয় কৰিছে। সেইবোৰৰ ভিতৰত হেঙুল থিয়েটাৰ আৰু থিয়েটাৰ সূৰ্য্য উল্লেখযোগ্য।
অসমীয়া ভিচিডিত মুনমী ফুকন
- জানমণি (২০১১)
- চানেকী
টিভি ছিৰিয়েল
চলচ্চিত্ৰ আৰু ভিচিডি ত অভিনয় কৰাৰ বাদেও মুনমী ফুকনে টিভি ধাৰাবাহিকটো অভিনয় কৰি আহিছে, তাৰে মাজৰ জনপ্ৰিয় ছিৰিয়েল হ’ল:-
- অনুৰাধা , ৰং (দূৰদৰ্শন কেন্দ্ৰ) যোগে সম্প্ৰচাৰিত।
- তুমি দুচকুত কাজল ল’লে, ৰং (দূৰদৰ্শন কেন্দ্ৰ) যোগে সম্প্ৰচাৰিত১।
- বিনদাছ, ৰং (দূৰদৰ্শন কেন্দ্ৰ) যোগে সম্প্ৰচাৰিত।
- দুটি মনৰ জোনাক (ৰং) চৰিত্ৰ - কস্তূৰী
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনমী ফুকন” প্ৰবন্ধৰ সংশোধন ৫১৪২৯৩ (২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।