অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আঙুৰলতা ডেকা

আঙুৰলতা ডেকা (ইংৰাজী: Angoorlata Deka) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে৷ ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

আঙুৰলতা ডেকা (ইংৰাজী ভাষা: Angoorlata Deka) অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে৷ ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা হয়।১

প্ৰাৰম্ভিক জীৱন

আঙুৰলতাৰ জন্ম হয় নলবাৰীত।২ ২০০৬ চনত আমি অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগত খনত খোজ পেলায়। বৰ্তমানলৈ আঙুৰলতাই কেইবা খনো চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে কেইবাখনো ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিছে।

সামাজিক জীৱন

আঙুৰলতা ডেকাই ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বটদ্ৰৱা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিধানসভালৈ নিৰ্বাচিত হয়। ২০২১ চনত পুনৰ একে সমষ্টিৰ পৰা অৱতীৰ্ণ হয় যদিও শিৱামণি বৰাৰ হাতত পৰাস্ত হয়।৩৪৫৬৭ ২০২৫ চনত তেওঁ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে কাৰ্যকালৰ আৰম্ভণি কৰে।৮৯১০১১১২

অভিনীত চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰপৰিচালক
২০০৬আমি অসমীয়াৰাজীৱ ভট্টাচাৰ্য
২০০৭জোনদা ইমান গুণ্ডাচন্দ্ৰ মুদৈ
২০১২বাঁকৰ পুতেকচন্দ্ৰ মুদৈ
২০১৩সূৰ্যাস্তপ্ৰদ্যুৎ কুমাৰ ডেকা
২০১৪হিয়া দিবা কাকৰাজীৱ বৰা
২০১৪জীয়া জুৰিৰ সুবাসসঞ্জীৱ সভাপণ্ডিত

তথ্যসূত্ৰ

  1. ↑ ANGOORLATA DEKA (Winner) BATADROBA (NAGAON). myneta.info
  2. ↑ Ahmed, Hussain. (2016-05-22). 10 Facts You Need to Know About Angoorlata. Magical Assam
  3. ↑ Ac:Assam 2016 - IndiaVotes. IndiaVotes
  4. ↑ Angoorlata Deka(Bharatiya Janata Party(BJP)) - Assam 2016 - MyNeta. MyNeta
  5. ↑ Batadroba, Assam Assembly election result 2021 - India Today. India Today
  6. ↑ Batadroba Election 2021 - Moneycontrol. Moneycontrol
  7. ↑ Batadroba Assembly Election Results 2021 - Oneindia. Oneindia
  8. ↑ (5 August 2025). Assam Government Appointed Angoorlata Deka as ASCW Chairperson. The Sentinel Assam. The Sentinel
  9. ↑ (5 August 2025). Angoorlata Deka appointed Assam State Commission for Women chairperson. The Hindu
  10. ↑ (5 August 2025). Angoorlata Deka to head Assam State Commission for Women. The Indian Express
  11. ↑ (5 August 2025). Angoorlata Deka appointed chairperson of Assam Women Commission. News18
  12. ↑ (5 August 2025). Angoorlata Deka is new chief of Assam State Commission for Women. The Times of India

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঙুৰলতা ডেকা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৫৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।